মোৰ নাম ছাৱাৰকাৰ নহয়, মই ক্ষমা নুখুজোঃ ৰাহুল গান্ধী

Story by  atv | Posted by  [email protected] • 1 Years ago
 ৰাহুল গান্ধী
ৰাহুল গান্ধী
 
নতুন দিল্লী

সংসদৰ পৰা অযোগ্য ঘোষণা কৰাৰ এদিন পিছতে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাহুলৰ শেহতীয়াকৈ ভাষণবোৰত শংকিত হৈছে আৰু এই ভাষণবোৰক লৈ তেওঁ কেতিয়াও কাৰো ওচৰত ক্ষমা নিবিচাৰে বুলি কংগ্ৰেছৰ নেতাজনে স্পষ্ট কৰি দিয়ে। লণ্ডনৰ ভাষণ আৰু মোদী উপাধিক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবেও তেওঁ ক্ষমা নিবিচাৰে বুলি উল্লেখ কৰি ৰাহুলে বীৰ ছাৱাৰকাৰৰ প্ৰসংগ উত্থাপন কৰে। 
 
"সংসদত মই দিবলগীয়া পৰৱৰ্তী ভাষণক লৈ প্ৰধানমন্ত্ৰী ভয় খাই আছে, সেয়ে মোক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হৈছে। মই তেওঁৰ চকুত ভয় দেখিছো। সেইবাবে মই সংসদত কথা কোৱাটো তেওঁলোকে নিবিচাৰে।"-কংগ্ৰেছ নেতাগৰাকীয়ে কয়। ইফালে, বিজেপিৰ ক্ষমা বিচৰাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ কয়, "মোৰ নাম ছাৱৰকাৰ নহয়। মই গান্ধী। মই ক্ষমা নুখুজো।"
 
তেওঁ দেশৰ ঘৰুৱা কাম-কাজত আন্তঃৰাষ্ট্ৰীয় শক্তিৰ হস্তক্ষেপ বিচৰা বুলি বিজেপিয়ে উত্থাপন কৰা অভিযোগো অস্বীকাৰ কৰে। লণ্ডনত কৰা মন্তব্যক লৈ উত্থাপিত অভিযোগৰ উত্তৰ সদনৰ মজিয়াত দিবলৈ তেওঁ অধ্যক্ষক আবেদন জনাইছিল বুলিও ৰাহুল গান্ধীয়ে কয়।
"বিজেপি নেতাসকলে দাবী কৰিছিল যে মই ভাৰত বিৰোধী শক্তিক সহায় কৰিছো। মই অধ্যক্ষক কৈছিলো যে এই অভিযোগৰ প্ৰতি সঁহাৰি জনোৱাটো মোৰ অধিকাৰ। কিন্তু তেওঁ মোক অনুমতি নিদিলে। মোৰ মাত্ৰ এটা প্ৰচেষ্টা আছে আৰু সেয়া হ'ল সত্যৰ বাবে যুঁজ দিয়া আৰু এই দেশৰ গণতান্ত্ৰিক স্বৰূপ ৰক্ষা কৰা। মোক আজীৱন সংসদৰ পৰা বাহিৰ কৰক বা মোক আজীৱন কাৰাগাৰত ভৰাই থওক, তথাপি মই আগবাঢ়ি যাম।"
 
উল্লেখ্য যে, ৰাহুলে মোডী উপাধিক লৈ কৰা বিতৰ্কিত মন্তব্যৰে অন্যান্য পিছপৰা সম্প্ৰদায়ক (অ’বিচি) অপমান কৰিছিল বুলি বিজেপিয়ে অভিযোগ কৰিছে।
 
কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয়, "কেৱল তেওঁকে নহয়, সমগ্ৰ দেশতে বিজেপিৰ ৬ জনকে ধৰি ৩২ জন নেতাক এতিয়ালৈকে অযোগ্য ঘোষণা কৰা হৈছে। কংগ্ৰেছে এই বিষয়টোক লৈ কৰ্ণাটকত নিৰ্বাচনী লাভৰ বাবে ৰাহুল গান্ধীক ভুক্তভোগী হিচাপে প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰিছে।"
 
মনকৰিবলগীয়া যে, কংগ্ৰেছৰ আগশাৰীৰ নেতা ৰাহুল গান্ধীক বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ এখন আদালতে মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰে। তেওঁক দুবছৰৰ কাৰাদণ্ড বিহা হয় আৰু ফলস্বৰূপে পিছদিনা তেওঁক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হয়। এই ৰায়ৰ বিৰুদ্ধে তেওঁ এতিয়াও উচ্চ ন্যায়ালয়ত আপীল কৰা নাই।
 
২০১৯ চনৰ নিৰ্বাচনী সভাত গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক অপৰাধী বুলি কোৱা অভিযোগৰ পৰাই এই বিতৰ্কৰ সৃষ্টি হৈছিল। কৰ্ণাটকৰ কোলাৰত তেওঁ কৈছিল যে দেশৰ সকলো চোৰৰ উপাধি কেনেকৈ মোডী হৈছে। ইয়াৰ ফলত তেওঁৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত একাধিক মানহানিৰ গোচৰ ৰুজু হৈছিল।