দেশজুৰি ২৪ ঘণ্টাৰ কৰ্মবিৰতি ঘোষণা আই এম এৰ চিকিৎসকৰ

Story by  atv | Posted by  [email protected] • 10 Months ago
দেশজুৰি ২৪ ঘণ্টাৰ কৰ্মবিৰতি ঘোষণা আই এম এৰ চিকিৎসকৰ
দেশজুৰি ২৪ ঘণ্টাৰ কৰ্মবিৰতি ঘোষণা আই এম এৰ চিকিৎসকৰ
 
গুৱাহাটী
 
কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ প্ৰতিবাদত দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি ঘোষণা। এইবাৰ কৰ্মবিৰতিৰ সিদ্ধান্ত ল’লে দেশৰ ভিতৰতে চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে (IMA)।
 
শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ দেশজুৰি কৰ্মবিৰতি বা ‘Withdrawal of services’ ঘোষণা কৰিলে আইএমএ-ই। সংগঠনৰ ফালৰ পৰা জনোৱা হৈছে যে আপাতকালীন সেৱাৰ বাদে এই ২৪ ঘণ্টাত আন সকলো সেৱা প্ৰদানৰ পৰা বিৰত থাকিব চিকিৎসকসকল। নিয়মীয়া অ’পিডি আৰু নিৰ্বাচিত অস্ত্ৰোপচাৰৰ কাম কৰা নহ’ব। বুধবাৰে নিশা আৰ জি কৰ হাস্পতালত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে।
 
আৰ জি কৰৰ ঘটনাত বিগত শনিবাৰৰ পৰা দেশজুৰি প্ৰতিবাদ-আন্দোলনত নামিছে বিভিন্ন চৰকাৰী হাস্পতালৰ কনিষ্ঠ চিকিৎসকসকল। আৰ জি কৰত চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ সুবিচাৰৰ দাবীত দেশৰ বিভিন্ন ৰাজ্যত সৰৱ হৈ পৰিছে চিকিৎসকসকল। বুধবাৰে আৰ জি কৰ হাস্পতালত নিহত মহিলা চিকিৎসকৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিবলৈ দিল্লীৰ পৰা পশ্চিম বংগত উপস্থিত হয় কেন্দ্ৰীয় চিকিৎসক সংগঠন আইএমএ-ৰ সভাপতি আৰ ভি অশোকান আৰু সৰ্বভাৰতীয় সম্পাদক।
 
আনহাতে, আৰ জি কৰৰ ঘটনাৰ প্ৰতিবাদত নামিছে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলো। আজি যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে কৰ্মবিৰতি ঘোষণা কৰে। শুকুৰবাৰে সম্পূৰ্ণ দিনটো কৰ্মবিতৰিত ঘোষণা কৰিছে বিশ্ববিদ্যালয় শিক্ষক সমিতিয়ে।
 
উল্লেখযোগ্য যে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ OPDৰ চিকিৎসা সেৱা কনিষ্ঠ চিকিৎসকসকলে অনিৰ্দিষ্ট কালকৈ বৰ্জন কৰিছে। কেৱল জ্যেষ্ঠ চিকিৎসকসকলে চিকিৎসা সেৱা প্ৰদান কৰিব। দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত প্ৰতিবাদ চলিব বুলি হুংকাৰ কনিষ্ঠ চিকিৎসকসকলৰ।