গুৱাহাটী
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে বুধবাৰে অৰ্থাৎ ৯ ছেপ্টেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীত থকা ছিকিম অতিথিশালাৰ উলম্বভাৱে সম্প্ৰসাৰিত আৰু নৱীকৰণ কৰা ভৱনটো উদ্বোধন কৰে। প্ৰায় ৮ কোটি টকা ব্যয়েৰে অতিথিশালাটো আধুনিক ৰূপত উন্নীত কৰা হৈছে।
নৱীকৰণ কৰা অতিথিশালাটোত মুঠ ২০টা কোঠা আছে। ইয়াৰ ভিতৰত দুটা ভিআইপি ছুইট আছে। ইয়াৰ উপৰি পাঁচটা ফ্লেট ইউনিটৰে গঠিত এটা কোৱাৰ্টাৰ ব্লক আৰু দুটা ডৰ্মিটৰীৰ ব্যৱস্থাও কৰা হৈছে। অতিথিশালাটোত এয়াৰ কণ্ডিচনাৰ, টেলিভিছন আৰু উন্নতমানৰ আচবাবকে ধৰি বিভিন্ন আধুনিক সুবিধা সংযোজন কৰা হৈছে।
শিক্ষা, চৰকাৰী কাম-কাজ, চিকিৎসা আৰু ব্যক্তিগত প্ৰয়োজনত গুৱাহাটীলৈ অহা ছিকিম চৰকাৰৰ বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, ৰোগীৰ পৰিয়ালৰ সদস্য আৰু অন্যান্য লোকৰ বাবে অতিথিশালাটো ‘ঘৰৰ পৰা আঁতৰত আন এখন ঘৰ’ হিচাপে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে উন্নীত কৰা হৈছে।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী তামাঙে নৱীকৃত অতিথিশালাটো ছিকিমবাসীৰ নামত উৎসৰ্গা কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰিছে। তেওঁ বিষয়া-কৰ্মচাৰী আৰু অতিথিসকলক অতিথিশালাটোক নিজৰ সম্পত্তি হিচাপে গণ্য কৰি ইয়াৰ সঠিক যত্ন ল’বলৈ আহ্বান জনায়।
তেওঁ অতিথিশালাটোত প্ৰামাণিক ছিকিমী খাদ্য পৰিৱেশনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে, ইয়াৰ জৰিয়তে অসমত থকা ছিকিমৰ লোকসকলে ঘৰৰ খাদ্যৰ সোৱাদ লাভ কৰাৰ লগতে আন ৰাজ্যৰ লোকসকলেও ছিকিমৰ পৰম্পৰাগত খাদ্যৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাব।
তামাঙে কয় যে, গুৱাহাটীৰ মূল ছিকিম অতিথিশালাটো তেওঁৰ পূৰ্বৰ কাৰ্যকালত, ২০০৪ চনৰ পৰা ২০০৯ চনলৈ বিল্ডিং আৰু হাউছিং মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ সময়তে পৰিকল্পনা আৰু নিৰ্মাণ কৰা হৈছিল। ২০১১ চনত অতিথিশালাটো উদ্বোধন কৰা হৈছিল।
তেওঁ কয় যে, ২০১৯ চনত তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত অতিথিশালাটোত থকাৰ বাবে চাহিদা যথেষ্ট বৃদ্ধি পায়। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে ভৱনটোৰ উলম্ব সম্প্ৰসাৰণৰ লগতে ব্যাপক নৱীকৰণৰ কাম হাতত লয়।
অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত অধ্যয়ন কৰি থকা ছিকিমী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মত-বিনিময় কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক এখন ছাত্ৰ সংগঠন গঠন কৰিবলৈ উৎসাহিত কৰে। লগতে অতিথিশালাটোত নৱাগত আদৰণি অনুষ্ঠান আৰু বিদায় সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিব পাৰি বুলি পৰামৰ্শ দিয়ে। ইয়াৰ ফলত ব্যক্তিগত স্থান ভাড়া কৰাৰ ক্ষেত্ৰত হোৱা অতিৰিক্ত খৰচো ৰাহি হ’ব বুলি তেওঁ উল্লেখ কৰে।
জৰুৰীকালীন পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশাসনিক সহায় আগবঢ়োৱাৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰী তামাঙে। তেওঁ আশা প্ৰকাশ কৰে যে, নৱীকৃত অতিথিশালাটোৱে ছিকিম আৰু অসমৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্ব, সহযোগিতা আৰু পাৰস্পৰিক উন্নয়নৰ সম্পৰ্কক অধিক শক্তিশালী কৰাত সহায় কৰিব।
অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়েও অতিথিশালাটোৰ উদ্বোধনক আদৰণি জনাই কয় যে, নৱীকৃত অতিথিশালাটো উত্তৰ-পূৰ্বাঞ্চলৰ দুয়োখন ৰাজ্যৰ মাজত থকা দীৰ্ঘদিনীয়া সহযোগিতা আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ এক উজ্জ্বল প্ৰতিফলন।