ভাৰতঃ বিশ্ব কূটনীতিৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
শংকৰ কুমাৰ
 
আজিৰ বিশ্বত ভাৰতৰ গুৰুত্ব কিদৰে বৃদ্ধি পাইছে, তাৰ এক শক্তিশালী ছবি বৰ্তমানৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপটে দাঙি ধৰিছে। এই বছৰ ভাৰতে ব্ৰিকছ (BRICS) সন্মিলনৰ লগতে কেইবাখনো উচ্চস্তৰীয় আন্তঃৰাষ্ট্ৰীয় বৈঠকৰ আয়োজন কৰিছে। বিশেষকৈ যোৱা ২৬ জানুৱাৰীত ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত ইউৰোপীয় কমিছনৰ অধ্যক্ষ উৰ্ছুলা ভন ডেৰ লিয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কোষ্টাৰ দৰে বিশ্বনেতাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। 
 
জাৰ্মান চেঞ্চেলৰ ফ্ৰাইডৰিচ মেৰ্জেও শেহতীয়াকৈ ভাৰত ভ্ৰমণ কৰি ১৯খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰাৰ লগতে আঠটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ইফালে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিও অতি সোনকালে ভাৰত ভ্ৰমণলৈ আহিব পাৰে বুলি খবৰ ওলাইছে। এই ঘটনাবোৰে প্ৰমাণ কৰে যে ভাৰত কেৱল বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিয়েই নহয়, বৰঞ্চ বিশ্বৰ যিকোনো জটিল সংকটৰ সময়ত; য’ত অনিশ্চয়তা তথা বিশৃংখলতা বিদ্যমান; তেনে পৰিস্থিতিৰ মাজত এক নিৰ্ভৰযোগ্য বিশ্বনেতা হিচাপে আত্মপ্ৰকাশ কৰিছে।
মধ্য-প্ৰাচ্যৰ সংকট আৰু ভাৰতৰ ভূমিকাঃ
 
ইৰানৰ বৰ্তমানৰ অস্থিৰ পৰিৱেশৰ মাজত সেই দেশৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাঘছীয়ে যোৱা সপ্তাহত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে আলোচনা কৰাটো এক তাৎপৰ্যপূৰ্ণ ঘটনা। ১৯৭৯ চনৰ বিপ্লৱৰ পিছত ইৰানে বৰ্তমান আটাইতকৈ কঠিন সময় পাৰ কৰিছে। ইৰানৰ সৈতে ঘনিষ্ঠ সীমা নথকা সত্ত্বেও ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত বৰ্তমান অতি কঠিন সময়ৰ মাজেৰে পাৰ কৰা মধ্য-প্ৰাচ্যৰ দেশখনৰ সৈতে ভাৰতৰ উষ্ম আৰু সু-সম্পৰ্ক আছে। বিশ্লেষকসকলে কয় যে, ইৰানত শেহতীয়াকৈ গণ বিক্ষোভৰ ঢৌ ২০১৯ আৰু ২০২২ চনত সংঘটিত হোৱা বিক্ষোভতকৈ অধিক বৃহৎ আৰু ব্যাপক। 
 
ইৰানৰ বিৰুদ্ধে সম্ভাৱ্য ব্যৱস্থা গ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সংকেতৰ বাবে আমেৰিকান সৈন্যই অপেক্ষা কৰি থকাৰ সময়ত তেহৰান আৰু তেল আভিভৰ মাজত উত্তেজনা লাঘৱ হোৱাৰ কোনো লক্ষণ পৰিস্ফূট হোৱা নাই। এনে সময়তে ইৰানৰ বৈদেশিক মন্ত্ৰীয়ে জয়শংকৰক  টেলিফোনযোগে কৰা আহ্বানক ভাৰতৰ কূটনৈতিক শক্তি আৰু মধ্যপ্ৰাচ্য অঞ্চলত বৃদ্ধি পাই অহা অনিশ্চয়তাৰ মাজত ভাৰতক গঠনমূলকভাৱে জড়িত হোৱা শক্তি হিচাপে দেখিবলৈ পোৱা গৈছে।
 
একেদৰে ১৯ জানুৱাৰীত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণকো এক গুৰুত্বপূৰ্ণ কৌশলগত খোজ হিচাপে দেখা গৈছে। যেতিয়া পশ্চিম এছিয়াত আমেৰিকান সৈন্যৰ প্ৰত্যাহ্বান আৰু ইৰানৰ সংকট তীব্ৰতৰ হৈছে, তেনে সময়ত ভাৰতৰ মধ্যস্থতাকাৰী বা সন্তুলিত ভূমিকাৰ প্ৰাসংগিকতা সকলোৱে অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ইউ এ ইৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিছিল আৰু এই ঘটনা এনে এক সময়ত হৈছিল যি সময়ত পশ্চিম ইৰাকৰ আইন আল আছাদ বিমান ঘাটিৰ পৰা আমেৰিকাৰ সৈন্য সম্পূৰ্ণৰূপে আঁতৰি গৈছিল। ইৰানৰ প্ৰচলিত পৰিস্থিতিৰ বাবে অঞ্চলটোৰ পৰিৱেশ অস্থিৰ হৈ পৰে।
 
ভূ-ৰাজনৈতিক প্ৰত্যাহ্বান নেওচি ভাৰতৰ খোজ
 
ভাৰতে বাৰে বাৰে উল্লেখ কৰি আহিছে যে যিকোনো সংঘাত বা উত্তেজনাৰ স্থায়ী সমাধানৰ বাবে আলোচনা আৰু কূটনীতি হৈছে আটাইতকৈ ফলপ্ৰসূ আহিলা। এই নীতিয়ে ভাৰতৰ সামগ্ৰিক বৈদেশিক নীতিৰ মূল হিচাপে কাম কৰি আহিছে। তথাপি শেহতীয়া বছৰবোৰত যিটো বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছে সেয়া হৈছে আঞ্চলিক আৰু বিশ্ব - দুয়োটা ক্ষেত্ৰতে ভাৰতৰ কণ্ঠৰ ক্ৰমাৎ বৃদ্ধি পোৱা বিশ্বাসযোগ্যতা।
 
ইউৰোপীয় ইউনিয়নৰ দেশসমূহৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে হোৱা মত বিনিময়
 
জাপানৰ বৈদেশিক মন্ত্ৰী তোছিমিৎছু মতেগীৰ এক বিবৃতিত এই ধাৰণাটি স্পষ্টৰূপত প্ৰতিফলিত হৈছে। ১৫ জানুৱাৰীত টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত তেওঁৰ প্ৰবন্ধত তেওঁ কয় যে, “ভাৰত ইয়াৰ শক্তিশালী অৰ্থনৈতিক বিকাশৰদ্বাৰা এক বিশ্বশক্তি হিচাপে নিজৰ উপস্থিতি শক্তিশালী কৰি তুলিছে।”
 
যোৱা সপ্তাহত ভাৰতে দক্ষিণ আফ্ৰিকা, ৰাছিয়া, চীন আৰু ইৰানকে ধৰি কেইবাখনো ব্ৰিকছৰ সদস্যৰ সৈতে নৌসেনাৰ যৌথ অনুশীলনত যোগদান কৰিবলৈ অস্বীকাৰ কৰে। দক্ষিণ আফ্ৰিকাৰ উপকূলৰ পৰা আৰম্ভ হোৱা এই সপ্তাহজোৰা নৌসেনাৰ অনুশীলন আছিল এই ধৰণৰ প্ৰথম। ভাৰতে যৌথ নৌসেনাৰ অনুশীলন এৰি দিয়াৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে কয় যে, “এয়া ব্ৰিকছৰ নিয়মীয়া বা প্ৰতিষ্ঠানিক কাৰ্যকলাপ নাছিল আৰু ব্ৰিকছৰ সকলো সদস্যই ইয়াত অংশগ্ৰহণ কৰা নাছিল।”
 
আজিৰ খণ্ডিত বিশ্বত ভাৰতে অতি সতৰ্কতাৰে নিজৰ স্বাৰ্থ ৰক্ষা কৰিছে। উদাহৰণস্বৰূপে, যোৱা সপ্তাহত দক্ষিণ আফ্ৰিকাৰ উপকূলত ৰাছিয়া, চীন আৰু ইৰানৰ নৌসেনাই চলোৱা যুটীয়া অনুশীলনত ভাৰতে অংশ লোৱা নাছিল। ভাৰতে স্পষ্ট কৰি দিয়ে যে, এই অনুশীলন ব্ৰিকছৰ কোনো আনুষ্ঠানিক কাৰ্যসূচী নাছিল। আচলতে ভাৰতে আমেৰিকা বিৰোধী কোনো গোটত নিজকে অন্তৰ্ভুক্ত কৰিব নিবিচাৰে, যদিও নিজৰ স্বতন্ত্ৰতা সদায় অটুট ৰাখে। ইয়াৰ পূৰ্বে ভাৰতে ব্ৰিকছৰ ভিতৰত ডলাৰৰ বিনিময় হাৰ হ্ৰাস কৰাৰ দাবী প্ৰত্যাহাৰ কৰিছিল।  
 
একেদৰে ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াক লৈ গঠিত কোৱাডক যাতে একচেটিয়াভাৱে চীন বিৰোধী সামৰিক মিত্ৰতা হিচাপে দেখিবলৈ পোৱা নাযায় তাৰ বাবে নতুন দিল্লীয়ে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। কিন্তু বাস্তৱ এয়াই যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ বৃদ্ধি পোৱা আত্মবিশ্বাসক লৈ উদ্বেগ প্ৰকাশৰ ক্ষেত্ৰত কোনো প্ৰচেষ্টা বাদ দিয়া নাই। সংঘাতপূৰ্ণ পন্থা গ্ৰহণ কৰাতকৈ ভাৰতে শান্তি, আঞ্চলিক স্থিতিশীলতা আৰু সংযোগৰ অনুকূল এজেণ্ডাত গুৰুত্ব দিব বিচাৰে। 
 
প্ৰয়োজনৰ তাগিদাত কৌশলগত স্বায়ত্তশাসনঃ
 
উন্নয়নশীল অৰ্থনীতি হিচাপে কৌশলগত স্বায়ত্তশাসন বজাই ৰখাটো ভাৰতৰ বাবে অতি প্ৰয়োজনীয়। আচলতে, বৃহৎ শক্তিসমূহৰ মাজত প্ৰতিদ্বন্দ্বিতা তীব্ৰ হোৱাৰ লগতে ভূ-ৰাজনৈতিক বিভাজন গভীৰ হোৱাৰ পৰিপ্ৰেক্ষিতত, নতুন দিল্লীয়ে সদায়েই ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ত স্বাধীনভাৱে সিদ্ধান্ত লোৱাৰ নিজৰ সক্ষমতাৰ পৰা বিচ্যুত হোৱাটো এৰাই চলিছে।
 
আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% পৰ্যন্ত শুল্ক আৰোপ কৰিছে, এয়া বিশ্বৰ কোনো এখন দেশৰ ওপৰত এতিয়ালৈকে আৰোপ কৰা সৰ্বাধিক শুল্ক। এয়া নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰখা আৰু ভাৰতত আমেৰিকাৰ সামগ্ৰীৰ বজাৰ প্ৰৱেশক লৈ আমেৰিকাৰ সৈতে হোৱা বিবাদৰ লগত সম্পৰ্কিত। ভাৰতীয় সামগ্ৰী আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰিলে ৫০০% শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাই। ইয়াৰ পিছতো ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা বন্ধ কৰা নাই বা আমেৰিকাৰ সামগ্ৰী বিশেষকৈ দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ বাবে বজাৰ মুকলি কৰা নাই। কোনো হেঁচাৰ ওচৰত নতি স্বীকাৰ নকৰি ভাৰতে নিজৰ অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত ৰাখিছে।
কিন্তু তাতোকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে যিহেতু আমেৰিকাই উচ্চ শুল্ক আৰোপ কৰি ভাৰতীয় সামগ্ৰীৰ বাবে নিজৰ বজাৰ ফলপ্ৰসূভাৱে বন্ধ কৰি দিছে, সেয়েহে নতুন দিল্লীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানিৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এনে পৰিপ্ৰেক্ষিতত চীনৰ সৈতে ভাৰতৰ উন্নত সম্পৰ্কই অৰ্থনৈতিক ক্ষেত্ৰত স্পষ্ট ফল দিছে। বেইজিং আজি নতুন দিল্লীৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৫ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত চীনৰ সৈতে ভাৰতৰ ব্যৱসায় আছিল ১১০.২০ বিলিয়ন ডলাৰ, যিটো আমেৰিকাৰ সৈতে হোৱা ব্যৱসায়তকৈ অধিক।
 
ইউৰোপৰ সৈতে ভাৰতৰ বৃদ্ধি পোৱা সম্পৰ্কতো এই কথা দেখা যায়। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত ভাৰতৰ নিৰপেক্ষ স্থিতিয়ে যদিও ইউৰোপক অস্বস্তিত পেলাইছে, তথাপি নতুন দিল্লীৰ সৈতে কূটনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক সম্প্ৰসাৰণৰ বাটত বাধাৰ সৃষ্টি হোৱা নাই। ইয়াৰ বিপৰীতে ভাৰত আৰু ইউৰোপৰ মাজত বৰ্ধিত সম্পৰ্কই তেওঁলোকক পাৰ্থক্যসমূহ ভালদৰে পৰিচালনা কৰাত আৰু ইজনে সিজনৰ কৌশলগত বাধ্যবাধকতাৰ বিষয়ে অধিক বুজাবুজি লাভ কৰাত সহায় কৰিছে। উল্লেখ্য যে, নতুন দিল্লীত ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্ছুলা ভন ডেৰ লিয়েন। 
 
২৫-২৭ জানুৱাৰীলৈ ইউৰোপীয় ইউনিয়নৰ এই দুগৰাকী বিশিষ্ট নেতাৰ ভ্ৰমণৰ সময়ত ভাৰত আৰু ২৭খন দেশৰ ইউৰোপীয় সংঘই দীৰ্ঘদিনীয়া আলোচনাপন্থী 'মুক্ত বাণিজ্য চুক্তি' (FTA)ত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। বিশ্লেষকসকলৰ মতে, এই চুক্তি স্বাক্ষৰিত হ’লে দুয়োপক্ষৰ বাবে অৰ্থনৈতিক, কৌশলগত আৰু ভূ-ৰাজনৈতিক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হ’ব। তদুপৰি ই ভাৰত আৰু ইউৰোপীয় সংঘ দুয়ো পক্ষৰ একক বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ প্ৰৱণতা হ্ৰাস কৰাৰ লগতে যোগান শৃংখলাৰ স্থিতিস্থাপকতা শক্তিশালী কৰিব।
 
উপসংহাৰঃ
 
মুঠৰ ওপৰত ক’বলৈ গ’লে, বিশ্বৰ ধুমুহা সদৃশ পৰিৱেশৰ মাজত ভাৰত এতিয়া শান্তি আৰু স্থিৰতাৰ এক কেন্দ্ৰবিন্দু। ভাৰত আজি এনে এক শক্তি যিয়ে কেৱল নিজৰ স্বাৰ্থই ৰক্ষা কৰা নহয়, বৰঞ্চ বিশ্বৰ কূটনীতিৰ দিশ নিৰ্ণয় কৰাতো এক অপৰিহাৰ্য অংশীদাৰ হিচাপে থিয় দিছে।