নতুন দিল্লী
পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আন এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ওলাইছে ভাৰতে৷ দেশত শেহতীয়াকৈ গৃহীত ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ৰ অধীনত বৰ্তমান পলাতক ঘোষণা কৰা পাকিস্তানী সন্ত্ৰাসবাদী নেতা আৰু সদস্যৰ বিৰুদ্ধে গোচৰ চলাবলৈ ভাৰত চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।
বিশেষ চৰকাৰী অধিবক্তা উজ্জ্বল নিকামৰ মতে, ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকা ৬ জন পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক ঘোষণা জাৰি কৰা হৈছে।
৬ জন পলাতক পাকিস্তানী অভিযুক্তৰ বিৰুদ্ধে তেওঁলোকৰ অনুপস্থিতিত চলোৱা বিচাৰ প্ৰক্ৰিয়াত লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছাইদ আৰু জেকি-উৰ-ৰেহমান লখৱীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাও অন্তৰ্ভুক্ত হ’ব।
আদালতে তেওঁলোকৰ উপস্থিতি বিচাৰি নিৰ্দেশ জাৰি হোৱাৰ ৯০ দিনৰ পিছত তেওঁলোকৰ পুৰণি গোচৰ আৰু প্ৰমাণ দাখিল কৰিব বিচাৰ বিভাগে। বিএনএছএছৰ ৩৫৬ নং ধাৰাত উল্লেখ আছে যে, যদি অভিযুক্তই তিনি বছৰৰ ভিতৰত আদালতত হাজিৰ হ’ব নোৱাৰে, তেন্তে তেওঁলোকৰ অনুপস্থিতিৰ পিছতো ৰায়দানৰদ্বাৰা বিচাৰৰ চূড়ান্ত পৰ্যায়ত উপনীত হ’ব পাৰি।
মন কৰিবলগীয়া যে, অভিযুক্তসকল কাৰ্যবিধিত অনুপস্থিত নাথাকিলেও আদালতত অধিবক্তা নিযুক্তি দি নাইবা অন্যান্য বিধিগত প্ৰতিৰক্ষাৰ জৰিয়তে তেওঁলোকে সম্পূৰ্ণ আইনী প্ৰতিৰক্ষা লাভ কৰিব পাৰে।
অধিবক্তা নিকমে আঙুলিয়াই দিয়াৰ দৰে এই অভিযোগসমূহ নিৰ্ণায়ক প্ৰমাণৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, য’ত আমেৰিকাৰ ষড়যন্ত্ৰকাৰী ডেভিদ হেডলীৰ লগতে বন্দুকধাৰী আৰু আজমল কাছভৰ সাক্ষ্যও আছে৷ কাছভক ইতিমধ্যে ফাঁচী দিয়া হৈছে। পলাতক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাজহুৱা বিবৃতি প্ৰকাশৰ বাবে ইণ্টাৰপ’লৰ সৈতে কাম কৰি আছে ভাৰত চৰকাৰে, অতি শীঘ্ৰে বিবৃতি প্ৰকাশৰ সম্ভাৱনা আছে।
ভাৰতৰ স্বতন্ত্ৰ ন্যায়পালিকাৰ পৰা নিৰ্ণায়ক ৰায় লাভ কৰিলে পাকিস্তানৰ ওপৰত কূটনৈতিক হেঁচা বৃদ্ধি পোৱাত সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে৷ কিয়নো ভাৰতীয় কৰ্তৃপক্ষৰ মতে, পাকিস্তানে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক 'আশ্ৰয়' প্ৰদান কৰি আছে।