উত্তৰকাশীত ১৩০ জন লোকক উদ্ধাৰ ভাৰতীয় সেনা, আইটিবিপি, এছডিআৰএফ, এনডিআৰএফৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ডেৰাডুন (উত্তৰাখণ্ড)
 
শেহতীয়া ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ মূল্যায়ন কৰাৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী উত্তৰকাশীৰ যোছিয়াডা হেলিপেডত উপস্থিত হয়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সেনা, আইটিবিপি, এছডিআৰএফ, এনডিআৰএফ আৰু স্থানীয় বাসিন্দাক লৈ চলি থকা উদ্ধাৰ অভিযানৰ জৰীপ কৰে, য’ত ইতিমধ্যে ১৩০ জন লোকক উদ্ধাৰ কৰা হৈছে।
 
ক্ষতিগ্ৰস্ত পথ আৰু এখন দলঙৰ প্ৰত্যাহ্বানৰ মাজতো ডেৰাডুন দুৰ্যোগ অপাৰেচন ষ্টেচনে নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ২৪ ঘণ্টাই কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোদীৰ অবিৰত সমৰ্থন আৰু তদাৰকীৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ধামীয়ে। 
 
তেওঁ কয়, "ভাৰতীয় সেনা, আই টি বি পি, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু স্থানীয় লোককে ধৰি আমাৰ সকলো সংস্থাই উদ্ধাৰৰ কাম কৰি আছে। কালি ১৩০ জন লোকক উদ্ধাৰ কৰা হৈছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে। পথৰ ক্ষতিসাধন আৰু এখন দলঙৰ বাবে সেই স্থানলৈ যোৱাটো কঠিন হৈ পৰিছে। ডেৰাডুনৰ দুৰ্যোগ অপাৰেচন ষ্টেচনে সকলো ধৰণৰ সাহায্যৰ বাবে ২৪ ঘণ্টাই কাম কৰি আছে। আমি সকলোকে সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাইছো। প্ৰধানমন্ত্ৰী মোদীক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছো। আজিও উদ্ধাৰ অভিযানৰ সবিশেষ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে।" 
 
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "১০ ডি এছ পি, ৩ এছ পি আৰু প্ৰায় ১৬০ জন আৰক্ষী বিষয়াই উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। ভাৰতীয় সেনাৰ হেলিকপ্টাৰো সাজু হৈছে। বতৰ উন্নত হোৱাৰ লগে লগে হেলিকপ্টাৰসমূহ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হ'ব। খাদ্যৰ পেকেট, চিকিৎসকৰ এটা দল সাজু কৰা হৈছে। বিদ্যুৎ পুনৰুদ্ধাৰৰ কামো চলি আছে। বৰ্তমানলৈকে ধাৰালীত ম'বাইল নেটৱৰ্ক উপলব্ধ নহয়। বৰ্তমান ধৰালীত মোবাইল নেটৱৰ্ক উপলব্ধ নহয়। আমি ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছো। আমি সকলোকে নিৰাপদে উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাইছো।" 
 
ইফালে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষন্তেকীয়া বানপানী আৰু ভূমিস্খলনৰ উত্তৰকাশী-হৰচিল পথৰ কেইবাটাও অংশ বন্ধ  হৈ পৰে। যাৰফলত উদ্ধাৰ আৰু নিষ্কাশনৰ কাম পূৰ্ণগতিত চলি আছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ লগতে সংযোগ পুনৰুদ্ধাৰ কৰিবলৈ জেচিবিকে ধৰি গধুৰ যন্ত্ৰপাতি নিয়োগ কৰা হৈছে। ঘটনাস্থলীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলো মোতায়েন কৰা হৈছে।
 
ডাৱৰ বিস্ফোৰণৰ বাবে উত্তৰকাশী-হৰচিল পথৰ ভটৱাড়ীত থকা পথটো সম্পূৰ্ণৰূপে জাহ গৈছে। ৰাতিটোৰ ভিতৰতে হৰচিল অভিমুখী পথটো বন্ধ হৈ  পৰিছিল। ডাৱৰ বিস্ফোৰণে যথেষ্ট ক্ষতিসাধন কৰা স্থান ধৰালী স্থানৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত। মঙলবাৰে ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰকাশী জিলাত ক্ষন্তেকীয়া বানপানীয়ে ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু পথ বুৰাই পেলাইছিল। কেইবাজনো লোক নিৰুদ্দেশ হোৱাৰ আশংকা কৰা হৈছে।
 
উত্তৰাখণ্ডত দুটা ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়, এটা ধৰালী আৰু আনটো সুখী টপ অঞ্চলত। যাৰ ফলত ব্যাপক ধ্বংসলীলা সংঘটিত হয়। ক্ষয়-ক্ষতিৰ বোজা বহন কৰিছিল ধৰালীয়ে। অঞ্চলটোত বোকা খহনীয়া আৰু অধিক ক্ষন্তেকীয়া বানপানীৰ সন্মুখীন হ’বলগীয়া হয়। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সমগ্ৰ উত্তৰাখণ্ডত বিশেষকৈ পাহাৰীয়া জিলাসমূহত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয়। মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি কয় যে, "উত্তৰকাশীৰ ধৰালীত এই শোকাৱহ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। ইয়াৰ সমান্তৰালভাৱে সকলো ভুক্তভোগীৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছো। মুখ্যমন্ত্ৰী পুষ্কৰ ধামীৰ সৈতে কথা পাতি পৰিস্থিতিৰ বিষয়ে তথ্য আহৰণ কৰিছো।"
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সকলো প্ৰয়োজনীয় কেন্দ্ৰীয় সাহায্যৰ আশ্বাস দি এন ডি আৰ এফ আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি) দল মোতায়েনৰ নিৰ্দেশ দিয়ে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও সমৰ্থন আগবঢ়াই মুখ্যমন্ত্ৰী ধামীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে।