চন্দ্ৰৰ দক্ষিণ মেৰুত পৃষ্ঠৰ তলত বৰফৰ সন্ধান ইছৰোৰ

Story by  atv | Posted by  [email protected] • 9 h ago
চন্দ্ৰৰ দক্ষিণ মেৰুত পৃষ্ঠৰ তলত বৰফৰ সন্ধান ইছৰোৰ
চন্দ্ৰৰ দক্ষিণ মেৰুত পৃষ্ঠৰ তলত বৰফৰ সন্ধান ইছৰোৰ
 
নতুন দিল্লী
 
ভাৰতৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-২ এ চন্দ্ৰক লৈ এক ডাঙৰ বৈজ্ঞানিক আৱিষ্কাৰ কৰিছে । বিজ্ঞানীসকলে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত থকা কিছুমান গভীৰ ক্ৰেটাৰৰ (গহ্বৰ) তলত পানীৰ বৰফ থকাৰ শক্তিশালী সংকেত লাভ কৰিছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চন্দ্ৰযান-২ অৰ্বিটৰৰ পৰা প্ৰাপ্ত তথ্যৰ আধাৰত এই আৱিষ্কাৰ কৰা হৈছে ।
 
এই অধ্যয়ন আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীৰ বিজ্ঞানীসকলে কৰিছে । তেওঁলোকে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থিত সেইবোৰ ক্ৰেটাৰৰ অধ্যয়ন কৰিছিল, য’ত কেতিয়াও সূৰ্যৰ পোহৰ নপৰে । এই স্থানসমূহক পাৰ্মানেন্টলি শ্বেড’ড ৰিজন অৰ্থাৎ চিৰদিন ছাঁত থকা অঞ্চল বুলি কোৱা হয় । ইয়াত উষ্ণতা মাইনছ ২৪৮ ডিগ্ৰী চেলচিয়াছলৈকে হ্ৰাস পায়, যাৰ ফলত বৰফ দীৰ্ঘদিন ধৰি সুৰক্ষিত হৈ থাকিব পাৰে।
 
এই গৱেষণাত চন্দ্ৰযান-২ ৰ অৰ্বিটৰত সংলগ্ন হৈ থকা ডিউৱেল ফ্ৰিকুৱেন্সী চিন্থেটিক এপাৰচাৰ ৰাডাৰ ব্যৱহাৰ কৰা হৈছিল। এই বিশেষ ৰাডাৰখন চন্দ্ৰৰ পৃষ্ঠভাগ আৰু ইয়াৰ তলৰ স্তৰসমূহ অধ্যয়ন কৰিবলৈ সক্ষম। বিজ্ঞানীসকলে ৰাডাৰৰ পৰা পোৱা সংকেতসমূহ বিশ্লেষণ কৰি এনে চাৰিটা ক্ৰেটাৰ চিনাক্ত কৰিছে, য’ত পৃষ্ঠৰ তলত বৰফ থকাৰ সম্ভাৱনা আটাইতকৈ বেছি।
 
অধ্যয়নৰ সময়ত বিজ্ঞানীসকলে এক নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিছিল, যিয়ে ৰাডাৰৰ সংকেতসমূহ শিলৰ পৰা আহিছে নে বৰফৰ পৰা আহিছে, তাক ধৰা পেলোৱাত সহায় কৰিছিল । ইয়াৰ বাবে বৃত্তাকাৰ মেৰুকৰণ অনুপাত আৰু মেৰুকৰণৰ ডিগ্ৰী নামৰ দুটা পেৰামিটাৰ ব্যৱহাৰ কৰা হৈছিল।
 
বিজ্ঞানীসকলৰ মতে, ফষ্টিনি ক্ৰেটাৰৰ ভিতৰত থকা প্ৰায় ১.১ কিলোমিটাৰ বহল এটা সৰু ক্ৰেটাৰ আটাইতকৈ শক্তিশালী দাবীদাৰ হিচাপে প্ৰকাশ পাইছে। ইয়াত এনে কিছুমান সংকেত পোৱা গৈছে যিয়ে পৃষ্ঠৰ তলত বৰফ থকাৰ দিশ থিৰাং কৰে।
 
চন্দ্ৰত পানীৰ উপস্থিতি ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। বিজ্ঞানীসকলৰ মতে, এই পানী খোৱাৰ বাবে, অক্সিজেন প্ৰস্তুত কৰিবলৈ আৰু ৰকেটৰ ইন্ধন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যাব। ই ভৱিষ্যতে চন্দ্ৰত দীৰ্ঘম্যাদী মানৱ অভিযান চলোৱাত সহায় কৰিব।
 
শেহতীয়া বছৰবোৰত চন্দ্ৰৰ দক্ষিণ মেৰুটো বিশ্বজুৰি মহাকাশ অভিযানসমূহৰ বাবে এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ভাৰতৰ চন্দ্ৰযান-৩ অভিযানে ২০২৩ চনত এই অঞ্চলৰ ওচৰত সফল অৱতৰণ কৰি ইতিহাস ৰচনা কৰিছিল। এতিয়া চন্দ্ৰযান-২ ৰ এই আৱিষ্কাৰ চন্দ্ৰত পানীৰ উপস্থিতিক বুজি পোৱাৰ ক্ষেত্ৰত ভাৰতৰ এক ডাঙৰ বৈজ্ঞানিক সাফল্য হিচাপে বিবেচিত হৈছে।
 
মন কৰিবলগীয়া যে, ২০১৯ চনত চন্দ্ৰযান-২ ৰ লেণ্ডাৰখন যদিও সফলতাৰে অৱতৰণ কৰিব পৰা নাছিল, তথাপিও ইয়াৰ অৰ্বিটৰখনে আজিও কাম কৰি আছে আৰু ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ বৈজ্ঞানিক তথ্য প্ৰেৰণ কৰি আছে।