যোৰহাট আৰক্ষীয়ে অনিমেশ ভূঞা হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰিছে; ১৪ জন অভিযুক্ত

Story by  atv | Posted by   Imtiaz Ahmed • 3 Years ago
অনিমেশ ভূঞা
অনিমেশ ভূঞা
গুৱাহাটী
 
যোৰহাট আৰক্ষীয়ে সোমবাৰে অনিমেশ ভূঞা হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰিছে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত দুৰ্ঘটনাত মৃত্যু হোৱা মুখ্য অভিযুক্ত নীৰজ দাস ওৰফে কোলা ল'ৰাকে ধৰি ১৪ জন লোকক অভিযুক্ত কৰা হৈছে।
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছে। "প্ৰতিশ্ৰুতি অনুসৰি @jorhatpolice এ ৫০ দিনৰ ভিতৰত কুখ্যাত অনিমেষ ভূঞা আক্ৰমণ আৰু হত্যাকাণ্ডত ১৪ জন অভিযুক্তব্যক্তিৰ (এজন ৰ মৃত্যু হৈছে আৰু এজন শিশু) অভিযোগনামা দাখিল কৰিছে। আৰক্ষীক দ্ৰুত বিচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে," তেওঁ তেওঁৰ টুইটত লিখিছে।
২৯ নৱেম্বৰত, ৫০ জনৰো অধিক লোকৰ দলে যোৰহাটত তিনিজন যুৱকক আক্ৰমণ কৰিছিল য'ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতা অনিমেশ ভূঞাক নিৰ্মমভাৱে হত্যা কৰা হৈছিল।