কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ পদত্যাগ; নতুন মুখ্যমন্ত্ৰী হ'ব ডি কে শিৱকুমাৰ

Story by  atv | Posted by  [email protected] • 9 h ago
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ পদত্যাগ; নতুন মুখ্যমন্ত্ৰী হ'ব ডি কে শিৱকুমাৰ
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ পদত্যাগ; নতুন মুখ্যমন্ত্ৰী হ'ব ডি কে শিৱকুমাৰ
 
নতুন দিল্লী
 
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ কথা ঘোষণা সিদ্ধাৰামাইয়াৰ। দিল্লীত হাইকমাণ্ডৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই মন্ত্ৰীসকলৰ সৈতে এক চমু তথ্য ভাগ-বাটোৱাৰা কৰে। তাৰ পাছতেই তেওঁ পদত্যাগৰ কথা ঘোষণা কৰে ৷ বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে সিদ্ধাৰামাইয়াই। সূত্ৰৰ পৰা জানিব পৰা মতে, সিদ্ধাৰামাইয়াই মন্ত্ৰীসকলক তেওঁলোকৰ সৈতে হোৱা ব্ৰেকফাষ্ট মিটিঙৰ সময়ত এই বিষয়ে অৱগত কৰিছিল।
 
কংগ্ৰেছৰ ৰাজ্যিক প্ৰভাৰী ৰণদীপ সিং সুৰজেৱালাই এই সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি জোৰ দিয়াৰ এদিন পিছতে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই নিজৰ চৰকাৰী বাসগৃহত আজি কেবিনেট সতীৰ্থসকলৰ বাবে ব্ৰেকফাষ্ট মিটিং আয়োজন কৰে ৷ বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী তথা সিদ্ধাৰামাইয়াৰ সম্ভাব্য উত্তৰাধিকাৰী ডি কে শিৱকুমাৰ আৰু অন্যান্য কেবিনেট সতীৰ্থসকলে ব্ৰেকফাষ্ট সভাত অংশগ্ৰহণ কৰে।
 
বৈঠকৰ সময়ত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে সন্মান প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ ভৰি চুই সেৱা কৰা দেখা যায়। দুয়োগৰাকী নেতাই উষ্ম আলিংগন কৰাও দেখা যায়।
 
যোৱা বছৰ চৰকাৰে ডেৰ-দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছৰে পৰা কৰ্ণাটক কংগ্ৰেছত নেতৃত্ব পৰিৱৰ্তনক কেন্দ্ৰ কৰি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ৰাজ্যৰ কংগ্ৰেছ চৰকাৰে এতিয়া তিনি বছৰ সম্পূৰ্ণ কৰিলে।
 
ইফালে সিদ্ধাৰামাইয়াই পদত্যাগৰ সিদ্ধান্ত লোৱাৰ পাছতেই কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সমৰ্থকসকলে তেওঁৰ বাসগৃহৰ বাহিৰত একত্ৰিত হৈ মিঠাই বিতৰণ কৰে আৰু প্ৰাৰম্ভিক উদযাপন কৰি তেওঁৰ সমৰ্থনত শ্লোগান দিয়ে।
 
সমৰ্থকসকলে ডি কে শিৱকুমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে উপ-মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কামৰ ওপৰত আলোকপাত কৰে। এএনআইৰ সৈতে হোৱা কথা-বতৰাত এজন সমৰ্থকে উপ-মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰি আজি দিনটোক এটা “ভাল দিন” বুলি অভিহিত কৰে।
 
"ডি কে শিৱকুমাৰৰ লগতে কৰ্ণাটকৰ সকলো কংগ্ৰেছ নেতালৈ আন্তৰিক অভিনন্দন । এইটো এটা ভাল দিন । ডি কে শিৱকুমাৰ ১০০% মুখ্যমন্ত্ৰী" তেওঁ কয় ৷
 
আন এজন সমৰ্থকে কয় যে শিৱকুমাৰে “কংগ্ৰেছৰ বাবে নিজৰ জীৱনৰ বহু সময় দিছে”। মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা কৰি দলৰ হাইকমাণ্ডক আগতীয়াকৈ কৰ্তৃত্ব পৰিৱৰ্তনৰ বাবে অভিনন্দন জনায়।
 
‘‘আমাৰ বাবে এই দিনটো অতি গুৰুত্বপূৰ্ণ । ডি কে শিৱকুমাৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । তাৰ বাবে আমি উদযাপন কৰিছোঁ । ভগৱানৰ কৃপাত এয়া সম্ভৱ হৈছে। আজি কেইবাবছৰ ধৰি তেওঁ দলৰ হৈ কাম কৰি আহিছে । কংগ্ৰেছ দলৰ বাবে তেওঁ নিজৰ জীৱন দিছে । মানুহৰ চকু দুটাৰ এটা চকু ডি কে শিৱকুমাৰ, আৰু আনটো চকু সিদ্ধাৰামাইয়া । এই উদযাপন এসপ্তাহ ধৰি চলি থাকিব । হাইকমাণ্ড, ৰাহুল গান্ধী, ছোনিয়া গান্ধী জী আৰু লগতে প্ৰিয়ংকা জী, ৰণদীপ সুৰজেৱালা আৰু অভিষেক দত্ত, আৰু কে চি বেনুগোপালক অভিনন্দন জনাইছোঁ । এয়া ডি কে শিৱকুমাৰৰ জয়’’ সমৰ্থকগৰাকীয়ে কয়।