ইটানগৰত ভয়ংকৰ ভূমিস্খলন; ৪ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 2 h ago
ইটানগৰত ভয়ংকৰ ভূমিস্খলন; ৪ জনৰ মৃত্যু
ইটানগৰত ভয়ংকৰ ভূমিস্খলন; ৪ জনৰ মৃত্যু
 
গুৱাহাটী
 
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ইটানগৰত নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। সোমবাৰে বিয়লি ইটানগৰৰ নীতি বিহাৰ এলেকাত এক নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।
 
ইপিনে এই দুৰ্ঘটনাত দেৱাল খহি থিতাতে নিহত ৪ জন লোক।  লগতে গুৰুতৰভাৱে আহত আন ৩ জন লোক। এই ঘটনাৰ পাছতে আৰক্ষী আৰু SDRF বাহিনীৰ দলে লগে লগে আৰম্ভ কৰে উদ্ধাৰ অভিযান। ধ্বংসাৱশেষৰ তলৰ পৰা ৭ জন লোকক উদ্ধাৰ কৰে।
 
উল্লেখযোগ্য যে, এই ঘটনাৰ পাছতে প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে। ইটানগৰৰ জিলা প্ৰশাসনে উল্লেখ কৰি কয় যে, বৰষুণৰ বতৰত পাহাৰীয়া অঞ্চলসমূহত মাটিৰ স্থিৰতা হ্ৰাস পায়, যাৰ ফলত নিৰ্মাণ কাৰ্য চলোৱাটো বিপদজনক হৈ পৰে। বৰ্তমান বতৰৰ পৰিস্থিতি লক্ষ্য কৰি স্পৰ্শকাতৰ অঞ্চলসমূহত বসবাস কৰা লোকসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে।