হৰমুজ নিৰাপদে পাৰ হৈ শিৱালিকৰ পিছত ভাৰতত উপস্থিত হৈছে এল পি জি টেংকাৰ নন্দা দেৱী

Story by  atv | Posted by  [email protected] • 1 h ago
এল পি জি টেংকাৰ নন্দা দেৱী
এল পি জি টেংকাৰ নন্দা দেৱী
 
নতুন দিল্লী
 
হৰমুজ প্ৰণালীৰ মাজেৰে সোমবাৰে ভাৰতত উপস্থিত হোৱা শিৱালিকৰ পিছতে আন এক ভাল খবৰ প্ৰকাশ পাইছে। শিৱালিকৰ পিছতে হৰমুজ নিৰাপদে পাৰ হৈ ভাৰতত উপস্থিত হৈছে আন এখন এল পি জি টেংকাৰ নন্দা দেৱী। ৪৭ হাজাৰ মেট্ৰিক টনতকৈও অধিক তৰলীকৃত পেট্ৰলিয়াম গেছ কঢ়িয়াই ৱাদিনাৰ বন্দৰত উপস্থিত হৈছে নন্দা দেৱী। গুজৰাটৰ ৱাদিনাৰ বন্দৰত উপস্থিত হৈছে জাহাজখন। মধ্যপ্ৰাচ্যৰ গভীৰ সংকটৰ মাজতে এইখনেই হৈছে হৰমুজ প্ৰণালী অতিক্ৰম কৰা দ্বিতীয়খন ভাৰতীয় জাহাজ।
 
ইয়াৰ এদিন পূৰ্বে আন এখন এল পি জি টেংকাৰ শিৱালিকে ৪৬ হাজাৰ মেট্ৰিক টনৰো অধিক এল পি জি কঢ়িয়াই গুজৰাটৰ মুন্দ্ৰা বন্দৰত উপস্থিত হৈছিল। এই পৰিমাণ ভাৰতীয় পৰিয়ালত ব্যৱহৃত ১৪.২ কিলোগ্ৰামৰ প্ৰায় ৩২.৪ মিলিয়ন ঘৰুৱা চিলিণ্ডাৰৰ সমতুল্য আছিল। অনুমান কৰা হৈছে যে এই এখন জাহাজে ভাৰতৰ বাবে প্ৰায় এদিনৰ মুঠ এল পি জি আমদানিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব।
 
শনিবাৰে জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই উল্লেখ কৰে যে ক্ৰমে ১৬ মাৰ্চ আৰু ১৭ মাৰ্চত শিৱালিক আৰু নন্দা দেৱীৰ আগমনৰ সম্ভাৱনা আছে। সিনহাই কয়, “পাৰস্য উপসাগৰীয় অঞ্চলৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ আৰু যোৱা ২৪ ঘণ্টাত কোনো অশুভ কাণ্ডৰ খবৰ পোৱা নাই। পাৰস্য উপসাগৰত ২৪খন ভাৰতৰ পতাকা থকা জাহাজ আছিল। ইয়াৰে দুখন জাহাজ শিৱালিক আৰু নন্দা দেৱীয়ে নিৰাপদে পাৰ হৈ এতিয়া ভাৰত অভিমুখে ৰাওনা হৈছে।”