নতুন দিল্লী
মমতা বেনাৰ্জীৰ প্ৰতি দয়া-মমতা নোহোৱা হৈছে খোদ দলীয় একাংশ বিধায়কৰ। পশ্চিমবংগৰ ৰাজনীতিত জোকাৰণি সৃষ্টি কৰি নিযুক্তি দিয়া হ'ল নতুন সভাপতি। তৃণমূল কংগ্ৰেছৰ একাংশ বিধায়কে মমতা বেনাৰ্জীক দলৰ মুৰব্বী পদৰ পৰা আঁতৰাই জ্যেষ্ঠ বিধায়ক অৰূপ ৰায়ক নতুন সভাপতি হিচাপে ঘোষণা কৰিছে। ৰিতব্ৰত বেনাৰ্জীৰ নেতৃত্বত সোমবাৰে কলকাতাত এখন ব্যক্তিগত হোটেলত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত লোৱা হয়।
উল্লেখযোগ্য যে, বিসম্বাদী গোটটোৱে তেওঁলোকৰ দলটোকহে প্ৰকৃত তৃণমূল কংগ্ৰেছ বুলি দাবী কৰে। সোমবাৰে বিয়লি প্ৰায় ৪-০০ বজাত বিসম্বাদী বিধায়ক আৰু বিভিন্ন পৌৰসভাৰ কাউন্সিলাৰসকলে এক গোট হৈ "অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ বিশেষ অধিৱেশন" অনুষ্ঠিত কৰে।
এই বৈঠকত কলকাতা, বহৰমপুৰ, উত্তৰপাৰা, শ্ৰীৰামপুৰ আৰু দমদমৰ প্ৰায় ৪০ গৰাকী কাউন্সিলাৰে অংশগ্ৰহণ কৰে। এই বৈঠকৰ অন্তত ৪ গৰাকী উপ-সভাপতি আৰু ৪ গৰাকী সাধাৰণ সম্পাদকক লৈ এখন ৩০ জনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যকৰী সমিতি গঠন কৰে।
উল্লেখযোগ্য যে, সংবাদমেল সম্বোধন কৰি ৰিতব্ৰত বেনাৰ্জীয়ে কয়- আজিৰ বিশেষ অধিৱেশনত প্ৰতিনিধিসকলে ৰাষ্ট্ৰীয় কাৰ্যকৰী কমিটী নিৰ্বাচন কৰিছে। দলৰ অন্যতম জ্যেষ্ঠ নেতা অৰূপ ৰায়ক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে।
ইফালে এই জোকাৰণিৰ পাছতে মমতা বেনাৰ্জীৰ সন্দৰ্ভত নেতাগৰাকী কয়- আমি বিচাৰোঁ 'দিদি' আমাৰ মুখ্য উপদেষ্টা হওক। বেনাৰ্জীয়ে দাবী কৰে যে, তেওঁলোকে দলৰ নিয়ম আৰু সংবিধান অনুসৰিয়েই এই পদক্ষেপ লৈছে আৰু এই সন্দৰ্ভত নিৰ্বাচন আয়োগক অৱগত কৰিব। অতি সোনকালে তেওঁলোকে ৰাজ্যিক কমিটী, জিলা কমিটী আৰু মুখপাত্ৰও নিযুক্তি দিব।