শুকুৰবাৰে মন্ত্ৰীৰূপে শপত ল'ব ১২ জনে, তালিকা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  [email protected] • 4 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
অসমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সম্পূৰ্ণ ৩১ দিনৰ পাছত শুকুৰবাৰে সম্প্ৰসাৰণ হ'ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা৷ বিজেপি নেতৃত্বাধীন এন ডি এৰ অসমত এয়া তৃতীয়টো কাৰ্যকাল৷
 
হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত কোনে কোনে স্থান পাব তাকে লৈ বিগত প্ৰায় এটা মাহে ৰাজনৈতিক মহলত চলি থকা চৰ্চাৰ অন্তত বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে শুকুৰবাৰে সম্প্ৰসাৰণ কৰিবলগীয়া তেওঁৰ মন্ত্ৰীসভাখনত অন্তৰ্ভুক্ত হ'বলগীয়া সদস্যসকলৰ তালিকা৷
সেই অনুসৰি শুকুৰবাৰে মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিবলগীয়াসকল হ'ল ক্ৰমে ডাঃ ৰণোজ পেগু, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, পীযুষ হাজৰীকা, অশোক সিংহল, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, বিমল বড়া, সুশান্ত বৰগোঁহাই আৰু কেশৱ মহন্ত৷
 
শুকুৰবাৰে দুপৰীয়া ১২.৪৫ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হ'ব এই শপতগ্ৰহণ অনুষ্ঠান৷ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই এইসকল বিধায়কক মন্ত্ৰীৰূপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব৷
 
মন কৰিবলগীয়া যে দ্বিতীয়টো কাৰ্যকালৰ বাবে 'টীম হিমন্ত' ত স্থান লাভ কৰাসকলৰ ভিতৰত মুঠ চাৰিখন হৈছে নতুন মুখ৷ এইবাৰৰ মন্ত্ৰীসভাত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ বিষয়টোৰ প্ৰতিও বিশেষভাৱে নজৰ দিবলগীয়া হৈছে৷ ইয়াৰ উপৰিও নতুন মন্ত্ৰীসভাখনত যাতে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা প্ৰতিনিধিত্ব নিশ্চিত হয় সেই দিশটোৰ প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হৈছে৷ সেই অনুসৰি বৰাক উপত্যকাৰ পৰা কৌশিক ৰায় আৰু কৃষ্ণেন্দু পাল, চুতীয়া জনগোষ্ঠীৰ প্ৰতিনিধিৰূপে বিমল বড়া, কোচ-ৰাজবংশীৰ প্ৰতিনিধিৰূপে অশ্বিনী ৰায় সৰকাৰ, বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিৰূপে বিশ্বজিৎ দৈমাৰী, আহোমৰ প্ৰতিনিধিৰূপে সুশান্ত বৰগোঁহাই, মিচিং জনগোষ্ঠীৰ প্ৰতিনিধিৰূপে ডাঃ ৰণোজ পেগুক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে।
 
শুকুৰবাৰে শপত ল'বলগীয়া এই ১২ গৰাকী আৰু পূৰ্বতে অন্তৰ্ভুক্ত হোৱা চাৰিগৰাকী মন্ত্ৰীক সামৰি এতিয়া ডঃ শৰ্মাৰ মন্ত্ৰীসভাখন ১৬ জনীয়া হ'ল। সাংবিধানিক বিধি অনুসৰি মুখ্যমন্ত্ৰীসহ অসমৰ মন্ত্ৰীসভাখন ১৯ জনীয়াতকৈ ডাঙৰ হ'ব নোৱাৰিব৷ অৰ্থাৎ মন্ত্ৰীসভাত এতিয়াও খালী হৈ থাকিল দুখনকৈ আসন৷