গুৱাহাটীত 'মিছন লাইফ'ৰ সজগতা অভিযান

Story by  atv | Posted by  Munni Begum • 11 Months ago
'মিছন লাইফ'ৰ সজগতা অভিযান
'মিছন লাইফ'ৰ সজগতা অভিযান
 
গুৱাহাটী
 
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ে গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডল  আৰু অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু পাৰিজাত একাডেমীৰ সৈতে মিলি “মিছন লাইফ: পৰিৱেশৰ বাবে জীৱনশৈলী”ৰ অধীনত গুৱাহাটীত দুটা সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে পৰিচ্ছন্নতা অভিযান চলাইছে। 
 
অসমৰ ৰামছাৰ ক্ষেত্ৰ দীপৰ বিলৰ সমীপত ২৭ মে'ত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক কাৰ্যালয় অতিৰিক্ত মুখ্য পৰিৱেশ অভিযন্তা, এইছ আই, গকুল চি ভূঞা, আৰণ্যকৰ প্ৰতিনিধি বৰ্গ, গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়াসকল আৰু পাৰিজাত একাডেমীৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে। 
 
গুৱাহাটীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে প্ৰায় ৯০০ হেক্টৰ এলেকা ব্যাপি থকা দীপৰ বিলক ব্ৰহ্মপুত্ৰ নদী উপত্যকাৰ আটাইতকৈ  বৃহত জলাশয় পৰিৱেশতন্ত্ৰ বুলি গণ্য কৰা হয়। জলাশয়টো মূলতঃ কালমনি আৰু বশিষ্ঠ নদীৰ পানীৰে পৰিপূৰ্ণ হয় আৰু এই পানীয়ে কঢ়িয়াই অনা পলস আৰু পুষকদ্ৰব্যই বিলখনৰ জৈৱ বৈচিত্ৰ্যক সমৃদ্ধ কৰে। 
 
আৱাসী চৰাইবোৰক এক উৎকৃষ্ট বাসস্থান আৰু বাহ সজাৰ স্থান দিয়া বিলখনে শীতকালত আগমন ঘটা বৈচিত্ৰ্যময় পৰিভ্ৰমী পক্ষীকূলক আশ্ৰয় দিয়ে।  বিলখন এটা গুৰুত্বপূৰ্ণ হস্তী দণ্ডি আৰু আশে পাশে বাস কৰা স্থানীয় জনগোষ্ঠীসমূহৰ জীৱিকাৰ উৎস। অনুষ্ঠানত অভিযন্তা গকুল চি ভূঞাই ড্ৰিপ জলসিঞ্চনৰ দৰে বহনক্ষম পদ্ধতি অৱলম্বনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু পানী সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে মন্তব্য কৰিছে। অলপতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু গুৱাহাটী পৌৰ নিগমৰ (জি এম চি) যৌথ অভিযানে কেনেকৈ প্ৰায় ১০ টন এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক জব্দ কৰাত সহায় কৰিছিল সেই বিষয়েও তেওঁ উল্লেখ কৰিছে।
 
আৰণ্যকৰ জ্যেষ্ঠ জি আই এছ বিশ্লেষক মধুমিতা বৰঠাকুৰে এনে প্ৰসাৰিত কাৰ্যসূচী আয়োজন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে। কাৰ্যসূচীত উপস্থিত সকলো অংশগ্ৰহণকাৰীয়ে “মিছন লাইফ”ৰ শপত গ্ৰহণ কৰে। ইয়াৰ পিছতে দীপৰ বিলৰ নিৰীক্ষণ টাৱাৰৰ আশে-পাশে চলোৱা পৰিচ্ছন্নতা অভিযানত চাৰি বস্তা প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ কৰা হয়। এই আৱৰ্জনাবোৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে উপযুক্তভাৱে নিষ্কাশন কৰিব। 
 
২৯ তাৰিখে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ খানাপাৰা ৰেঞ্জৰ দহ মাইলত আয়োজন কৰা এই কাৰ্যসূচীৰ দ্বিতীয়টো অনুষ্ঠানত আদৰ্শ হিন্দী বিদ্যাপীঠ হাইস্কুলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী, স্থানীয় যুৱক-যুৱতী আৰু অন্যান্য স্থানীয় জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ মাজত সংৰক্ষিত অঞ্চলৰ চাৰিওফালে বহনক্ষম আৰু সুষম জীৱনশৈলীৰ অভ্যাস কৰাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়।  
 
অভিযন্তা ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ মহেন্দ্ৰ লাল দেৱ, খানাপাৰা ৰেঞ্জৰ বন বিষয়াসকল আৰু আৰণ্যকৰ অভিষেক সৰকাৰ উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰী, স্থানীয় লোক, বন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আৰণ্যকৰ বিষয়ববীয়াসকলে খানাপাৰা ৰেঞ্জ আৰু ইয়াৰ আশে-পাশে পৰিচ্ছন্নতা অভিযান চলায়।