বিগত ২৪ ঘণ্টাত আন ১০ জনৰ প্ৰাণহানি, মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি; ফোনযোগে বান পৰিস্থিতিৰ বুজ ল'লে গৃহমন্ত্ৰী অমিত শ্বাহে

Story by  atv | Posted by  [email protected] • 13 h ago
বিগত ২৪ ঘণ্টাত আন ১০ জনৰ প্ৰাণহানি, মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি
বিগত ২৪ ঘণ্টাত আন ১০ জনৰ প্ৰাণহানি, মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি
 
গুৱাহাটী
 
অধিক সংকটজনক হৈ পৰিছে অসমৰ বান পৰিস্থিতি। চৰকাৰী তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত বানপানীৰ ফলত আন ১০ জন লোকৰ মৃত্যু হোৱাৰ লগে লগে বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান ৰাজ্যখনৰ ১১ খন জিলাৰ ৬ লাখ ৪০ হাজাৰৰো অধিক লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে বুলি চৰকাৰীসূত্ৰই প্ৰকাশ কৰা হৈছে।
 
শেহতীয়া চৰকাৰী তথ্য অনুসৰি, নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিৱসাগৰ জিলাৰ তিনিজন, যোৰহাটৰ তিনিজন, চৰাইদেউৰ দুজন, ধেমাজিৰ এজন আৰু কাৰ্বি আংলং জিলাৰ এজন লোক আছে। বৰ্তমান কাৰ্বি আংলং, গোলাঘাট, চৰাইদেউ, কামৰূপ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ধেমাজি, হোজাই, কামৰূপ (মহানগৰ) আৰু শিৱসাগৰ জিলা বানৰ কবলত পৰিছে। এই ১১ খন জিলাৰ ৪০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৯৩৯ খন গাঁৱৰ ৬,৪০,১২৯ জন লোক বানৰ ফলত দুৰ্দশাত ভুগিছে।
 
প্ৰাকৃতিক এই দুৰ্যোগে ৰাজ্যৰ কৃষিখণ্ডতো বিস্তৰ ক্ষতিসাধন কৰিছে। চৰকাৰী সূত্ৰৰ মতে, বৰ্তমানলৈকে ২৪,৮৯৭.২৭ হেক্টৰ কৃষিভূমি বানত ডুব গৈ আছে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে কামৰূপ, দৰং, কামৰূপ (মহানগৰ) আৰু ডিব্ৰুগড়ত চহৰীয়া বা কৃত্ৰিম বানে জনজীৱন ব্যাহত কৰিছে। চহৰীয়া বানৰ ফলত ৬ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৬ টা অঞ্চল বা পৌৰ ৱাৰ্ডৰ ৯৫৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত কামৰূপ (মহানগৰ) জিলাৰ ১১ টা, কামৰূপৰ দুটা, ডিব্ৰুগড়ৰ দুটা আৰু দৰং জিলাৰ এটা অঞ্চল আছে।
 
ইফালে, অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। টেলিফোনযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বান পৰিস্থিতিৰ বুজ ল’লে অমিত শ্বাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনালে এই কথা।
 
সামাজিক মাধ্যমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘‘কিছু সময় পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয়। অসমত উদ্ভৱ হোৱা অভূতপূৰ্ব বান পৰিস্থিতিৰ প্ৰেক্ষাপটত তেখেতে জনাইছে যে ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ্নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায় সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শীঘ্ৰে এক কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ প্রতিনিধি দল অসমত আহি উপস্থিত হ'ব। ডাৱৰ বিস্ফোৰণৰ ফলত উজনিত সংঘটিত আকস্মিক বানে আমাৰ বহু লোকৰ জীৱন আৰু জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে। এই কঠিন সময়ত অসমৰ জনসাধাৰণৰ কাষত দৃঢ়ভাৱে থিয় দিয়াৰ বাবে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’’


শেহতীয়া খবৰ