জম্মু
সোমবাৰে জম্মু উন্নয়ন কৰ্তৃপক্ষই জম্মু চহৰৰ উপকণ্ঠ অঞ্চলত প্ৰয়োজনীয় অনুমোদন অবিহনে নিৰ্মাণ কৰা ১৫টাতকৈও অধিক অট্টালিকা ভাঙি বৃহৎ অঞ্চল বেদখলমুক্ত কৰাৰ অভিযান চলাই বুলি বিষয়াসকলে জনাইছে।
তেওঁলোকে কয় যে, আইনী প্ৰক্ৰিয়া অনুসৰি নিয়ম উলংঘাকাৰীক জাননী দিয়া হৈছিল, আৰু নিয়মসমূহ মানি চলিবলৈ যথেষ্ট সময় দিয়া হৈছিল।
এগৰাকী চৰকাৰী মুখপাত্ৰই কয় যে, "আজি এক বৃহৎ কাৰ্যসূচীত জে ডি এয়ে অবৈধ নিৰ্মাণ ৰোধৰ বাবে ৰিং ৰোড কৰিড'ৰৰ কাষেৰে এক বৃহৎ অঞ্চলত নিৰ্মিত অট্টালিকা ভাঙি পেলোৱাৰ অভিযান আৰম্ভ কৰে।"
তেওঁ কয় যে, এই অভিযানৰ সময়ত যোগ্য কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় নিৰ্মাণ অনুমতি নোলোৱাকৈ নিৰ্মাণ কৰা ১৫টাতকৈও অধিক অট্টালিকা ভাঙি পেলোৱা হয়। এই অট্টালিকাসমূহে অনুমোদিত ভূমি ব্যৱহাৰৰ নিয়ম আৰু বিল্ডিং আইন স্পষ্টভাৱে উলংঘা কৰিছিল।
বিষয়াসকলৰ মতে, প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে, এই অবৈধ নিৰ্মাণসমূহৰ বহুখিনিয়ে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।
তেওঁ কয়, "এই অট্টালিকাসমূহৰ বহুতেই হয় গাঁথনিগতভাৱে দুৰ্বল আছিল নহয় মূল স্থান দখল কৰিছিল, যিয়ে জীৱন আৰু সম্পত্তিৰ বাবে বিশেষকৈ চাৰিওফালৰ আৱাসিক আৰু বাণিজ্যিক অঞ্চলত যথেষ্ট ভাবুকি কঢ়িয়াই আনিছিল।"
স্থানীয় প্ৰশাসন আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সহায়ত জে ডি এৰ বলৱৎকাৰী শাখাই এই ভাঙি পেলোৱা অভিযান চলাই কোনো ধৰণৰ অপ্ৰিতীকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিছে।
পৰিকল্পিত উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি জে ডি এয়ে জনসাধাৰণক আহ্বান জনায় যে, যিকোনো নিৰ্মাণ আৰম্ভ কৰাৰ পূৰ্বে বিল্ডিং নিয়ম মানি চলি প্ৰয়োজনীয় অনুমতি ল’ব লাগে।
জে ডি এৰ এগৰাকী মুখপাত্ৰই কয় যে, “অবৈধ নিৰ্মাণে কেৱল আইন উলংঘা কৰাই নহয়, জনসাধাৰণৰ সুৰক্ষাও বিপদত পেলায় আৰু চহৰসমূহৰ শৃংখলাবদ্ধ উন্নয়নত বাধাৰ সৃষ্টি কৰে। ভৱিষ্যতেও এনে অভিযান অব্যাহত থাকিব।"
একাংশ লোকে অভিযোগ কৰে যে, আৰ্থিক লাভৰ বাবে প্ৰলোভিত হৈ জে ডি এৰ বিষয়াসকলে বিগত দুবছৰত অবৈধ নিৰ্মাণ কাৰ্য্য আগবঢ়াই নিবলৈ দিছিল। তেওঁলোকে দাবী কৰে যে, এনে বিষয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰ বিধানসভাক জনাইছিল যে, জে ডি এৰ ১৬ হাজাৰতকৈ অধিক কানাল (১ বৰ্গ কিলোমিটাৰ = ১,৯৭৬.৮৪ কানাল) মাটি অবৈধ দখলৰ অধীনত আছে।