নাৰায়ণ মূৰ্তিয়ে প্ৰতিদিনে পুৱা ৬.২০ বজাত ইনফ’ছিছৰ কাৰ্যালয়ত উপস্থিত হৈছিল

Story by  atv | Posted by  [email protected] • 2 Years ago
ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি
ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি
নতুন দিল্লী

বিশ্বৰ আগশাৰীৰ ছফটৱেৰ প্ৰতিষ্ঠান ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিয়ে সময়ৰ মূল্য আৰু ইয়াৰ গুৰুত্বক ইমানেই গভীৰভাৱে বিশ্বাস কৰে যে তেওঁ বছৰ বছৰ ধৰি প্ৰতিদিনে পুৱা ৬.২০ বজাত নিজৰ কাৰ্যালয়ত উপস্থিত হৈ নিশা ৮ বা ৯ বজালৈকে কাম কৰিছিল।
 
৭৬ বছৰীয়া মূৰ্তিয়ে Moneycontrol নামৰ এক সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে তেওঁ ইনফ’ছিছ নিৰ্মাণৰ বাবে যথেষ্ট সময় ব্যয় কৰিছিল, যাৰ ফলত তেওঁ দুই সন্তানৰ সৈতে মানসম্পন্ন সময় পৰা কৰিব পৰা নাছিল। সাক্ষাৎকাৰ লোৱাজনে যেতিয়া নাৰায়ণ মূৰ্তিক সুধিছিল যে তেওঁ কেনেকৈ ইনফ’ছিছ কেম্পাছত পুৱা ৭ বজাত উপস্থিত হৈছিল, তেতিয়া তেওঁ লাহেকৈ শুধৰাই দিছিল যে তেওঁ ৭ বজা নহয়, ৬.২০ বজাতে কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। তেওঁ কয় যে পুৱাই ইনফ’ছিছৰ কাৰ্যালয়ত উপস্থিত হোৱাটো তেওঁ ২০১১ চনত অৱসৰ লোৱালৈকে নিয়মীয়াকৈ অনুসৰণ কৰিছিল।
 
পুত্ৰ ৰোহন আৰু বোৱাৰী অপৰ্ণাৰ সৈতে পিতৃ নাৰায়ণ মূৰ্তি আৰু মাতৃ সুধা মূৰ্তি (ফাইল ফটো)
 
মূৰ্তিয়ে উল্লেখ কৰে যে তেওঁৰ নিয়মানুৱৰ্তিতাই কাৰ্যালয়ৰ যুৱক-যুৱতীসকলক সময়মতে কাৰ্যালয়লৈ অহাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছিল। সাক্ষাৎকাৰৰ সময়ত তেওঁ এইটোও স্বীকাৰ কৰে যে ইনফ’ছিছ নিৰ্মাণৰ বাবে তেওঁক যথেষ্ট ত্যাগৰ প্ৰয়োজন হৈছিল, আৰু ইয়াৰ বাবে তেওঁ দুটা সন্তানক ৰোহন আৰু অক্ষতাক পৰ্যাপ্ত সময় দিব পৰা নাছিল।
তেওঁলোকৰ সন্তানক সযতনেৰে ডাঙৰ-দীঘল কৰাৰ বাবে নাৰায়ণ মূৰ্তিয়ে ৪৪ বছৰীয়া পত্নী সুধা মূৰ্তিক কৃতিত্ব দিয়ে। “মই ভাবো উদ্যোগীকৰণ হৈছে সাহস আৰু ত্যাগৰ কথা। ইনফ’ছিছক প্ৰতিষ্ঠিত কৰিবলৈ মইও যথেষ্ট ত্যাগ কৰিবলগীয়া হৈছিল। ইয়াৰ ফল ভূগিছিল আমাৰ সন্তান, অক্ষতা আৰু ৰোহনে। বাস্তৱ কথাটো হ’ল মই তেওঁলোকৰ লগত কোনো সময় কটাব পৰা নাছিলো। তেওঁলোকক সুধাই সম্পূৰ্ণৰূপে চোৱা-চিতা কৰিছিল। তেওঁলোকৰ সকলো প্ৰমাণপত্ৰ, সকলো সাফল্য, পি এইচ ডি, ষ্টেনফৰ্ডৰ শিক্ষা, সকলো মোৰ পত্নীৰ বাবেই সম্ভৱ হৈছে।”
উল্লেখ্য যে, নাৰায়ণ মূৰ্তিয়ে ১৯৮১ চনত পত্নীৰ পৰা ১০ হাজাৰ টকাৰ ঋণ লৈ ইনফ’ছিছ আৰম্ভ কৰিছিল। আজি এই ছফটৱেৰ কোম্পানীটোৰ বজাৰ মূলধন প্ৰায় ৮০ বিলিয়ন ডলাৰ আৰু ইয়াত ৩.৩৫ লাখৰো অধিক কৰ্মচাৰীয়ে কাম কৰে।