নতুন দিল্লী
মহাৰাষ্ট্ৰৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ প্ৰশাসনিক পৰিৱৰ্তন। প্ৰায় এবছৰৰ পাছত ৰাজ্যত পুনৰ এনে এক নিয়ম কাৰ্যকৰী হোৱাৰ পথত, যাৰ জৰিয়তে কোনো মন্ত্ৰীয়ে গ্ৰহণ কৰা সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে। নতুন নিৰ্দেশনাই মুখ্যমন্ত্ৰীক মন্ত্ৰীৰ সিদ্ধান্ত পৰীক্ষা, পুনৰ বিবেচনা আৰু প্ৰয়োজন সাপেক্ষে সলনি বা বাতিল কৰাৰ অধিক ক্ষমতা প্ৰদান কৰিছে বুলি প্ৰকাশ পাইছে।
এই নতুন ব্যৱস্থাৰ ফলত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ হাতত ৰাজ্য চৰকাৰৰ প্ৰশাসনিক সিদ্ধান্তৰ ওপৰত অধিক নিয়ন্ত্ৰণ আহিব। বৃহত্তৰ জনস্বাৰ্থৰ প্ৰয়োজন হ’লে কোনো মন্ত্ৰীয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব পাৰিব। অৰ্থাৎ কোনো বিভাগ এজন নিৰ্দিষ্ট মন্ত্ৰীৰ দায়িত্বত থাকিলেও, সেই বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত মুখ্যমন্ত্ৰীৰ পৰ্যবেক্ষণ আৰু হস্তক্ষেপৰ সুযোগ থাকিব।
উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ পূৰ্বৰ ব্যৱস্থাত বিভাগীয় মন্ত্ৰীয়ে নিজৰ দায়িত্বত থকা বিভাগৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ বিশেষ ক্ষমতা ভোগ কৰিছিল। ২০২৩ চনত বম্বে উচ্চ ন্যায়ালয়ৰ এটা ৰায়তো উল্লেখ কৰা হৈছিল যে স্পষ্ট নিয়ম বা নিৰ্দেশনা নাথাকিলে মুখ্যমন্ত্ৰীয়ে আন এজন মন্ত্ৰীৰ সিদ্ধান্তৰ ওপৰত আপীল কৰ্তৃপক্ষৰ দৰে হস্তক্ষেপ কৰিব নোৱাৰে। এতিয়া নতুন নিৰ্দেশনাই সেই পৰিস্থিতিত আনিছে পৰিৱৰ্তন।
চৰকাৰৰ ভিতৰত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকা অধিক শক্তিশালী কৰাৰ লগতে মন্ত্ৰীসকলৰ সিদ্ধান্তৰ ওপৰত অধিক কেন্দ্ৰীয় পৰ্যবেক্ষণ নিশ্চিত কৰাৰ লক্ষ্য এই পদক্ষেপৰ আঁৰত থকা বুলি ধৰা হৈছে। এই পৰিৱৰ্তনে মহাৰাষ্ট্ৰ চৰকাৰৰ ভিতৰত ক্ষমতাৰ ভাৰসাম্যক লৈও নতুন চৰ্চাৰ সৃষ্টি কৰিছে। মন্ত্ৰীসকলে নিজৰ বিভাগত স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব যদিও, বৃহত্তৰ জনস্বাৰ্থ বা প্ৰশাসনিক প্ৰয়োজনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সেই সিদ্ধান্তত হস্তক্ষেপ কৰাৰ অধিকাৰ লাভ কৰিব। সংবিধানৰ নিয়ম অনুসৰি ৰাজ্যৰ মন্ত্ৰীসভাৰ মুৰব্বী হৈছে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাই ৰাজ্যপালক সহায়-উপদেশ দিয়ে। সেয়ে নতুন ব্যৱস্থাক মুখ্যমন্ত্ৰীৰ সামগ্ৰিক প্ৰশাসনিক দায়িত্ব অধিক স্পষ্ট আৰু শক্তিশালী কৰাৰ এক পদক্ষেপ হিচাপেও দেখা হৈছে।
অৱশ্যে, এই নতুন ব্যৱস্থাই মন্ত্ৰীসকলৰ সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা কিমান পৰিমাণে প্ৰভাৱিত কৰিব আৰু ভৱিষ্যতে ইয়াৰ প্ৰয়োগ কেনেদৰে হ’ব সেয়া লক্ষ্যণীয় হ’ব।