কিষ্টোৱাৰ জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন ওমৰ আব্দুল্লাৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছে ওমৰ আব্দুল্লাই
বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছে ওমৰ আব্দুল্লাই
 
শ্ৰীনগৰ
 
চলিত সপ্তাহৰ আৰম্ভণিতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কিষ্টোৱাৰ জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষন্তেকীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। 
 
তেওঁৰ কনভয়টোৱে পেডাৰ ব্লকৰ গুলাবগড়ত উপস্থিত হৈ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত স্থানসমূহৰ ভিতৰত অন্যতম চাশোতি গাঁৱৰ দিশে আগবাঢ়ি যায় আৰু চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে। 
 
মুখ্যমন্ত্ৰী আব্দুল্লাই নিশ্চিত কৰে যে বৃহস্পতিবাৰে সংঘটিত হোৱা এক ভয়াৱহ বানপানীৰ পিছত কিষ্টোৱাৰ জিলাৰ চাশোতি গাঁৱৰ পৰা প্ৰায় ৬০টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁ কয় যে, নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা এতিয়াও পৰীক্ষা কৰি থকা হৈছে।
 
প্ৰায় ৬০ টা মৃতদেহ উদ্ধাৰ হৈছে। নিৰুদ্দেশ হোৱা লোকৰ সংখ্যাৰ মূল্যায়ন কৰা হৈছে। সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী আৰু প্ৰশাসনৰ উদ্ধাৰ অভিযান চলি আছে।  
 
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙেও শুকুৰবাৰে সন্ধিয়া চাশোতি গাঁৱৰৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। এক সূত্ৰই জনোৱা অনুসৰি ভাৰতীয় বায়ুসেনাক এই অভিযানত সহায় কৰিবলৈ প্ৰস্তুত কৰি ৰখা হৈছে। 
 
জম্মু-উধমপুৰত নিয়োগৰ বাবে সাজু কৰি ৰখা হৈছে দুখন মি-১৭ হেলিকপ্টাৰ আৰু এখন এডভান্সড লাইট হেলিকপ্টাৰ। ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত সমগ্ৰ দেশতে শেহতীয়া প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে সংহতি প্ৰকাশ কৰে।
 
তেওঁ কয়, প্ৰকৃতিয়ে আমাক পৰীক্ষা কৰি আছে। যোৱা কেইদিনমানৰ পৰা আমি প্ৰাকৃতিক দুৰ্যোগ, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আৰু বহুতো দুৰ্যোগৰ সন্মুখীন হৈ আহিছো।