ৰাম মন্দিৰ উদ্বোধনৰ লগত সংগতি ৰাখি আজি এক লাখ বন্তি প্রজ্বলন কৰিব কামাখ্যা ধামত

Story by  atv | Posted by  Munni Begum • 1 Years ago
শক্তিপীঠ কামাখ্যা ধাম
শক্তিপীঠ কামাখ্যা ধাম
 
গুৱাহাটী  
 
সৰযু তীৰৰ ৰাম মন্দিৰৰ উচাহে স্পর্শ কৰিছে গুৱাহাটী মহানগৰকো। ৰাম মন্দিৰ উদ্বোধনৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ বিভিন্ন মঠ-মন্দিৰ-দেৱালয়ত বিশেষ পূজা-অর্চনাৰ লগতে অন্যান্য মাংগলিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 
 
শক্তিপীঠ কামাখ্যা ধামত আজি সন্ধিয়া এক লাখ বন্তি প্রজ্বলন কৰা হ'ব বুলি বৰদলৈ কবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে। তদুপৰি ৰাম মন্দিৰ উদ্বোধনৰ সময়ত অর্থাৎ দুপৰীয়া ১১.৩০ বজাত কামাখ্যা দেৱালয়ত বিশেষ পূজাৰ আয়োজন কৰা হৈছে। 
 
একেদৰে বশিষ্ঠ মন্দিৰ চৌহদতো আজি সন্ধিয়া এক লাখ চাকি জ্বলোৱা হ'ব বুলি মন্দিৰ কর্তৃপক্ষই জানিবলৈ দিয়ে। তদুপৰি বিয়লি ৪ বজাৰ পৰা বশিষ্ঠ মন্দিৰত গংগা আৰতি কৰা হ'ব। 
 
ইফালে মহানগৰীৰ উজানবজাৰত থকা উগ্রতাৰা আৰু ছত্রাকাৰ দেৱালয়তো বিশেষ মাংগলিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১০ হেজাৰ গছি বস্তিৰে কাইলৈ আলোকিত হৈ উঠিব উগ্রতাৰা দেৱালয়। তদুপৰি দেৱালয়ৰ চৌহদত অযোধ্যাৰ পৰা পোনপটীয়া সম্প্রচাৰৰো ব্যৱস্থা কৰা হৈছে। 
 
শ্রীশ্রী ছত্রাকাৰ দেৱালয়তো চলিছে (মংগলচণ্ডী) ৰামচন্দ্ৰ পূজাৰ প্রস্তুতি। আজি দিনত এই পূজা অনুষ্ঠিত হ'ব। সন্ধিয়া ছত্রাকাৰ দেৱালয়ত এহেজাৰ বন্তি প্রজ্বলন কৰিব বুলি দেৱালয় পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। 
 
ইফালে উমানন্দ মন্দিৰত কাইলৈ বিষ্ণু হোম যজ্ঞ কৰা হ'ব। সন্ধিয়া মন্দিৰৰ চৌপাশে এহেজাৰ বন্তি প্রজ্বলন কৰিব বুলিও উমানন্দ মন্দিৰ কর্তৃপক্ষই জানিবলৈ দিয়ে। 
 
ইয়াৰ লগতে মহানগৰীৰ অন্যান্য মঠ-মন্দিৰসমূহতো বিভিন্ন ধৰণৰ মাংগলিক কাৰ্যসূচীৰ ব্যাপক আয়োজন চলিছে। ভিন্নৰঙী আলোকেৰে সজাই-পৰাই তোলা হৈছে মন্দিৰসমূহ। 'জয় শ্রীৰাম' লিখা পতাকাৰে উপচি পৰিছে মন্দিৰৰ চৌপাশ। বিশেষকৈ মহানগৰীৰ প্রতিটো হনুমান মন্দিৰ, গণেশ মন্দিৰ এতিয়া ৰাম বন্দনাৰে মুখৰ হৈ পৰিছে। 
 
উজানবজাৰৰ হনুমান মন্দিৰ প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কলহ যাত্রা, শংখনাথ, নাম-প্রসংগ, ভজন, ভোগ বিতৰণ, সুন্দৰাকাণ্ড, হনুমান চালিচা পাঠ, বন্তি প্রজ্বলন, ৰামবিজয় নাট প্রদর্শন আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে হনুমান মন্দিৰ প্রাংগণত। 
 
ইফালে ৰামচন্দ্ৰৰ প্ৰাণ প্রতিষ্ঠাৰ লগত সংগতি ৰাখি মহানগৰীৰ চাবিপুলৰ শ্ৰীৰাম জানকী মন্দিৰত আজিৰে পৰা দুদিনীয়া কার্যসূচীৰে অখণ্ড ৰামায়ণ পাঠ অনুষ্ঠিত হৈছে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই এই কার্যসূচীৰ শুভাৰম্ভ কৰে।