আৱাজ-দ্য ভইচ অসম ব্যুৰো
প্ৰাচীন কলা-কৃষ্টিৰ সংৰক্ষণৰ পৰা সাংস্কৃতিক পৰিচয় আৰু ৰাষ্ট্ৰীয় ঐক্যক শক্তিশালী কৰি তোলালৈকে, উত্তৰ-পূব ভাৰতৰ ৮ গৰাকী প্ৰেৰণাদায়ক ব্যক্তিক ২০২৬ বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা এই স্বীকৃতিয়ে দশকজোৰা নিষ্ঠা আৰু সেৱাৰ ওপৰত ৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰে। পদ্মশ্ৰী বঁটাপ্ৰাপক সকলৰ ভিতৰত অন্যতম এগৰাকী হৈছে বিশিষ্ট ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ।
তদুপৰি বলিউডৰ বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰক মৰোনোত্তৰভাৱে পদ্মবিভূষণ বঁটা আগবঢ়োৱা হৈছে। তেওঁৰ লগতে আন ৪ জন ব্যক্তি, ক্ৰমে কেটি থোমাচ, এন ৰাজম, পি নাৰায়ণন, ভিএছ অচুতানন্দনকো এই বঁটা প্ৰদান কৰা হৈছে। বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আল্কা য়াগনীক আৰু টেনিচ মহান বিজয় অমৃতৰাজ সহ মুঠ ১৩ গৰাকী ব্যক্তিলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হৈছে। আৰু মুঠ ১১৫ গৰাকীক পদ্মশ্ৰী প্ৰদান কৰা হৈছে।
ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে নিজৰ মনোভাৱ প্ৰকাশ কৰি কয় যে, "ভাৰত চৰকাৰৰ পৰা লাভ কৰা এই স্বীকৃতিৰ বাবে মই অত্যন্ত সুখী। যি মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। কিয়নো মই এই বঁটা আশা কৰা নাছিলো। সুদীৰ্ঘ ৫০ বছৰৰ পিছত মোক এই সন্মানেৰে সন্মানিত কৰাৰ বাবে ভাৰত চৰকাৰৰ লগতে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসমবাসীক ৰাইজক আন্তৰিকতাৰ ধন্যবাদ জ্ঞাপন কৰিছো। এই সন্মানে মোক মোৰ ক্ষেত্ৰখনত আগুৱাই লৈ যোৱাৰ বাবে এক নতুন আত্মবিশ্বাস আৰু শক্তি প্ৰদান কৰিব।"
শিল্পী নুৰুদ্দিন আহমেদৰ লগতে অসমৰ আন দুজন ব্যক্তি হৈছে যোগেশ দেউৰী আৰু পখিলা লেকথেপি। নিজৰ মনোভাৱ প্ৰকাশ কৰি যোগেশ দেউৰীয়ে কয় যে, "ভাৰতৰ চৰকাৰৰ এই সন্মানৰ বাবে মই অত্যন্ত সুখী। মই দীৰ্ঘদিন ধৰি এৰী-মূগা ক্ষেত্ৰখন কাম কৰি আহিছো। যিহেতু অসম আৰু উত্তৰ-পূৰ্বাঞ্চলখন এনে এক অঞ্চল য'ত এৰী উৎপাদনশীলতা খুবেই বেছি। মই পিছলৈ এই ক্ষেত্ৰখনক আগুৱাই লৈ যোৱাৰ বাবে কাম কৰি যাম।"
উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই বঁটা লাভ কৰা আন ৬ গৰাকী ব্যক্তি হৈছে ক্ৰমে--
পখিলা লেকথেপি (অসম): কাৰ্বি লোক আৰু আধুনিক সংগীতৰ ব্যতিক্ৰমী অৱদানৰ বাবে সন্মানিত পখিলা লেকথেপিয়ে ৪ দশকৰো অধিক সময় ধৰি দৰ্শকক মোহিত কৰি ৰাখিছে। ভূমি আৰু ইয়াৰ ঐতিহ্যৰ পৰা প্ৰেৰণা লাভ কৰি কাৰ্বি লোক পৰম্পৰাত ৩০০ৰো অধিক গীতৰ অৱদান আগবঢ়াইছে।
য়ুমনাম জাত্ৰা সিং (মণিপুৰ): মণিপুৰী নৃত্যৰ এগৰাকী কিংবদন্তি য়ুমনাম জাত্ৰা সিঙে নাটা সংকীৰ্তনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। শিল্পৰ মৌলিক দিশ আয়ত্ত কৰাৰ পিছত তেওঁ নিজৰ অভিনয়ৰ জৰিয়তে ৰজাঘৰীয়া আৰু সাধাৰণ মানুহৰ মাজৰ ব্যৱধান দূৰ কৰিছিল। ১০০ বছৰ বয়সতো তেওঁ যুৱ শিল্পীসকলক পথ প্ৰদৰ্শন কৰি এই পবিত্ৰ পৰম্পৰাৰ পৰিসৰ বৃদ্ধি কৰি আহিছে।
টেচি গুবিন (অৰুণাচল প্ৰদেশ): জাতীয় সংহতিৰ প্ৰতি দৃঢ় বিশ্বাসী টেচি গুবিনে নিছি সম্প্ৰদায়ৰ থলুৱা বিশ্বাস আৰু সংস্কৃতি ৰক্ষাৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। তেওঁৰ ৯০ খনতকৈও অধিক সীমান্ত গাঁও ভ্ৰমণ কৰিছিল, সাংস্কৃতিক সংৰক্ষণৰ প্ৰসাৰ ঘটাইছিল আৰু লগতে ৰাষ্ট্ৰীয় ত্ৰিৰংগ উত্তোলন কৰিছিল আৰু ঐক্য আৰু দেশপ্ৰেমক শক্তিশালী কৰিছিল।
সংগুছাং পংগেনেৰ (নাগালেণ্ড): নগা থলুৱা লোক পৰম্পৰা সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে উৎসৰ্গিত সংগুছাং পংগেনাৰে পৰম্পৰাগত শিল্পৰ শিপাৰে মৌলিক লোকনাট আৰু গীতৰ সৃষ্টি কৰিছে। তেওঁ ১০০০ৰো অধিক যুৱ ব্যক্তিক প্ৰশিক্ষণ দি নাগালেণ্ডৰ সাংস্কৃতিক ৰাষ্ট্ৰদূতলৈ ৰূপান্তৰিত কৰিছে।
হেলি ৱাৰ (মেঘালয়): খাচী পৰম্পৰাত শিপাই থকা পৰিৱেশ অনুকূল বনানীকৰণ পদ্ধতিক লালন-পালন কৰাৰ বাবে হেলি ৱাৰে স্বীকৃতি লাভ কৰিছে। তেওঁ থলুৱা জৈৱ অভিযান্ত্ৰিক জ্ঞান, বিশেষকৈ পূব খাছি পাহাৰৰ বিখ্যাত জীৱন্ত শিপাৰ দলং নিৰ্মাণত ব্যৱহৃত জৈৱ বয়ন কৌশল সংৰক্ষণ কৰি ৰাখিছে আৰু এই দক্ষতাসমূহ ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই লৈ গৈছে।
নৰেশ চন্দ্ৰ দেববৰ্মা (ত্ৰিপুৰা): সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ত্ৰিপুৰাৰ কোকবৰোক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ কোকবৰোক ভাষাত ৩০ খন গ্ৰন্থ লিখিছে। ভাষা সম্পৰ্কীয় শৈক্ষিক আৰু সাংস্কৃতিক আলোচনাত অংশগ্ৰহণ কৰিছে, বাংলা বা দেৱনাগৰী লিপিৰ ব্যৱহাৰৰ পোষকতা কৰে।
এইবাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শ্বাফী শ্বাউক, আৰ্মিডা ফাৰ্নাণ্ডেজ, ব্রিজ লাল ভাট,ভগৱানদাস ৰাইকৱাৰ, ভিক্লিয়া লাডাক্য ধীন্দা, চৰণ হেমব্ৰম, চিৰঞ্জী লাল যাদৱ, ধৰ্মিকলাল চুনিলাল পাণ্ডিয়া, গফৰুদ্দিন মেৱটী যোগী, বুধৰি তাঁতী, অংকে গৌড়া, ইন্দৰজিৎ সিং সিদ্ধু, কে পাজানিভেল, কৈলাশ চন্দ্ৰ পন্ত, খেম ৰাজ সুন্দৰিয়াল, কোল্লাক্কাইল দেৱকী আম্মা জি, কুমাৰসামী থাংগৰাজ, মহেন্দ্ৰ কুমাৰ মিশ্ৰ আৰু মিৰ হাজিভাই কাছাম্ভাইকে ধৰি মুঠ ১৩৩ গৰাকী ব্যক্তিক এই সৰ্বোচ্চ অসামৰিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে।