উত্তৰ-পূবত ৩৪.৯ শতাংশলৈ হ্ৰাস মাইক্র ফাইনেন্সৰ পৰিসৰ

Story by  atv | Posted by  Munni Begum • 12 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
২০২২-২৩ বিত্তীয় বৰ্ষত অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত হ্ৰাস পাইছে মাইক্র ফাইনেন্স খণ্ডটোৰ পৰিসৰ। ভাৰতৰ অন্যান্য প্ৰান্তত ইয়াৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে যদিও পূব আৰু উত্তৰ-পূব ভাৰতত এই খণ্ডৰ অংশীৰিত্ব হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। 
 
এক তথ্যত প্রকাশ পোৱা মতে ২০২৩ বিত্তীয় বৰ্ষত পূব আৰু উত্তৰ-পূব ভাৰতত এই খণ্ডৰ অংশীদাৰিত্ব ৩৪.৯ শতাংশলৈ হ্ৰাস হৈছে। ২০২২ বিত্তীয় বৰ্ষত এই হাৰ আছিল ৩৭.৭ শতাংশ। অসম আৰু পশ্চিমবংগত ক্ষুদ্ৰ বিত্তীয় খণ্ডৰ পৰিসৰ হ্ৰাস পোৱাটোৱে চিন্তাত পেলাইছে এই উদ্যোগৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক। 
 
অৱশ্যে পূব আৰু উত্তৰ-পূবত পৰিসৰ হ্ৰাস পাইছে যদিও দেশৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ ভাৰতত অংশীদাৰিত্ব বৃদ্ধি পাইছে। এই সন্দৰ্ভত অনাবেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত বিষয়া বিকাশ সিঙে কয় যে মাইক্র'ফাইনেন্স খণ্ডটোৰ বিকাশত অনাবেংকিং বিত্তীয়  প্রতিষ্ঠানসমূহে বিশেষ ভূমিকা পালন কৰিছে। 
 
২০২০ চনৰ ৩১ মার্চলৈকে প্ৰকাশ পোৱা তথ্য অনুসৰি মাইক্র'ফাইনেন্স খণ্ডত প্রায় ২১১ টা প্রতিষ্ঠানে ব্যৱসায় চলাই আহিছে। ইয়াৰে ৮২টা প্রতিষ্ঠানেই অনাবেংকিং বিত্তীয় প্রতিষ্ঠান আৰু ক্ষুদ্ৰ বিত্তীয় প্রতিষ্ঠান। ২০২২-২৩ বিত্তীয় বৰ্ষত প্রায় ৮০ লাখ নতুন মহিলা এই খণ্ডটোৰ সৈতে জড়িত হৈছে। মাইক্র'ফাইনেন্স উদ্যোগটোৰ পৰিসৰ বিগত বিত্তীয় বৰ্ষলৈকে ₹৩,৪৮,৩৩৮ কোটিলৈ বৃদ্ধি হোৱা বুলি সূত্ৰটোত প্রকাশ।