ভাৰতীয় সেনাত মুছলমানৰ স্থান নথকা বুলি থকা ধাৰনাটো ভূল: লেফটেনেণ্ট জেনেৰেল হাছনেইন

Story by  Aasha Khosa | Posted by  Munni Begum • 3 Months ago
কাশ্মীৰত লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইনে
কাশ্মীৰত লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইনে
 
আশা খোছা / নতুন দিল্লী
 
লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনেইন হৈছে সাম্প্ৰতিক সময়ৰ আটাইতকৈ সক্ৰিয় প্ৰবীণ সেনা বিষয়া। ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তেওঁ প্ৰায়ে মাত মাতে; আৰু সাধাৰণ মানুহৰ ভাষাত কৌশলগত বিষয়সমূহ ব্যাখ্যা কৰে। 
 
হাছনেইনৰ দৰে জেনেৰেলে সদায় কৰ্তব্যত থকা এজন প্ৰকৃত সৈনিকৰ ভাবমূৰ্তিক প্ৰতিফলিত কৰে। উত্তৰাখণ্ডৰ ছিল্কায়াৰা খনি উদ্ধাৰ অভিযানৰ সময়ত তেওঁ চৰকাৰৰ সংযোগ ব্যক্তি আছিল। 
 
সেনাবাহিনীত ৪০ বছৰীয়া অভিজ্ঞতা আৰু থিংক টেংকৰ সদস্য হিচাপে ভাৰতৰ কৌশলগত সংস্কৃতিলৈ অৱদান, টেলিভিছনৰ টকশ্ব’ত স্পষ্টবাদী কথা-বতৰাৰ জৰিয়তে, আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত লিখা-মেলাৰ জৰিয়তে জেনেৰেল হাছনেইন বহু উচ্চাকাংক্ষী পুৰুষ আৰু মহিলাৰ বাবে এজন আদৰ্শ ব্যক্তি।
 
অৱশ্যে, বহুতে গম নাপাব যে তেতিয়াৰ গাৰৱাল ৰেজিমেণ্ট (Gharwal Regiment)ৰ একমাত্ৰ মুছলমান বিষয়া আছিল জেনেৰেল হাছনেইন। তেওঁ সৈনিক হিচাপে নিজৰ যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰে আৰু লগতে বিভিন্ন ৰেজিমেণ্টত ধৰ্মৰ ওপৰত ভিত্তি কৰি অৰিয়া-অৰি থকাৰ সময়তো সেনাই কেনেকৈ নিজৰ ধৰ্মনিৰপেক্ষ নীতি-নিয়ম বজাই ৰাখে সেই বিষয়েও কয়। আৱাজ-দ্য ভইচৰ সম্পাদক আছা খোছাৰ সৈতে হোৱা কথা-বতৰাৰ কিছু অংশ তলত উল্লেখ কৰা হ’ল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰশ্নঃ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিলেও আপুনি কিয় কম মুছলমান নহয়। কিহৰ বাবে আপুনি এই শিৰোনামেৰে এটা লেখা লিখিবলৈ বাধ্য হ’ল; প্ৰসংগটো কি আছিল?
 
উত্তৰঃ এই লেখাটো লিখাৰ কাৰণ হৈছে যে ভাৰতীয় সেনাবাহিনীত স্থান নাই বহু ভাৰতীয় মুছলমানৰ মাজত আশংকা আছে৷ তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ বিৰুদ্ধে কেনেবাকৈ বৈষম্য কৰা হ’ব; তেওঁলোকৰ খাদ্যাভ্যাসক সেনাবাহিনীত সন্মান কৰা নহ’ব। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকে সেনাবাহিনীত গ'লে মদ্যপান কৰিব লাগিব। বিশেষকৈ দিল্লীত বাস কৰা লোকসকলৰ সেনাবাহিনী আৰু ইয়াৰ সংস্কৃতিৰ সৈতে কোনো পৰিচয় নাই। সেয়েহে এনেবোৰ কথাৰ বিষয়ে ভুল ধাৰণা বহুদিনৰ পৰাই চলি আছে। ভাৰতীয় সেনাৰ সামাজিক আৰু পেছাদাৰী দিশৰ বিষয়ে কেৱল মুছলমানকে নহয়, সমাজৰ সকলো শ্ৰেণীকে সংবেদনশীল কৰাটো গুৰুত্বপূৰ্ণ।
 
প্ৰশ্নঃ আপুনিও এগৰাকী মুছলমান; আপুনি আপোনাৰ অভিজ্ঞতাসমূহ আমাৰ সৈতে প্ৰকাশ কৰিব পাৰিবনে?
 
উত্তৰঃ মোৰ যাত্ৰা কিছু পৃথক আছিল। মই এজন বিশেষ সৌভাগ্যবান ব্যক্তি বুলি ক’বলৈ কোনো সংকোচবোধ নকৰো। মোৰ দেউতা ভাৰতীয় সেনাবাহিনীত আছিল; তেওঁ মেজৰ জেনেৰেল হিচাপে অৱসৰ গ্ৰহণ কৰে। সেই হিচাপে মই স্বাধীনতাৰ পিছৰ ভাৰতীয় সেনাবাহিনীৰ এটা পৰিয়ালত জন্ম হোৱা বুলিয়ে ক'ব পাৰি। মোৰ দেউতা স্বাধীনতাৰ পূৰ্বৰ ভাৰতীয় সেনাবাহিনীৰ জোৱান আছিল আৰু ভাৰতৰ স্বাধীনতাৰ পিছতো তেওঁ চাকৰি কৰি আছিল। তেওঁ পাকিস্তানলৈ যাব পাৰিলেহেতেঁন, তালৈ যোৱা হ'লে তেওঁ জেনেৰেল হ’লহেঁতেন। তেওঁ স্পষ্টভাৱে এই সুযোগ নাকচ কৰিছিল। তেওঁ কৈছিল যে মই ভাৰতীয় সেনাৰ এনে এটা ৰেজিমেণ্টৰ জোৱান আৰু ইয়াক মই সন্মান কৰো; এইটোৱেই মোৰ ঘৰ; মোৰ পেছা। যেতিয়া মই এটা কেৰিয়াৰ বাছনি কৰাৰ সময় আহিল, তেতিয়া মই সিদ্ধান্ত লৈছিলো মইও দেউতাৰ দৰে সেনাবাহিনীত যোগদান কৰিম। মই দেউতাই কাম কৰা একেটা ৰেজিমেণ্ট আৰু একেটা বেটেলিয়নতে যোগদান কৰিলোঁ। 
 
প্ৰশ্নঃ এনে কিছু কথা আছে, যিবোৰ বাহিৰৰ লোকৰ বাবে আমোদজনক। 
 
উত্তৰঃ মোৰ ৰেজিমেণ্টত মই একমাত্ৰ মুছলমান আছিলোঁ। গাৰৱাল ৰাইফলছ হৈছে এটা সম্পূৰ্ণ ঘাৱাৰলী বেটেলিয়ন। গাৰৱাল জোৱানসকল হৈছে হিন্দু সম্প্ৰদায়ৰ। কাৰণ এইখন হৈছে চাৰিটা ধামৰ হিন্দু তীৰ্থভূমি। আগতে বৰ সঘনাই চাৰ ধামলৈ গৈছিলোঁ। মই কেইবাবাৰো বদ্ৰীনাথ ভ্ৰমণ কৰিছো। সেনাবাহিনীত আমি ইজনে সিজনৰ ধৰ্মীয় বিশ্বাসক সন্মান কৰিবলৈ শিকো। মই টাইমছ অৱ ইণ্ডিয়াত লিখিছিলো যে সৈনিকসকলৰ যি বিশ্বাস, সেয়া তেওঁলোকৰ বিষয়াসকলৰো ধৰ্মীয় বিশ্বাস। সকলো জোৱান যদি খ্ৰীষ্টান হয়, তেন্তে সকলোৱে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰিব; বা সকলো হিন্দু থাকিলে, সকলোৱে হিন্দু ধৰ্ম পালন কৰে।
 
কাশ্মীৰত ঈদৰ নামাজ সম্পন্ন কৰিছে ভাৰতীয় সেনাৰ জোৱানসকলে
 
অৰ্থাৎ প্ৰতি দেওবাৰে আমি সতীৰ্থ জোৱানসকলৰ সৈতে মন্দিৰত থাকো। শ্ৰীলংকাতেই হওক বা চিয়াচেনতেই হওক অপাৰেচনত যোৱাৰ আগতে আমি প্ৰথমে মন্দিৰলৈ যাওঁ, প্ৰাৰ্থনা কৰোঁ আৰু কপালত ফোট লগাওঁ, আৰু উভতি আহি আমি আকৌ ফোট লগাওঁ। আমি জয় বদ্ৰী বিশালৰ ধ্বনি দিও। সৈন্যৰ সেনাপতিৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ দিশ। যদি মানুহে ভাৱে যে মই মুছলমান বা খ্ৰীষ্টান হোৱাৰ বাবেই মই কৰিব নোৱাৰো, তেন্তে মই দুখেৰে কও যে সেনাবাহিনী তেওঁৰ বাবে উপযুক্ত স্থান নহয়। আমি এই বিষয়ে অতি দৃঢ়; এইটোৱেই আমাৰ নীতি। ধৰ্মী বৈচিত্ৰ্যতাক আমি সন্মান কৰিবই লাগিব। কোনো কাৰণতে এই বিষয়ে আপোচ কৰা নহয়। কেৱল হিন্দুক অনুসৰণ কৰিছো কাৰণেই মই কম মুছলমান হৈ নাযাও৷ মই আন মুছলমানৰ দৰেই, কোনো পৃথক মুছলমান নহয়। সেনাবাহিনীত কাৰো ধৰ্মীয় বিশ্বাসৰ লগত আপোচ কৰাৰ কোনো উপায় নাই।
 
প্ৰশ্নঃ সেনাবাহিনীয়ে কৰা প্ৰতিখন যুদ্ধ ধৰ্মকেন্দ্ৰিক বুলি সামজত এক প্ৰচলিত প্ৰতিচ্ছবি থকাৰ পিছতো আপুনি এনে এক পৰিৱেশত নিজকে কেনেকৈ খাপ খোৱাইছিল ? আপুনি এক উদাৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা ব্যক্তি। গতিকে আপোনাৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হ’ব পাৰে। কিন্তু ৰক্ষণশীল পটভূমিৰ পৰা অহা যুৱক এজনে সেনা বাহিনীৰ এনে পৰিৱেশত নিজকে আচহুৱা যেন অনুভৱ কৰাৰ সম্ভাৱনা আছেনে?
 
উত্তৰঃ হয়, ভাৰতত সেনা বাহিনীক লৈ এনেধৰণৰ প্ৰতিচ্ছবি বহুতৰ মাজত দেখিবলৈ পোৱা যায়। মই তেওঁলোকক দোষ নিদিওঁ। ইয়াৰ আঁৰত তেওঁলোকৰ সামাজিক পৰিবেশ, শিক্ষাৰ স্তৰ ইত্যাদি জড়িত হৈ আছে। মই এজন মুছলমান হিচাপে জন্মগ্ৰহণ কৰিছো, খ্ৰীষ্টিয়ান হিচাপে শিক্ষা গ্ৰহণ কৰিছো, মই নাইটিতালৰ শ্বেৰউদ নামৰ এখন ব'ৰ্ডি স্কুলৰ ছাত্ৰ আছিলো, তাৰ পিছত মই সেনা বাহিনীৰ এটা হিন্দু ৰেজিমেণ্টত যোগদান কৰিলো আৰু সকলো ধৰণৰ ৰীতি-নীতি অনুসৰণ কৰিলো আৰু মোৰ আটাইতকৈ প্ৰিয় বন্ধুবোৰ হৈছে ছৰ্দাৰ, যাৰ ধৰ্ম হৈছে শিখ।  মই সকলো ধৰ্মৰ মূল্যবোধ গ্ৰহণ কৰো। কিন্তু সকলোৰে বাবে এইটো ইমান সহজ নহয়। ৰক্ষণশীল পৰিৱেশত ডাঙৰ-দীঘল হোৱাৰ বাবে তেওঁলোকৰ এনেকুৱা ধৰণৰ মানসিকতা গঢ়ি উঠে, ইয়াৰ বাবে মই তেওঁলোকক দোষ নিদিওঁ৷ কিন্তু সেনাবাহিনীত অহাৰ পিছত (অফিচাৰ হিচাপে) তেওঁলোকে দেখা পায় যে তেওঁলোকে ভবাৰ দৰে পৰিৱেশটো নহয়, ই সম্পূৰ্ণ বেলেগ। আমি তেওঁলোকক প্ৰশিক্ষণ দিওঁ; তেওঁলোকে যাতে সেনাবাহিনীৰ পৰিৱেশৰ সৈতে নিজকে খাপ খোৱাই ল'ব পাৰে, তাৰ ওপৰত আমি অধিক গুৰুত্ব দিও। তেওঁলোকক কোৱা হয় যে তোমালোকৰ সতীৰ্থসকলেই হৈছে তোমালোকৰ প্ৰিয় বন্ধু; তেওঁলোকে তোমালোকৰ জীৱনৰ আটাইতকৈ কঠিন সময়ত তোমালোকৰ লগত থাকি একেলগে যুদ্ধ কৰিব।  তেওঁলোকক কোৱা হয় যে ই ভাৰতীয় সেনাৰ মূল্যবোধক সন্মান কৰিব লাগিব আৰু এই সন্মানে তোমালোকৰ ধৰ্মীয় বিশ্বাসক কোনোধৰণে আঘাত নকৰে।
 
ইয়াৰ আন এটা দিশো আছে। সেনাবাহিনীত গ্ৰেনেডিয়াৰ আৰু ৰাজপুটানা ৰাইফলছত সম্পূৰ্ণ মুছলমান বাহিনী আছে আৰু তেওঁলোকৰ বিষয়াসকল হৈছে হিন্দু, খ্ৰীষ্টান বা শিখ। এই বাহিনীৰ সকলো সৈনিক মুছলমান সম্প্ৰদায়ৰ। অৰ্থাৎ ১৩০ জন মুছলমান পুৰুষ আছে যাৰ নিৰৱচ্ছিন্নভাৱে এজন সেনাপতি থাকিব যিজন হিন্দু, শিখ, খ্ৰীষ্টান বা যিকোনো ব্যক্তি। মই দেখিছোঁ এজন হিন্দু বিষয়াই পাঁচবাৰ নামাজ পঢ়াৰ লগতে তেওঁৰ সকলো সৈন্যৰ সৈতে ৰমাজান মাহত এমাহ ৰোজা ৰাখিছিল। হিন্দু সৈন্যৰ মাজত যে মই একমাত্ৰ মুছলমান আছিলোঁ এনে নহয়৷ হিন্দুসকলেও সমানে এইধৰণৰ পৰিৱেশত কাম কৰি আছে।
 
ভাৰতীয় সেনাই ঈদ উপলক্ষে সাধাৰন মানুহৰ মাজত উপহাৰ বিতৰণ কৰিছে
 
আমি সেনা বাহিনীৰ পৰম্পৰাক লৈ গৌৰৱান্বিত আৰু এই পৰম্পৰাটো মানুহৰ মাজত বিয়পাই দিব বিচাৰো। ভাৰতীয় সেনাৰ বৈচিত্ৰ্যৰ সকলোৱে জানিব লাগে। জম্মু-কাশ্মীৰৰ লাইট ইনফেণ্ট্ৰিৰ পাছ আউট পেৰেড সকলোকে চোৱা উচিত। তাত এজন মৌলৱী, এজন পণ্ডিতজী, গ্ৰন্থী, আৰু এজন বৌদ্ধ পুৰোহিতে একেলগে নিজৰ নিজৰ ধৰ্মীয় কিতাপ কঢ়িয়াই জোৱানসকলৰ সন্মুখত খোজ কাঢ়ি যোৱাটো এক ৰোমাঞ্চকৰ দৃশ্য ৷ জোৱানসকলে এই ধৰ্মীয় গ্ৰন্থসমূহ স্পৰ্শ কৰি নিজৰ দেশক প্ৰাণ দি হ'লেও ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। আমি ধৰ্মক কিমান সন্মান কৰো তাৰ পৰাই বুজা যায়।
 
প্ৰশ্নঃ অৰ্থাৎ মুছলমানসকলৰ সেনাবাহিনীত যোগদানৰ ক্ষেত্ৰত কোনো ধৰণৰ সন্দেহ থাকিব নালাগে। আনকি যিসকলে ভুল ধাৰণা লৈ সেনাবাহিনীলৈ আহে তেওঁলোকৰো প্ৰশিক্ষণৰ অন্তত মানসিকতা সলনি হয়।  ধৰ্ম আৰু কৰ্তব্য দুটা পৃথক বিষয়। মোৰ এই ধাৰণাটো সঠিক নে ?
 
উত্তৰঃ এটা সৰু কথা মই স্পষ্ট কৰি দিব বিচাৰো। মানুহৰ মনত কেতিয়াবা সন্দেহৰ সৃষ্টি হয় যে যেতিয়া তেওঁলোকে সেনাবাহিনীত যোগদান কৰিব তেতিয়া তেওঁলোকৰ খাদ্যাভ্যাসক গুৰুত্ব দিয়া নহ’ব। ঝাটকা বা হালাল মাংস পাব নে, হয়তো গাহৰিৰ মাংস খাব লাগিব, তাক লৈ তেওঁলোকে উদ্বিগ্ন হয়। মই তেওঁলোকক আৰু বিশেষকৈ ভাৰতৰ যুৱক-যুৱতীসকলক আশ্বস্ত কৰিব বিচাৰিছো যে ভাৰতীয় সেনাৰ দৰে ধৰ্মৰ প্ৰতি সংবেদনশীল আন কোনো প্ৰতিষ্ঠান নাই।
 
যদি এটা বাহিনীৰ ১২০ জন জোৱান থাকে, তেন্তে ইয়াক সৈন্যৰ ধৰ্মৰ ভিত্তিত এজন মৌলভি, এজন গ্ৰন্থী বা এজন পুৰোহিত নিযু্ক্ত কৰা হয়। বিভিন্ন জোৱানৰ পৃথক খাদ্যাভ্যাস অনুসৰি তেওঁলোকক খাদ্য যোগান ধৰা হয়। ধৰি লওঁক কিছুমান পৰিস্থিতিত প্ৰয়োজনীয় খাদ্য যোগান ধৰাটো সম্ভৱ নহয়, তেতিয়া একে কেলৰিযুক্ত বিকল্প খাদ্য তেওঁক আগবঢ়োৱা হয়। তেওঁলোকে পনীৰ বা বাটাৰ লাভ কৰে। 
 
প্ৰশ্নঃ সন্ত্ৰাসবাদীৰ চৰম সীমাৰ সময়তো স্থানীয় কাশ্মীৰীৰ সৈতে আপোনাৰ সু-সম্পৰ্ক আছিল। তেনে এক স্মৰণীয় অভিজ্ঞতা আপুনি আমাৰ সৈতে আলোচনা কৰিব পাৰিব নেকি ?   
 
উত্তৰঃ মই উত্তৰ-প্ৰদেশৰ প্ৰয়াগৰাজৰ ওচৰৰ এলাহাবাদৰ বাসিন্দা। মোৰ দৃঢ় বিশ্বাস যে মোৰ বৈচিত্ৰ্য, বুজাবুজি, আৰু শৈক্ষিক পটভূমিয়ে মোক এই শিক্ষা দিছে যে আপুনি কৰ্মৰ সৈতে জড়িত স্থান অথবা পৰিৱেশৰ লোক আৰু তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে জানিব লাগিব। যদি মই নাগালেণ্ডত নিযুক্তি লাভ কৰো, তেন্তে মই নাগা সংস্কৃতিৰ বিষয়ে আৰু খ্ৰীষ্টান ধৰ্মৰ বিষয়ে জানিব লাগিব। অন্যথা, তাত মই নিষ্ঠাৰে কৰ্তব্য পালন কৰিব নোৱাৰিম।
 
মিলিটেৰী দুৰ্গা সেৱী মন্দিৰ
 
মই অকল এজন সৈনিকে নহয়। মানুহে ভাবে যে সৈনিক মানে হাতত ৰাইফল তুলি লৈ গুলী চলোৱা ব্যক্তি। তেওঁলোকে গম নাপায় যে এজন সৈনিকৰ লগত হাজাৰ হাজাৰ অন্য কথাও জড়িত হৈ থাকে। এজন সেনাপতি হিচাপে মোক এনে এজন ব্যক্তি হিচাপে চাব নোৱাৰি, যাৰ একমাত্ৰ কাম হ’ল বন্দুক তুলি ইফালে সিফালে গুলী চলোৱা৷ শান্তি সুনিশ্চিত কৰিব বিচাৰিলে সমানে ৰাইজৰ লগত বহি তেওঁলোকৰ ভাষাত তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে কথা পাতিব পাৰিব লাগিব। এয়া এক বিশ্বব্যাপী পৰিঘটনা।
 
গতিকে, সংস্কৃতি বুজাটো অতি গুৰুত্বপূৰ্ণ। কাশ্মীৰত মই বহু সময় ধিৰ বিভিন্ন পদবীত সেৱা আগবঢ়াইছো, আৰু, সেয়েহে, সংস্কৃতি যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক অতি গুৰুত্বপূৰ্ণ উপাদান, সেই উপলব্ধি বহু আগতেই মোৰ মনলৈ আহিছিল। সেয়েহে মই স্থানীয় সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিলোঁ। যদিও মই মুছলমান তথাপি ইছলামক ভালকৈ নাজানিছিলো, সেয়ে তাত থকা সময়ছোৱাত মই ইছলামক গভীৰভাৱে অধ্যয়ন কৰিছিলো।
 
সংস্কৃতিক বুজাটো বিদ্ৰোহ বিৰোধী পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ এক অতি গুৰুত্বপূৰ্ণ দিশ। এনে পৰিৱেশত সন্ত্ৰাসবাদ আৰু সংস্কৃতিৰ মাজত এক অৰিয়াঅৰি থাকে। দুয়োপক্ষই ইয়াক জয় কৰিবলৈ চেষ্টা কৰে। এই পৰিস্থিতিত সাধাৰণ জনসাধাৰণ কেন্দ্ৰবিন্দু হৈ পৰে। গতিকে, আপুনি বুজিব লাগিব যে যি পক্ষৰ লগত মানুহৰ সমৰ্থন আছে, সেই পক্ষই অৱশেষত যুদ্ধত জয়ী হ’ব।
 
আপুনি হয়তো ১০ হাজাৰ সন্ত্ৰাসবাদীক নিৰ্মূল কৰিব পাৰে, কিন্তু যদি জনসাধাৰণ আপোনাৰ বিৰোধী হয় তেন্তে যুদ্ধত কেতিয়াও জয়ী হ’ব নোৱাৰিব। আপুনি দুই প্ৰকাৰৰ নীতি গ্ৰহণ কৰিব লাগিব: এফালে সন্ত্ৰাসবাদীক নিৰ্মূল কৰিব লাগিব আৰু আনফালে জনসাধাৰণৰ হৃদয় আৰু মন জয় কৰিব লাগিব। এইবোৰ কাম কৃত্ৰিমভাৱে কৰিব নোৱাৰি৷ যেতিয়ালৈকে মানুহ আপোনাৰ আন্তৰিকতাৰ ওপৰত পতিয়ন নাযায় তেতিয়ালৈকে সেয়া সম্ভৱ হৈ নুঠে। সেইটো তেতিয়াহে সম্ভৱ হৈ উঠিব, যেতিয়া আপুনি জনসাধাৰণৰ সংস্কৃতি, ধৰ্ম, আৰু সংবেদনশীলতা বুজি পায়। মই ঠিক এইটোৱেই কৰিলোঁ।
 
প্ৰশ্নঃ গোটেই ছ’চিয়েল মিডিয়াত থকা কেইজনমান সেনাবাহিনীৰ প্ৰবীণ সৈনিকৰ ভিতৰত আপুনি এজন চৰ্চিত ব্যক্তি। ভাৰতীয় নৱ প্ৰজন্মৰ প্ৰতি আপোনাৰ কি ধাৰণা ? আপুনি যিহেতু নতুন প্ৰজন্মৰ সৈতে ব্যৱধান দূৰ কৰিছে, গতিকে আপুনি বৰ্তমানৰ যুৱক-যুৱতীসকলক কেনেদৰে চায় ?
 
জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সেনা জোৱানৰ এক দৃশ্য
 
উত্তৰঃ ভাৰতৰ অন্যতম বৃহৎ সম্পদ হ’ল আমাৰ বৰ্তমানৰ যুৱক-যুৱতীৰ বিশাল জনসংখ্যা। আমি বিশ্বৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰ, কাৰণ আমাৰ জনসংখ্যাৰ ৬৫ শতাংশ ৩৫ বছৰৰ তলৰ। এই জনসংখ্যাটোক আমি সঠিক দিশত ব্যৱহাৰ কৰিব লাগিব। দুৰ্ভাগ্যজনকভাৱে এয়া সম্পূৰ্ণৰূপে বিপৰীত হ’ব পাৰে, যদি আমি যুৱক-যুৱতীসকলক শিক্ষা-প্ৰশিক্ষণ আৰু তেওঁলোকৰ আশা-আকাংক্ষাৰ পৰা দূৰত ৰাখো। তেনে পৰিস্থিতি দেশৰ বাবে অতি বিপদজনক হৈ পৰিব পাৰে। 
 
আমি জানো যে ভাৰত ইমান ধনী দেশ নহয় আৰু আমি দুবছৰমানৰ ভিতৰত আমাৰ দেশক ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্ধাৰণ কৰা লক্ষ্যলৈ চাই আছো। মই নিশ্চিত যে আমি ইয়াতকৈও অধিক ডাঙৰ লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ'ম। কিন্তু ইয়াৰ মাজৰ সময়ছোৱা অতি ধৈৰ্যৰে পৰ্যবেক্ষণ কৰিব লাগিব আৰু আগবাঢ়িব লাগিব। জনসংখ্যা বৃদ্ধি পাই আছে আৰু আকাংক্ষাবোৰ বাঢ়ি বাঢ়ি গৈ আছে; সংবাদ মাধ্যম আৰু তথ্য বিপ্লৱে সেই সকলোবোৰ ৰাজহুৱা কৰিছে। গ্ল’ছি মেগাজিন আৰু ছ’চিয়েল মিডিয়াত বিলাসীতা দেখুওৱাৰ দৃশ্য সকলোৱে চাই আছে। ই অত্যধিক আকাংক্ষাৰ জন্ম দিয়ে, যিয়ে অস্থিৰতাৰ সৃষ্টি কৰিছে। এই বিষয়ে মোকাবিলা কৰিবলৈ মই মোৰ ফালৰ পৰা অৰিহণা যোগাবলৈ চেষ্টা কৰিছো।
 
মই নিজকে সদায় এজন ভাল যোগাযোগকাৰী বুলি গণ্য কৰি আহিছো; মোৰ কেতিয়াও শব্দৰ অভাৱ নাছিল। মোৰ এটা ধাৰণা আছে আৰু মই ইয়াক শব্দৰে দ্ৰুতভাৱে সৃষ্টি কৰিব পাৰো। আপুনি সঠিকভাৱে কোৱাৰ দৰে মই গোটেই ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ আছো; ফেচবুক, টুইটাৰ, আৰু ইনষ্টাগ্ৰামৰ ব্যৱহাৰ কিয় নকৰিম ? 
 
ছ’চিয়েল মিডিয়াত মই এইধৰণে অনুসৰণ কৰো, যাতে ইয়াৰ কোনো অপব্যৱহাৰ নহয়। মানুহৰ প্ৰতি সংবেদনশীল যদিও মাজে মাজে হাস্যৰসিকতা কৰো। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতৰ জনসাধাৰণে সেনাবাহিনীৰ এজন জেনেৰেলক আদৰ্শ হিচাপে চাব লাগে। কিয়নো, সেনা বাহিনীয়ে যিটো শিক্ষা, আদৰ্শ, অভিজ্ঞতা আৰু সংবেদনশীলতাৰ জ্ঞান মোক দিছে, সেই জ্ঞান অভূতপূৰ্ব। 
 
প্ৰশ্নঃ আমাক কোৱা হৈছে যে ভৱিষ্যতৰ যুদ্ধবোৰেই হৈছে পঞ্চম প্ৰজন্মৰ যুদ্ধ। গতিকে, বিশেষকৈ সংখ্যালঘুৰ পৰা যুৱক-যুৱতীসকলে সেনাবাহিনীত যোগদানৰ বাবে যুঁজ দিয়াৰ বাহিৰে কি কি সুযোগৰ সন্ধান দিব লাগে?
 
লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জেনেৰেল চৈয়দ আতা হাছনাইনে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা সন্মান লাভ কৰিছে
 
উত্তৰঃ সশস্ত্ৰ বাহিনী কেৱল যুঁজিবলৈহে আছে বুলি ধাৰণাটো মই সদায় বিশ্বাস নকৰো। মই বিশ্বাস কৰোঁ যুদ্ধ নকৰাকৈ যুদ্ধত জয়ী হোৱাৰ সূত্ৰ। যুদ্ধত জয়ী হোৱাৰ সৰ্বোত্তম উপায় সেইটোৱেই। ভৱিষ্যতৰ যুদ্ধত প্ৰযুক্তিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ গৈ আছে। শেহতীয়াকৈ আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত নাগৰ্নো-কাৰাবাখক লৈ ককেচিয়ান যুদ্ধ আছিল প্ৰযুক্তিৰ যুদ্ধ। আমি এতিয়াও ইয়াৰ যথেষ্ট প্ৰভাৱ দেখা নাই৷ আগন্তুক ৭-৯ বছৰত আমি যোগাযোগ ব্যৱস্থা, ড্ৰোন আদিৰ দৰে বিভিন্ন অস্ত্ৰৰে যুদ্ধ চলি থকা দেখিবলৈ পাম।
 
যুৱক-যুৱতীসকলে সশস্ত্ৰ বাহিনীত প্ৰযুক্তিৰ চাকৰিৰ সৈতে জড়িত হোৱাৰ পৰিসৰ বৃদ্ধি পাইছে। আপুনি হয়তো ভাবিব পাৰে যে এই বিশেষ প্ৰযুক্তিৰ কোনো কাম সাধাৰণ নাগৰিকৰ বাবে নহয় কিন্তু একেই সশস্ত্ৰ বাহিনীৰ বাবেও বিপুল আগ্ৰহৰ বিষয় হ’ব পাৰে। বিশ্বৰ যোগাযোগৰ সকলো দিশ সামৰিক ক্ষেত্ৰৰ পৰাই উত্থান ঘটিছে। আমেৰিকাৰ সেনাই যোগাযোগৰ দ্ৰুত পদ্ধতি বিচৰাৰ বাবেই ইণ্টাৰনেট আৰম্ভ কৰা হৈছিল। ভৱিষ্যতে ড্ৰয়িং ৰুমত বহি সংস্পৰ্শহীন পঞ্চম প্ৰজন্মৰ যুদ্ধ অনুষ্ঠিত হ’ব।
 
শত্ৰুৰ মন অধ্যয়ন কৰি ইয়াৰ নিজৰ অধীনলৈ আনিব লাগিব আৰু তেওঁলোকক পতিয়ন নিয়াব লাগিব যে আমি বহুত উচ্চ আৰু আপুনি আমাৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’ব নোৱাৰে৷ এইটোৱেই হৈছে যোগাযোগ কৌশলৰ সক্ষমতা। এই ক্ষেত্ৰত ভাৰতীয় সেনাবাহিনী এতিয়াও প্ৰাৰম্ভিক অৱস্থাতে আছে। ছ’চিয়েল মিডিয়াত শক্তিশালী হ'লেও আমি এই ক্ষেত্ৰত বহু পিছপৰি আছো। ছ’চিয়েল মিডিয়াত এতিয়া এটা বিপ্লৱ আৰম্ভ হৈছে। প্ৰযুক্তিগত ধাৰণা বৃদ্ধি পোৱাৰ লগে লগে যুৱক-যুৱতীসকলে প্ৰযুক্তিগত ক্ষেত্ৰখনত চাকৰি লাভৰ আৰু বহু সুযোগ লাভ কৰিব।