ছত্ৰপতি শিৱাজী মহাৰাজলৈ প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

Story by  atv | Posted by  [email protected] • 16 h ago
ছত্ৰপতি শিৱাজী মহাৰাজলৈ প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি
ছত্ৰপতি শিৱাজী মহাৰাজলৈ প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী উপলক্ষে দূৰদৰ্শী নেতা, ব্যতিক্ৰমী প্ৰশাসক, কৌশলগত চিন্তাবিদ ছত্ৰপতি শিৱাজী মহাৰাজলৈ শ্ৰদ্ধা নিবেদন কৰে।
 
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শিৱাজী মহাৰাজৰ সাহসে আজিও সকলোকে অনুপ্ৰাণিত কৰি আহিছে, তেওঁৰ শাসন নীতিয়ে এক আলোকবৰ্তিকা হিচাপে কাম কৰিছে আৰু তেওঁৰ ন্যায় তথা আত্মসন্মানৰ ভাবধাৰাই আজিও সমাজক শক্তিশালী কৰি ৰাখিছে।
 
তেওঁ জোৰ দি কয় যে ছত্ৰপতি শিৱাজী মহাৰাজে সদায় প্ৰতিজন ব্যক্তিৰ কল্যাণক সকলোতকৈ ওপৰত স্থান দিছিল আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰিছিল। এই প্ৰতিশ্ৰুতিৰ বাবেই তেওঁৰ জীৱন যুগ যুগ ধৰি ভাৰতৰ বাবে পথপ্ৰদৰ্শক হৈ ৰৈছে।
 
ছ’চিয়েল মিডিয়া এক্স (X)-ত পৃথক প’ষ্টৰ জৰিয়তে মোদীয়ে কয়, "ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত আমি সেই দূৰদৰ্শী নেতা, ব্যতিক্ৰমী প্ৰশাসক, কৌশলগত চিন্তাবিদ আৰু স্বৰাজৰ ধাৰকগৰাকীলৈ ভক্তিৰে প্ৰণাম জনাইছোঁ। তেওঁৰ সাহসে আমাক অনুপ্ৰাণিত কৰক, তেওঁৰ শাসন নীতিয়ে আমাক পথ দেখুৱাওক আৰু তেওঁৰ ন্যায় তথা আত্মসন্মানৰ ভাৱে আমাৰ সমাজক শক্তিশালী কৰি তোলক।"
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰত মহাৰাষ্ট্ৰ সমাজ গান্ধীনগৰৰ দ্বাৰা নিৰ্মিত ছত্ৰপতি শিৱাজী মহাৰাজৰ অশ্বাৰোহী মূৰ্তি উন্মোচন কৰে। এই অনুষ্ঠানত গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ চাংঘৱীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
 
উপস্থিত ৰাইজক সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে 'হিন্দবী স্বৰাজ'ৰ প্ৰতিষ্ঠাপক ছত্ৰপতি শিৱাজী মহাৰাজৰ এই ভব্য মূৰ্তি ইয়াত উন্মোচন কৰাটো সমগ্ৰ গান্ধীনগৰবাসীৰ বাবে অতি গৌৰৱ আৰু আনন্দৰ বিষয়।
 
তেওঁ কয় যে এই প্ৰায় ২১ ফুট ওখ মূৰ্তিটোৱে গান্ধীনগৰৰ বাসিন্দা, বিশেষকৈ যুৱপ্ৰজন্মক অনাগত বহু বছৰ ধৰি অনুপ্ৰাণিত কৰি থাকিব।
 
অমিত শ্বাহে লগতে কয় যে ছত্ৰপতি শিৱাজী মহাৰাজৰ জীৱন আৰু মহান সাফল্যসমূহ কেতিয়াও অপ্ৰাসংগিক হৈ নপৰে। তেওঁৰ অতুলনীয় অৱদানৰ বাবে দেশ বহু প্ৰজন্মলৈ ঋণী হৈ থাকিব।
 
তেওঁ লগতে কয় যে যেতিয়া আফগানিস্তানৰ পৰা কন্যাকুমাৰী আৰু সোমনাথৰ পৰা উৰিষ্যা পৰ্যন্ত সমগ্ৰ দেশখন দাসত্বৰ গভীৰ অন্ধকাৰত নিমজ্জিত আছিল আৰু গোটেই ৰাষ্ট্ৰখন শিকলিৰে বান্ধ খাই আছিল, তেতিয়া এনেকুৱা লাগিছিল যেন মোগল শাসনৰ শক্তি কেতিয়াও নোহোৱা নহ’ব আৰু ভাৰতে কেতিয়াও স্বাধীনতা লাভ নকৰিব।