জন স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে ৰাজধানী দিল্লীৰ প্ৰদূষণে

Story by  atv | Posted by  [email protected] • 3 h ago
জন স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে  ৰাজধানী দিল্লীৰ প্ৰদূষণে
জন স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে ৰাজধানী দিল্লীৰ প্ৰদূষণে
 
নতুন দিল্লী
 
মানুহে শান্তিৰে উশাহ ল'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে দেশৰ ৰাজধানী দিল্লী। বিশুদ্ধ বায়ুৰ কথাটো দূৰৈৰ কথা, মাস্ক নহ’লে ওলাই যাব নোৱাৰা অৱস্থা হৈছে ৰাজধানী চহৰখনত। দ্ৰুত হাৰত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা।
 
শীতৰ আগমনৰ লগে লগে ভয়াৱহ হাৰত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ। চাৰিওফালে আৱৰি ধৰিছে ডাঠ কুঁৱলী আৰু ধূলি। ধুসৰ হৈ পৰিছে দিল্লীৰ আকাশ- বতাহ আৰু বায়ুমণ্ডল।
 
উশাহ- নিশাহৰ সমস্যাৰ লগতে জন স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে প্ৰদূষণে। ৩ ডিচেম্বৰৰ পুৱাৰ ভাগৰ এ কিউ আইৰ সূচকাংকই চুইছেগৈ ৩৭৬ৰ ঘৰ। দেশৰে অত্যধিক প্ৰদূষিত মহানগৰ হিচাপে কাহানিবাই পৰিগণিত হৈছে দিল্লী।
 
ইতিমধ্যে প্ৰশাসনে দিল্লীৰ স্কুল- কলেজৰ প্ৰতি জাৰি কৰিছে সতৰ্কবাণী। তাৰোপৰি দেশত চলি থকা ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাৰ মেচসমূহো দিল্লীৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰিব লগা হৈছে।
 
উল্লেখ্য যে, ৰাজধানী চহৰখনৰ আশে- পাশে থকা কেতবোৰ অঞ্চলত এ কিউ আইৰ সূচকাংক ৪০০ৰ ঘৰো অতিক্ৰম কৰা বুলি জানিব পৰা গৈছে। মুঠৰ ওপৰত দিল্লী এতিয়া জীৱকূলৰ প্ৰতি এক ভাবুকিৰ নাম হৈ পৰিছে।