দিল্লী আৰক্ষীৰ জিম্মাত জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী; যন্তৰ মন্তৰৰ প্ৰতিবাদত অংশ লোৱাৰ পূৰ্বেই আটক

Story by  atv | Posted by  [email protected] • 1 d ago
জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী
জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী
 
নতুন দিল্লী
 
জনপ্ৰিয় ইউটিউবাৰ তথা চৰকাৰৰ প্ৰখৰ সমালোচক ধ্ৰুৱ ৰাথীক দিল্লী আৰক্ষীয়ে আটক কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীলৈ আহি থকাৰ পথত গুৰুগ্ৰামত আৰক্ষীয়ে ইউটিউবাৰগৰাকীক নিজৰ জিম্মালৈ লয়।
 
উল্লেখযোগ্য যে, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত আয়োজিত চিজেপিৰ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে ধ্ৰুৱ ৰাথী ভাৰতলৈ আহিছিল। বিগত সময়ছোৱাত জ্ঞানেশ কুমাৰৰ কাম-কাজক লৈ তেওঁ যথেষ্ট সৰৱ আছিল। ইয়াৰ উপৰিও, কেন্দ্ৰীয় মোদী চৰকাৰৰ বিভিন্ন নীতি আৰু কাৰ্যকলাপৰ বিৰুদ্ধেও তেওঁ ধাৰাবাহিকভাৱে কঠোৰ সমালোচকৰ ভূমিকা পালন কৰি আহিছে।
 
প্ৰতিবাদত অংশ ল'বলৈ যোৱাৰ পূৰ্বেই তেওঁক আৰক্ষীয়ে এনেদৰে আটক কৰা কাৰ্যই বিশেষ চৰ্চা লাভ কৰিছে। আনহাতে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধ্ৰুৱ ৰাথীৰ হাৰিয়ানাস্থিত বাসগৃহৰ সন্মুখতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে আৰু এটা আৰক্ষীৰ দল সষ্টম হৈ পহৰা দি থকা পৰিলক্ষিত হৈছে।