নতুন দিল্লী
বিজেপিৰ বৰ্ষীয়ান নেতা তথা সংখ্যালঘু পৰিক্ৰমা বিভাগৰ প্ৰাক্তন মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে কয় যে জনসংখ্যা বিস্ফোৰণ কোনো বিশেষ ধৰ্মৰ সমস্যা নহয়, বৰঞ্চ ই সমগ্ৰ দেশৰ বাবে প্ৰত্যাহ্বানৰ বিষয়।
'জনসংখ্যা বিস্ফোৰণৰ সমস্যাক কোনো দেশেই আওকাণ কৰিব নোৱাৰে। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বেছিভাগ দেশেই গ্ৰহণ কৰা ফলপ্ৰসূ ব্যৱস্থাই ইতিবাচক ফল দিছে। জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা বহু দেশৰ জনসাধাৰণে তেওঁলোকৰ চৰকাৰক এই প্ৰচেষ্টাত সহায় কৰিছে। জনসাধাৰণে শাসন ব্যৱস্থাৰ সৈতে সহযোগিতা কৰি তেওঁলোকৰ সম্পদৰ ওপৰত বৃদ্ধি পোৱা জনসংখ্যাৰ বোজা নিয়ন্ত্ৰণ কৰিছে।'-প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
সমাজবাদী পাৰ্টিৰ সাংসদ ছফিকুৰ ৰহমান বাৰ্কে সন্তান জন্ম দিয়াটো আল্লাহৰ কাম বুলি কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নাকভিয়ে কয় যে ভাৰতত জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ কথা এতিয়া আৰু আওকাণ কৰিব নোৱাৰি। একাংশ লোকে সদায় দেশৰ বাবে সমস্যাৰ সৃষ্টি কৰিব বিচাৰে। তেওঁলোকে “আল্লাহৰ ইচ্ছা”ৰ অজুহাতত জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়টোত হুলস্থুলৰ সৃষ্টি কৰিব বিচাৰিছে। ভাৰতৰ জনসংখ্যা বৃদ্ধিক এটা ধৰ্মৰ লগত সংযোগ কৰি কোনো লাভ নাই।
বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লক্ষ্ণৌত আয়োজিত এক অনুষ্ঠানত ভাষণ দি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও জনসংখ্যা বিস্ফোৰণক লৈ উদ্বেগ প্ৰকাশ কৰে।
তেওঁ কয় যে ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈছে জনগাঁথনিৰ ভাৰসাম্যহীনতাৰ ফল। মনকৰিবলগীয়া যে, সোমবাৰে প্ৰকাশিত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ২০২৩ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা চীনৰ জনসংখ্যাতকৈ অধিক হ’ব বুলি ধাৰণা কৰা হৈছে।