নতুন দিল্লী
ভাৰতীয় গ্ৰাহকসকলে দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ দাম বৃদ্ধিৰ আন এক পৰ্যায়ৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ইৰান যুদ্ধৰ মাজতে বিভিন্ন কেঁচামালৰ মূল্য বৃদ্ধি পোৱাৰ ফলত লাভৰ হাৰত চাপ সৃষ্টি হোৱাত দ্ৰুতগতিত বিক্ৰী হোৱা গ্ৰাহক সামগ্ৰী বা এফ এম চি জি (FMCG) কোম্পানীসমূহে ছেপ্টেম্বৰ ত্ৰৈমাসিকত পৰ্যায়ক্ৰমে অধিক মূল্য বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে।
কিছুমান কোম্পানীয়ে সামগ্ৰীৰ দাম একে ৰাখি পেকেটত থকা সামগ্ৰীৰ পৰিমাণ কমোৱাৰ অৰ্থাৎ ‘শ্ৰিংকফ্লেচন’ৰ পথো গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিছে। ইতিমধ্যে জুন ত্ৰৈমাসিকত উদ্যোগটোৱে প্ৰায় ২-৫ শতাংশলৈ সামগ্ৰীৰ দাম বৃদ্ধি কৰিছিল। এতিয়া কেইবাটাও আগশাৰীৰ কোম্পানীয়ে কেঁচামালৰ ব্যয় বৃদ্ধি অব্যাহত থাকিলে পুনৰ মূল্যবৃদ্ধিৰ প্ৰয়োজন হ’ব পাৰে বুলি ইংগিত দিছে।
ইয়াৰ অন্যতম স্পষ্ট উদাহৰণ হৈছে ব্ৰিটেইনিয়া। বিস্কুট নিৰ্মাতা কোম্পানীটোৱে চলিত ত্ৰৈমাসিকত পুনৰ ১.৫-২ শতাংশ মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিব পাৰে বুলি আশা কৰিছে। ইয়াৰ এটা অংশ ৫ আৰু ১০ টকাৰ পেকেটত ‘শ্ৰিংকফ্লেচন’ৰ জৰিয়তে হ’ব পাৰে।
চেনি আৰু পাম অইলৰ দৰে গুৰুত্বপূৰ্ণ কেঁচামালৰ মূল্যবৃদ্ধিয়ে কোম্পানীসমূহৰ ওপৰত চাপ সৃষ্টি কৰিছে। ব্ৰিটেইনিয়াৰ এম ডি তথা চিইঅ' ৰক্ষিত হাৰগাভে কয় যে জুন ত্ৰৈমাসিকত কৰা মূল্যবৃদ্ধিয়ে ব্যয় বৃদ্ধিৰ সম্পূৰ্ণ প্ৰভাৱ পূৰণ কৰিব পৰা নাই।
হিন্দুস্তান ইউনিলিভাৰেয়েও অধিক মূল্যবৃদ্ধিৰ বাবে সাজু হৈছে। কোম্পানীটোৱে ছেপ্টেম্বৰ ত্ৰৈমাসিকত ২-৫ শতাংশ পৰ্যন্ত পৰ্যায়ক্ৰমে মূল্যবৃদ্ধিৰ আশংকা কৰিছে আৰু বিভিন্ন শ্ৰেণীৰ সামগ্ৰীত পৰিস্থিতি অনুসৰি পৰ্যায়ক্ৰমে দাম বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।
ডাবৰ ইণ্ডিয়াইও কেঁচামালৰ অধিক ব্যয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কোম্পানীটোৰ পৰিচালনা কৰ্তৃপক্ষই জনোৱা অনুসৰি, মূল্যবৃদ্ধিৰ কিছু অংশ গ্ৰাহকৰ ওপৰত প্ৰয়োগ কৰাৰ ফলত ৰাজহ আৰু মূল্যবৃদ্ধিৰ হাৰ সামগ্ৰীৰ বিক্ৰী পৰিমাণ বৃদ্ধিৰ তুলনাত অধিক হ’ব পাৰে।
গডৰেজ কনজিউমাৰ প্ৰডাক্টছ আৰু টাটা কনজিউমাৰ প্ৰডাক্টছেও কেঁচামালৰ ব্যয় অধিক হৈ থাকিলে পুনৰ মূল্যবৃদ্ধিৰ সম্ভাৱনা নুই কৰা নাই।
সুৰাৰ বজাৰত বিপৰীত ছবি
এফালে এফএমচিজি কোম্পানীসমূহে সামগ্ৰীৰ দাম বৃদ্ধি কৰিলে বিক্ৰী হ্ৰাস পোৱাৰ আশংকা কৰিছে, আনফালে গ্ৰাহকসকলে অধিক দামৰ প্ৰিমিয়াম সুৰা ক্ৰয় কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে।
জুন ত্ৰৈমাসিকত ইউনাইটেড স্পিৰিটছ, ৰেডিকো খাইটান আৰু এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছে তেওঁলোকৰ প্ৰিমিয়াম আৰু তাতোকৈ উচ্চ শ্ৰেণীৰ সামগ্ৰীত দুটা সংখ্যাৰ বৃদ্ধিৰ হাৰ নথিভুক্ত কৰিছে। ইউনাইটেড ব্ৰুৱেৰিজৰেও প্ৰিমিয়াম সামগ্ৰীৰ বিক্ৰী পৰিমাণত ১৭ শতাংশ বৃদ্ধি লাভ কৰিছে।
ইয়াৰ ভিতৰত ৰেডিকো খাইতানৰ প্ৰদৰ্শন বিশেষভাৱে উল্লেখযোগ্য। ত্ৰৈমাসিকটোত কোম্পানীটোৰ প্ৰিমিয়াম সামগ্ৰীৰ বিক্ৰী পৰিমাণ ৩৫.৮ শতাংশ বৃদ্ধি পায়। কোম্পানীটোৱে ৰাজহত ১৩.২২ শতাংশ আৰু একত্ৰিত নিট লাভত ৭৬ শতাংশ বৃদ্ধি নথিভুক্ত কৰে।
ইউনাইটেড স্পিৰিটছেও প্ৰিমিয়াম সামগ্ৰীৰ পৰা লাভৱান হৈছে। কোম্পানীটোৰ নিট লাভ ৫১.৬ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাজহ ৫ শতাংশ বৃদ্ধি হৈ ৬,১১৩ কোটি টকা হয়। অৱশ্যে কোম্পানীটোৰ আনটো জনপ্ৰিয় সামগ্ৰী শ্ৰেণীত নিট বিক্ৰীৰ মূল্যত যথেষ্ট হ্ৰাস দেখা যায়।
সামগ্ৰিকভাৱে, দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ ক্ষেত্ৰত মূল্যবৃদ্ধিয়ে গ্ৰাহকৰ ওপৰত চাপ বৃদ্ধি কৰাৰ আশংকা থকাৰ বিপৰীতে প্ৰিমিয়াম সুৰা বজাৰত গ্ৰাহকৰ ব্যয়ৰ ধৰণত এক বিপৰীত ছবি দেখা গৈছে।