বিশিষ্ট কবি, নাট্যকাৰ-পৰিচালক ৰফিকুল হুছেইনৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 1 d ago
বিশিষ্ট কবি, নাট্যকাৰ-পৰিচালক ৰফিকুল হুছেইনৰ দেহাৱসান
বিশিষ্ট কবি, নাট্যকাৰ-পৰিচালক ৰফিকুল হুছেইনৰ দেহাৱসান
 
গুৱাহাটী
 
ৰাজ্যখনৰ এগৰাকী বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক ৰফিকুল হুছেইনৰ দেহাৱসান ঘটিছে। শনিবাৰে নিশা ১০.৩০ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ।
 
তেওঁৰ মৃত্যুৰ পিছতে তেওঁৰ নশ্বৰ দেহ নিশাই এখন পুষ্পসজ্জিত বাহনেৰে বোকাখাতৰ নিজা ঘৰলৈ লৈ যোৱা হয়। যোৱা ১ ফেব্ৰুৱাৰীত মৰিগাঁৱত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল হুছেইনে। অনুষ্ঠানৰ পিছতে হোটেলৰ বাথৰূমত পিচলি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিশিষ্ট নাট্যকৰ্মীজন।
 
তেওঁক তেতিয়া ততাতৈয়াকৈ মৰিগাঁৱৰ এখন হাস্পতালত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা দিয়া হয় আৰু তাৰ পিছতে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে অনা হয়।
 
১৯৫৪ চনত গোলাঘাট জিলাৰ বোকাখাতত জন্মলাভ কৰিছিল ৰফিকুল হুছেইনে। আশীৰ দশকত অসমীয়া সাহিত্যত কবিতাৰ নতুন জোৱাৰৰ সৃষ্টি কৰা কবিসকলৰ ভিতৰত ৰফিকুল হুছেইন অন্যতম। সামাজিক চেতনাৰে সংপৃক্ত হুছেইনৰ কবিতাই সমসাময়িক কবিতা অনুৰাগীক উদ্বুদ্ধ কৰিছিল।
 
তেওঁৰ উল্লেখযোগ্য কবিতা পুথি ‘শৰবিদ্ধ আকাশ’ (১৯৮৪), ‘বিষাদ বসন্ত’ (২০০৯), ‘চাকিৰ চাংঘৰ’(২০১৮)। আনহাতে, ‘উজান’ (১৯৮৫), ‘জলাশয় (১৯৮৬), ‘দৈৱকী’ (১৯৮৭), ‘ধোঁৱা’ (১৯৯২), ‘জলপ্ৰপাত’(২০০০), ‘সপোনৰ বৃন্দাবন’ (২০০২), ‘অৰণ্যত উৰ্মিলা’(২০০৪), আৰু ‘ৰাতিৰ আকাশ’ (২০০৭) শীৰ্ষক পূৰ্ণাংগ নাটকো ৰচনা কৰিছে। ইয়াৰ উপৰিও তেওঁ আঠখন একাংক নাটো ৰচনা কৰিছে।