স্বেচ্ছাসেৱক, ভিডিপিৰ সদস্যৰ বাবে বন বিভাগক আৰণ্যকৰ বিভিন্ন সঁজুলি প্ৰদান

Story by  atv | Posted by  [email protected] • 8 Months ago
সঁজুলি প্ৰদান অনুষ্ঠানৰ মুহূৰ্ত
সঁজুলি প্ৰদান অনুষ্ঠানৰ মুহূৰ্ত
 
গুৱাহাটী
 
বিস্তীৰ্ণ এলেকা ব্যাপি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণী আৰু অন্যান্য সম্পদৰ সুৰক্ষাত বন বিভাগক সহায় কৰা, বিশেষকৈ অহৰ্নিশে পহৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা স্বেচ্ছাসেৱক আৰু গাঁওৰক্ষী বাহিনীৰ (ভি ডি পি) সদস্যৰ বাবে আৰণ্যকে বন বিভাগক বিভিন্ন সঁজুলি প্ৰদান কৰে।  
 
উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণ সংস্থাটোৱে বন বিভাগৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি অহা ৫০ জন এনে স্বেচ্ছাসেৱক আৰু ২০ জন ভিডিপি সদস্যৰ বাবে টৰ্চ লাইট আৰু ৰেইন কোট, গাম বুটকে ধৰি পহৰাৰ সময়ত প্ৰয়োজনীয় অন্যান্য সঁজুলি যোগান ধৰে ।
 
কাজিৰঙাস্থিত আৰণ্যকৰ প্ৰৱন্ধক আৰিফ হুছেইনে জনোৱা মতে, ৫০ জন স্বেচ্ছাসেৱকৰ বাবে দিয়া টৰ্চলাইট, ৰেইন কোট আৰু গাম বুট ২৮ আগষ্টত বিশ্বনাথৰ সংমাণ্ডলিক বন বিষয়া (ডি এফ অ’ ) খৰ্গেশ্বৰ পেগুক হস্তান্তৰ কৰা হয় ।  ডি এফ অ’ৰ কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানত ৰেঞ্জ বিষয়া যতীন্দ্ৰ মোহন দাস, প্ৰাঞ্জল গগৈ আৰু দেৱজিত শইকীয়া উপস্থিত থাকে।
 
সঁজুলি প্ৰদান অনুষ্ঠানৰ মুহূৰ্ত
 
আৰণ্যকৰ পৰা ক্ষেত্ৰ সঁজুলিবোৰ গ্ৰহণ কৰি সংমাণ্ডলিক বন বিষয়াজনে কয় যে বন বিভাগৰ ক্ষেত্ৰ কৰ্মীসকলৰ সৈতে ৰাষ্ট্ৰীয় উদ্যান এলেকাসমূহত টহল দিবলৈ ওলাই যোৱা স্বেচ্ছাসেৱকসকলৰ বাবে এই সামগ্ৰীসমূহ অতি উপযোগী হ’ব।
 
সামগ্ৰীবোৰ বিতৰণৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ অৰ্থে কাম কৰাৰ বাবে লোৱা প্ৰস্তাৱিত পদক্ষেপ সন্দৰ্ভত বন বিষয়া আৰু আৰণ্যকৰ প্ৰতিনিধিৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়।
 
বিশ্বনাথ বন সংমণ্ডলৰ নাগ শংকৰ ৰেঞ্জৰ অন্তৰ্গত মকোৱা চাপৰিত অনুষ্ঠিত আন এক কাৰ্যসূচীত আৰণ্যকে অঞ্চলটোত বন বিভাগৰ সৈতে কাম কৰা কমেও ২০ জন ভি ডি পি সদস্যৰ বাবে টৰ্চ লাইট, ৰেইন কোট আৰু গাম বুটকে ধৰি ক্ষেত্ৰ সঁজুলিবোৰ বন বিভাগৰ বিষয়াক প্ৰদান কৰে।
 
এই উপলক্ষে মকোৱা চাপৰিত অনুষ্ঠিত এখন সজাগতা সভাত নাগ শংকৰ ৰেঞ্জৰ ৰেঞ্জ বিষয়া দেৱজিত শইকীয়া, বেচৰকাৰী সংস্থা উপত্যকাৰ সভাপতি ছাইদুৰ ৰহমান, আৰণ্যকৰ বিষয়ববীয়া আৰিফ হুছেইন আৰু ৰাম ভক্ত চেত্ৰীয়ে ভি ডি পিৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে।
 
উল্লেখ্য যে, বনাঞ্চলৰ কাষৰীয়া এলেকাৰ লোককে ধৰি বিভিন্ন অংশীদাৰসকলৰ মাজত সহযোগিতাৰ জৰিয়তে বন্যপ্ৰাণীৰ ফলপ্ৰসূ সুৰক্ষাৰ বাবে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ হিচাপে আৰণ্যকে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা স্বেচ্ছাসেৱক আৰু ভি ডি পি সদস্যসকলক সহায় কৰাত বন বিভাগক সহযোগিতা কৰি আহিছে।