উজ্জ্বল উল্কাপিণ্ডই পোহৰাই তুলিলে দিল্লী, গুৰগাঁওৰ আকাশ

Story by  atv | Posted by  [email protected] • 1 h ago
দিল্লী, গুৰগাঁওৰ আকাশত দেখিবলৈ পোৱা উজ্জ্বল উল্কাপিণ্ডৰ দৃশ্য
দিল্লী, গুৰগাঁওৰ আকাশত দেখিবলৈ পোৱা উজ্জ্বল উল্কাপিণ্ডৰ দৃশ্য
 
নতুন দিল্লী

শুকুৰবাৰে নিশা নতুন দিল্লীবাসী এক বিৰল আকাশী পৰিঘটনাৰ সাক্ষী হয়। এটা উজ্জ্বল উল্কাপিণ্ডই দিল্লীৰ আকাশ পোহৰাই তুলে। ইয়াৰ ফলত দিল্লীৰ বাসিন্দাসকল আতংকিত হৈ পৰে আৰু অনলাইনত উত্তেজনাৰ ঢৌৰ সৃষ্টি হয়। বতাহৰ মাজত উল্কাপিণ্ড ভাঙি যোৱা যেন লগা পোহৰৰ ৰেখাডাল দিল্লী, নয়ডা, গাজিয়াবাদ, গুৰগাঁও, আলিগড়কে ধৰি কেইবাখনো চহৰত দেখা গৈছিল।
 
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভিডিঅ’বোৰ দ্ৰুতগতিত বিয়পি পৰে। বহু ব্যৱহাৰকাৰীয়ে এই পৰিঘটনাক “শ্বুটিং ষ্টাৰ বিস্ফোৰণ” (shooting star explosion)ৰ সৈতে তুলনা কৰাৰ বিপৰীতে আন কিছুমানে ইয়াক তেওঁলোকে দেখা আটাইতকৈ উজ্জ্বল উল্কাপিণ্ডৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে।
জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞসকলে কয় যে এই পৰিঘটনাটো সম্ভৱতঃ ব’লাইড নামৰ এক প্ৰকাৰৰ উল্কাপিণ্ড, যিটো তীব্ৰ ঘৰ্ষণ আৰু তাপৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছত খণ্ডিত হৈ পৰে।
 
আকাশত উল্কাপিণ্ড দেখাটো অস্বাভাৱিক পৰিঘটনা নহ’লেও, ইমান বৃহৎ জনসংখ্যাই ইয়াক একেলগে দেখা পোৱা উজ্জ্বল পৰিঘটনাক বিৰল বুলি গণ্য কৰা হৈছে। যিহেতু বেছিভাগ উল্কাপিণ্ড মাটি স্পৰ্শ কৰাৰ আগতেই খণ্ডিত হৈ পৰে, সেয়েহে ইয়াৰ পৰা কোনো ক্ষয়-ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে।