গুৱাহাটী
আজি দেশজুৰি উদযাপন কৰা হৈছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ৰাজ্যখনতো গণৰাজ্য দিৱস পালন কৰা হয়৷ মহানগৰীৰ খানাপাৰাত ৰাজ্য চৰকাৰে আয়োজন কৰে গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। খানাপাৰাত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে।
ইপিনে, ডিব্ৰুগড়ত খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সভাত ভাষণ দি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে, ৰাজ্যৰ পাঁচগৰাকীকৈ সন্তানক পদ্ম বঁটাৰে সন্মানিত কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়। ড০ বি আৰ আম্বেদকাৰক ভাৰতীয় সংবিধানৰ মুখ্য স্থপতি বুলি অভিহিত কৰি তেওঁ কয় যে, সংবিধানখন গণতন্ত্ৰৰ আত্মা।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ কৰে যে কংগ্ৰেছে বিগত সময়ত সংবিধানক বাৰে বাৰে আক্ৰমণ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যৰ উদ্ধৃতি দি তেওঁ দৃঢ়তাৰে কয় যে, অসমৰ এতিয়া আটাইতকৈ দ্ৰুত গতিত বিকশিত ৰাজ্য হৈছে।
অসমৰ মুঠ ঘৰুৱা উৎপাদন বাৰ্ষিক ১৩ৰ পৰা ১৫ শতাংশ হাৰত বৃদ্ধি পোৱাৰ লগতে ২০২৭ চনৰ ভিতৰত ১০ লাখ কোটি টকা স্পৰ্শ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে। বিশ্ব অৰ্থনৈতিক মঞ্চত অসমে প্রথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ কথা আলোকপাত কৰি শৰ্মাই কয় যে, এতিয়া অসম পিছপৰা থকা নাই। আধুনিক, উন্নয়নমুখী আৰু বিনিয়োগ অনুকূল গন্তব্যস্থান হিচাপে স্বীকৃতি লাভ কৰিছে৷
বিগত পাঁচ বছৰৰ সাফল্যক প্ৰতিফলিত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসমে উন্নয়নৰ নতুন মাইলৰ খুঁটিত উপনীত হৈছে। তেওঁ উল্লেখ কৰে যে বিহু, ঝুমোইৰ আৰু বাগুৰুম্বাই বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। আনহাতে, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে।
তেওঁৰ চৰকাৰে স্বচ্ছ নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, এই পৰ্যন্ত ১.৫৬ লাখ যুৱক-যুৱতীক চাকৰিৰ ব্যৱস্থা কৰা হৈছে৷ লগতে বড়ো চুক্তি আৰু কাৰ্বি শান্তি চুক্তিক ৰাজ্যখনলৈ স্থায়ী শান্তি অনাৰ বাবে কৃতিত্ব দিয়ে। মুখ্যমন্ত্ৰী শৰ্মাই আৰু ঘোষণা কৰে যে, অসম চৰকাৰী চিকিৎসালয়ত প্ৰ’টন থেৰাপীৰ সুবিধা প্ৰদান কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব। এয়া স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ।
অসমৰ উদীয়মান দ্বিতীয় ৰাজধানী হিচাপে মহানগৰীৰ ক্ৰমবৰ্ধমান গুৰুত্ব আৰু অধিক শক্তিশালী কৰি ডিব্ৰুগড়ত গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰা এইবাৰ একেৰাহে দ্বিতীয় বৰ্ষ। যোৱা বছৰ তেওঁ গুৱাহাটীত স্বাধীনতা দিৱস আৰু উজনি অসমত গণৰাজ্য দিৱস পালনৰ প্ৰথা অব্যাহত ৰাখি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত ত্ৰিৰংগা উত্তোলন কৰে।