ছিপাঝাৰ
দৰং জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক তথা ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰাপক এম হাফিজ আলিক আজি বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ,ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে বিদ্যালয় সভাগৃহত আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জনোৱাৰ পিছত বিয়লি এক বজাত মাৰৈ বিজুলীবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত মাৰৈ গাৱৰ তেখেতৰ নিজা বাসগৃহত দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত তেখেতক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়।
এই উপলক্ষ্যত মাৰৈ বিজুলীবাৰী স্বৰ্ণ শাখা সাহিত্য সভাই ফুলাম গামোছা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উদাম্ব নাট্য গোষ্টী, এম বি ক্লাৱ, জেচমিন ক্লাৱ, প্ৰেছগ্ৰীল্ড ,দৰং জিলা সাহিত্য সভা ইত্যাদি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অজশ্ৰ শুভাকাংশী ব্যক্তিয়ে সম্বধ্যনা জ্ঞাপন কৰে।
মাৰৈ বিজুলীবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক বিজুফুকন বৰুৱাই আতধৰা সভাখনত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে সভা আৰম্ভনী কৰি এম হাফিজ আলিৰ বহুমুখী প্ৰতিভাৰ আকৰ নামেৰে এখনি পুষ্টিকা উন্মোচন কৰে অৱসৰী ৰাজ্যিক কৃতী শিক্ষক বিশিষ্ট সাংবাদিক পৱন কুমাৰ কলিতাই।
আমন্ত্ৰীত অতিথি হিচাবে দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথ,ৰাজ্যিক জেষ্ঠ নাগৰিক সন্থাৰ কায্যকৰি সভাপতি পৃথুৰাম বৰুৱা, ৰাজ্যিক কৃতী শিক্ষক সাংবাদিক চন্দ্ৰ চহৰীয়া,মাৰৈ বিজুলীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক উপেন্দ্ৰ জিৎ শৰ্মা, সাহিত্যিক খাইৰুল ইছলাম মাৰৈ বিজুলীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মকিৱৰ ৰহমান, ছিপাঝাৰঋ বি জে উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইমৰান হুছেইন ,ছিপাঝাৰ প্ৰেছ গ্ৰীল্ডৰ সম্পাদক ৰনজিৎ কুমাৰ নাথ, শিক্ষক চফিকুল ৰহমান , অৱসৰী বেংক বিয়য়া হাচান আলিয়ে বক্তব্য ৰখাৰ লগতে মাৰৈ শিক্ষাবিদ চাহজামাল হকে কবিতা পাঠ, শিল্পী হাৰিজ আলিয়ে গীত পৰিবেশন উপৰিও মাৰৈ বিজুলীবাৰী সাহিত্য সভাৰ উপ সভাপতি ৰমাকান্ত চহৰীয়া, দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃনাল কুমাৰ নাথ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কায্য নিবাহক মুকুট হাজৰিকা, অৱসৰী শিক্ষক সত্যৰাম ডেকা ,ভুপেন নাথ, অসম সাহিত্য সভাৰ আজীৱন সভ্য লক্ষ্য কুমাৰ ডেকা, জেষ্ঠ নাগৰিক সূয্য কুমাৰ দাস , সমাজ কৰ্মী অৰুন চন্দ্ৰ দাস, বিশিষ্ট সাংবাদিক হিমাংশু ৰঞ্জন চহৰীয়া, সাংবাদিক আতিকুৰ ৰহমান,পৰশমনি হাজৰিকা, ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ্য আব্দুল লটিফ, সমাজকৰ্মী দেৱজিত নাথ, নাট্য কৰ্মী জীতেন চহৰীয়া, সমাজ কৰ্মী মহৰুম আলি, হিমাংশু ৰঞ্জন কলিতা, নজৰুল হক, হামিদ খান , গোলাম নবী আজাদ, বাবুল আলি ইত্যাদি বিশিষ্ট ব্যক্তি সকল সভাত উপস্থিত থাকি সম্বৰ্ধনা জ্ঞাপন কৰে।