আৰ আৰ ইউ স্বেচ্ছাসেৱকসকলক হাতী-মানুহৰ সংঘাত প্ৰশমনৰ প্ৰশিক্ষণ প্ৰদান আৰণ্যকৰ

Story by  atv | Posted by  Munni Begum • 2 Months ago
আৰ আৰ ইউ স্বেচ্ছাসেৱকসকলক
আৰ আৰ ইউ স্বেচ্ছাসেৱকসকলক
 
গুৱাহাটী 
 
অসম আৰু মেঘালয়ৰ বিভিন্ন অঞ্চলত মানৱ-হাতী সংঘাতৰ প্ৰশমনৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে গ্ৰহণ কৰা পদক্ষেপৰ অধীনত মানৱ-হাতী সংঘাত ক্ষতিগ্ৰস্ত গাঁৱৰ পৰা নিৰ্বাচিত কৰা স্বেচ্ছাসেৱকৰ এটা বৃহৎ দলে স্থানীয় লোক আৰু বন্যহস্তীৰ সহাৱস্থানত সহায় কৰাৰ ক্ষেত্ৰত প্ৰশংসনীয় সেৱা আগবঢ়াই আহিছে। 
 
মানৱ-হাতী সংঘাত প্ৰভাৱিত বিভিন্ন এলেকাৰ গাঁৱৰ যুৱকক লৈ আৰণ্যকে গঠন কৰা ৰেপিড ৰেচপন্স ইউনিটৰ (আৰ আৰ ইউ) সদস্য এই স্বেচ্ছাসেৱকসকলে মূলতঃ গাঁওবাসীক বন্য হাতীৰ উপস্থিতিৰ বিষয়ে সময়মতে সতৰ্ক কৰি দিয়া 'এইচ ই চি-এলাৰ্ট নেটৱৰ্ক'ৰ অংশ হিচাপে কাম কৰে। আৰ আৰ ইউৰ সদস্যসকলে নিৰ্দিষ্ট 'হোৱাটছএপ' গোটৰ জৰিয়তে হাতীৰ গতিবিধিৰ তথ্য তৎকালীনভাৱে প্ৰেৰণ কৰে। 
 
এই স্বেচ্ছাসেৱী গোটসমূহৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে আৰাণ্যকৰ সমল দলে আৰ আৰ ইউৰ সদস্যসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰে। আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে কয়, "আমি পূৰ্ব-নিৰ্ধাৰিত প্ৰশিক্ষণ মডিউল ব্যৱহাৰ কৰি প্ৰদান কৰা এই প্ৰশিক্ষণত হাতীৰ পৰিৱেশতন্ত্ৰ আৰু আচৰণ, মানৱ-হাতী সংঘাত ন্যূনতম মাত্ৰালৈ হ্ৰাস কৰাৰ ফলপ্ৰসূ উপায় আৰু মানৱ বসতিস্থলত হাতীৰ গতিবিধি নিৰীক্ষণ পদ্ধতি আৰু নিৰ্দিষ্ট হোৱাটছএপ গোটৰ জৰিয়তে তথ্যসমূহ গাঁৱৰ মানুহলৈ প্ৰেৰণ কৰি তেওঁলোকক সতৰ্ক কৰা আদি বিষয়ক লৈ প্ৰশিক্ষণ দিওঁ। এই পৰ্যন্ত আমি পূব অসমত ছটা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত চাৰিটা আৰ আৰ ইউ গঠন কৰিছো।" 
 
আৰণ্যকে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈ পূব অসমৰ মাজুলী, ডিব্ৰুগড় আৰু যোৰহাট জিলাত আৰ আৰ ইউৰ সদস্যসকলৰ বাবে এলানি এনে কৰ্মশালাৰ আয়োজন কৰিছিল। আৰণ্যকৰ বিষয়া জাকিৰ ইছলাম বৰা আৰু নিৰঞ্জন ভূঞাই কৰ্মশালাৰ আৰম্ভণিতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু মানুহৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে আৰণ্যকৰ চেষ্টা আৰু আৰ আৰ ইউবোৰ গঠনৰ উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে।
 
এই পৰিচয়মূলক অধিবেশনৰ পাছত আৰণ্যক সমল ব্যক্তি ৰুবুল তাঁতী আৰু অঞ্জন বৰুৱাই এটা জাকত হাতী চিনাক্ত কৰাৰ আকৃতিগত বৈশিষ্ট্য, ইয়াৰ বিতৰণ আৰু মানৱ-হাতী সংঘাতৰ কাৰকবোৰৰ বিষয়ে উপস্থাপন কৰে। মানৱ-হাতী সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰত আৰ আৰ ইউসমূহে পালন কৰিবলগীয়া বিভিন্ন ভূমিকা আৰু দায়িত্বৰ বিষয়েও তেওঁলোকে ব্যাখ্যা কৰে। বৰুৱাই মনৱ-হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ বাবে ফলপ্ৰসু প্ৰশমন ব্যৱস্থাসমূহৰ ওপৰতো আলোকপাত কৰে। 
 
আৰণ্যকৰ সংৰক্ষণ জীৱ বিজ্ঞানী ড০ আলোলিকা সিনহাই কয়, "আমাৰ দলটোৱে শস্য আৰু সম্পত্তিৰ ক্ষতিৰ মূল্যায়ন আৰু মানৱ-হাতী সংঘাতৰ ফলত হোৱা লোকচানৰ বিপৰীতে এককালীন সাহায্য বিচৰা আবেদন প-পত্ৰ পূৰন কেনেকৈ পূৰণ কৰিব লাগে সেই বিষয়েও অধিৱেশনত হাতে কামে প্ৰশিক্ষণ দিয়ে।"  
 
আৰণ্যকৰ বিষয়া জাকিৰ ইছলাম বৰাই কয় যে এই প্ৰশিক্ষণসমূহ ডাৰউইন ইনিচিয়েটিভৰ সহযোগত আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে পূৱ অসম আৰু মেঘালয়ত মানৱ-হাতী সহাৱস্থানক উদগনি যোগোৱাৰ বাবে গ্ৰহণ কৰা উদ্যোগৰ অংশ। আৰণ্যকৰ বিষয়া তথা অন্যতম "আপদা মিত্ৰ" (ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দ্বাৰা প্ৰশিক্ষিত স্বেচ্ছাসেৱক) ইজাজ আহমেদে  মানৱ-হাতী সংঘাতত আঘাতপ্ৰাপ্ত লোকক প্ৰাথমিক চিকিৎসা প্ৰদানৰ প্ৰক্ৰিয়া প্ৰদৰ্শন কৰে।
 
এই কৰ্মশালাসমূহত সৰ্বমুঠ ১৩৩ জন গাঁওবাসী, আৰ আৰ ইউ আৰু উপদ্ৰৱ বিৰোধী গোট (মানৱ-হাতী সংঘাত মোকাবিলা কৰিবলৈ বন বিভাগে গঠন কৰা)ৰ সদস্য আৰু বন বিষয়াক প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ কৰ্মশালা লানিৰ সময়ত আৰণ্যকে বনৰীয়া হাতীয়ে সঘনাই অহা যোৱা কৰা নামচাং চাহ বাগানৰ উপদ্ৰৱ বিৰোধী গোট আৰু মাজুলীৰ আৰ আৰ ইউক ১০টা ৰিচাৰ্জেবল টৰ্চ লাইট প্ৰদান কৰে।
 
আৰণ্যকৰ বিষয়া প্ৰাণজিত বৰা, জোনাক বৰুৱা, অনন্ত দত্ত, চিৰঞ্জীৱ কলিতা, লক্ষ্মীনাথ টাইদ, ধনটো গগৈ আৰু বিজয় কলিতাৰ লগতে গাঁৱ চেম্পিয়নসকলে প্ৰশিক্ষণ সাফল্যমণ্ডিত কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। আৰণ্যকৰ সমল গোটে অংশগ্ৰহণকাৰীসকক কৰ্মশালাৰ পূৰ্বে আৰু পাছত মূল্যায়ন কৰি তেওঁলোকে লাভ কৰা জ্ঞানৰ বুজ লয়।