ডুবাইত ২০ মিনিটত ৭ টা বিস্ফোৰণ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
ডুবাইত জেভেল আলী ইণ্ডাষ্ট্ৰিয়েল অঞ্চলত ২০ মিনিটতে ৭ টাকৈ বিস্ফোৰণে জোকাৰি গৈছে। এই বিস্ফেোৰণৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। বিস্ফোৰণৰ পাছত অঞ্চলটোৰ আকাশ ক’লা ধোঁৱাৰে আৱৰি ধৰে।
 
ডুবাইৰ সংবাদ প্ৰতিষ্ঠানৰ খবৰ অনুসৰি এই ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰা হৈছে। ইফালে ইৰাণৰ সংবাদ প্ৰতিষ্ঠানে দিয়া খবৰ অনুসৰি, সেয়া ইৰাকে মিছাইলৰ জৰিয়তে কৰা আক্ৰমণ।
 
উল্লেখযোগ্য যে, আমেৰিকা- ইৰানৰ যুদ্ধৰে অংশ হিচাপে এই আক্ৰমণ চলোৱা হৈছে বুলি ইৰানী সংবাদ মাধ্যমে সদৰি কৰিছে যদিও বিষয়টোৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো পক্ষই একো তথ্য প্ৰকাশ কৰা নাই। ডুবাই প্ৰশাসনে এই ঘটনাৰ পাছতে অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰিছে। ঘটনাত কোনো লোক হতাহত হোৱাৰ তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।