গুৱাহাটী
কেঁচা চাহপাতৰ ক্ষেত্ৰত ন্যায্য আৰু পাৰিশ্রমিক মূল্য (এফ আৰ পি) প্ৰৱৰ্তন কৰি ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ বাবে অনুৰোধ জনাই দেশৰ প্রধানমন্ত্রীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্র চাহ খেতিয়ক সংস্থাই।
এই স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে যে, চাহ খণ্ড হৈছে আধা কৃষি আৰু আধা উদ্যোগ। ক্ষুদ্র চাহ খেতিয়কসকলে নিজৰ নিজৰ ক্ষুদ্র চাহ বাগিচাসমূহত কেঁচাপাত উৎপাদন কৰে আৰু সেই কেঁচাপাত চাহ কাৰখানাসমূহলৈ প্রেৰণ কৰা হয়। গতিকে ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে ক্ষুদ্র চাহ খেতিয়কসকলৰ দ্বাৰা উৎপাদিত কেঁচা চাহপাতৰ ক্ষেত্ৰত ন্যায্য আৰু পাবিশ্রমিক মূল্য প্রবর্তনৰ এক ব্যবস্থা গ্রহণ কৰিবলৈ আহ্বান জনায় উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও চাহ উৎপাদনকাৰী সংস্থাই।
স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে যে, বর্তমান চৰকাৰৰ দ্বাৰা মুঠ ২২ বিধ কৃষিজাত শস্যৰ ক্ষেত্রত ন্যূনতম সমর্থন মূল্য প্রযোজ্য হৈ থকাত বজাৰ মূল্যৰ সঘন তাৰতম্য ঘটিলেও কৃষকসকলে বেছিকৈ ক্ষতিগ্রস্ত নহয়। আন এক চৰকাৰী পদক্ষেপ হৈছে কুঁহিয়াৰ খেতিৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা ন্যায্য আৰু পাৰিশ্ৰমিক মূল্য যাৰ বাবে কুঁহিয়াৰ উৎপাদকসকল লাভান্বিত হৈ আছে।
উল্লেখ্য যে বর্তমান ভাৰতীয় চাহ ব'ৰ্ডৰ দ্বাৰা জিলাভিত্তিক নির্ধাৰণ কৰি থোৱা এভাৰেজ গ্রীন লিফ প্রাইচ মাহে মাহে সাল সলনি হৈ থাকে আৰু এই ব্যৱস্থাই ক্ষুদ্র চাহ খেতিয়কসকল আৰু চাহ উৎপাদনকাৰীসকলৰ মাজত এক সংঘাত তথা ব্যৱধানৰ পৰিবেশহে অনা বুলি স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে।
লগতে স্মাৰকপত্ৰত দেশৰ কৃষি বিভাগৰ প্রতি অনুৰোধ জনোৱা হয় যে, কৃষি বিভাগে ক্ষুদ্র চাহ খেতিয়কসকলক বেহাই মূল্যত উন্নত মানৰ সা-সঁজুলি যোগন ধৰাৰ বাবে পদক্ষেপ গ্রহণ কৰে।
নর্থ-ইষ্ট কনফেডাৰেচন ফৰ স্মল টি গ্ল'ৱাৰ্ছৰ সভাপতি দিগন্ত ফুকন, সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক পৰিষদৰ সভাপতি নাৰায়ণ লাহন, সদৌ নাগালেণ্ড ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি এন পল কিকন, সদৌ ত্রিপুৰা ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি ৰাচিক দেৱবার্মা, সদৌ অৰুণাচল প্রদেশ ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি টাডাক গেব আৰু মেঘালয় ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি থমাছ মালাইৰ দ্বাৰা প্ৰধানমন্ত্ৰীলৈ এই স্মাৰকপত্ৰখন প্ৰেৰণ কৰি হৈছে।