কাজিৰঙাৰ বন শিবিৰলৈ আৰণ্যকৰ ১০টা সৌৰ আলোক ব্যৱস্থা উপহাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
কাজিৰঙাৰ বন শিবিৰলৈ আৰণ্যকৰ ১০টা সৌৰ আলোক ব্যৱস্থা উপহাৰ
কাজিৰঙাৰ বন শিবিৰলৈ আৰণ্যকৰ ১০টা সৌৰ আলোক ব্যৱস্থা উপহাৰ
গুৱাহাটী
 
উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ব্ৰিটেইনস্থিত ডেভিড শ্বেফাৰ্ড বন্যপ্ৰাণী ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ সহযোগত কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলক ১০টা সৌৰ আলোক ব্যৱস্থা উপহাৰ হিচাপে প্ৰদান কৰিছে।
 
 
এখন সৌৰ প্লেট, এটা বেটাৰী আৰু তিনিটা বাল্ব সম্বলিত এই দহটা সৌৰ আলোক ব্যৱস্থাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখনৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ দহটা চোৰাং চিকাৰ বিৰোধী শিবিৰ আলোকিত কৰাত সহায় কৰিব।
 
আৰাণ্যকৰ বিষয়ববীয়া আৰিফ হুছেইনে দেওবাৰে কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বিশ্বনাথ মধ্য ৰেঞ্জ আৰু নাগশংকৰ ৰেঞ্জৰ বনাঞ্চলিক বিষয়া ক্ৰমে নয়নজ্যোতি গগৈ আৰু দেৱজিত শইকীয়াক আনুষ্ঠানিকভাৱে সৌৰ আলোক সজুলিবোৰ প্ৰদান কৰে।
 
বন্যপ্ৰাণীৰ সুৰক্ষাত নিয়োজিত ফ্ৰণ্টলাইন কৰ্মীসকলে ৰাতি কটোৱা এই চোৰাং চিকাৰ বিৰোধী শিবিৰবোৰ কোনো বিদ্যুৎ বিতৰণ গ্ৰীডৰ সৈতে সংযুক্ত নহয় আৰু সেয়ে ৰাতি আন্ধাৰত ডুব গৈ থকা এই শিবিৰত বাসিন্দাসকল অতি কষ্টৰে থাকিব লগা হয়। এতিয়া এই সৌৰ আলোক ব্যৱস্থাৰ সহায়ত এই দহটা শিবিৰ ৰাতি বনকৰ্মীসকলৰ সুবিধাৰ্থে পোহৰাই তুলিব পৰা যাব।
 
ইয়াৰ পূৰ্বে আৰণ্যকে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত চোৰাং চিকাৰ বিৰোধী শিবিৰক আন দহটা এনে সৌৰ আলোক ব্যৱস্থা উপহাৰ দিছিল।
 
পূৰ্বৰ মধ্য অসম বনানীকৰণ সংমণ্ডল, ওজাইক স্থানান্তৰিত কৰি ২০১৮ চনৰ ১৪ আগষ্ট তাৰিখৰ অধিসূচনা নং এফ আৰ এম. ২০৩/২০১৭/৫৭ যোগে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল গঠন কৰা হৈছিল । 
 
অসমৰ শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ সমতলত ৪০১ বৰ্গ কিলোমিটাৰ এলেকা সামৰি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমগ্ৰ ষষ্ঠ সংযোজন আৰু মোনাবাৰী ভূমি সংৰক্ষণ বাগিচা এই সংমণ্ডলৰ অন্তৰ্ভুক্ত । 
এই সংমণ্ডলটো ব্ৰহ্মপুত্ৰ নদীৰ পৰা দক্ষিণলৈ পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ (অগৰাতলি, কহঁৰা, বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জ) দক্ষিণ প্ৰান্তৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত বিস্তৃত। 
 
বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ মুঠ মাটিকালিৰ প্ৰায় আধাতকৈ বেছি অংশ ব্ৰহ্মপুত্ৰই আবৰি আছে। ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু গতিপথৰ সলনিৰ ফলত এই সংমণ্ডলৰ মুঠ এলেকাৰ অহৰহ পৰিৱৰ্তন ঘটি থাকে। 
 
বাৰিষা কালত এই সংমণ্ডলৰ প্ৰায় ৮০% এলেকা বানপানীত ডুব গৈ থাকে । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ আন্তঃক্ৰিয়াৰ ফলত নদী দ্বীপটোত ওখ ঘাঁহ আৰু বনৰ এক বৰ্ণিল সমাহাৰ ঘটে আৰু যাৰ বাবে ইয়াত পোক-পৰুৱা, চৰাই আৰু জন্তুৰ বৈচিত্ৰ্যতা চকুত পৰে।
 
এই সংমণ্ডলত সাধাৰণতে হাতী, এছিয়াটিক বনৰীয়া ম’হ,  দলহৰিণ, বনৰীয়া গাহৰি আদি দেখা যায়। সৰু নদী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত শিহুও দেখা পোৱা যায়।