তবলিগী জামাত, ক'ভিড মহামাৰী, দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায় ইত্যাদি...

Story by  Ariful Islam | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৰিফুল ইছলাম / গুৱাহাটী
 
যোৱা বৃহস্পতিবাৰৰ পৰা প্ৰতিদিনেই মহম্মদ আফতাবে তেওঁৰ অধিবক্তা, বন্ধুবৰ্গ আৰু সহ-অভিযুক্তক একেটা প্ৰশ্ন কৰি ফোন কৰিছে: "এই গোচৰটো সঁচাকৈয়ে শেষ হ'লনে? নে এইটো এটা কৌতুক? বাতৰি কাকত আৰু সামাজিক মাধ্যমত ওলোৱা খবৰবোৰক তেওঁ সহজে বিশ্বাস কৰিবলৈ টান পাইছিল।
 
ক'ভিড-১৯ ৰ লকডাউনৰ সময়ত তবলিগী জামাতৰ বিদেশী সদস্যসকলক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপিত হৈছিল মহম্মদ আফতাবৰ বিৰুদ্ধে। এই অভিযোগৰ পাঁচ বছৰ হ'ল। দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ লগতে আন ৬৯ জনৰ বিৰুদ্ধে থকা গোচৰসমূহ খাৰিজ কৰিলে। তাৰ পিছতো এই মিছা অভিযোগৰ বাবে  তেওঁৰ ওপৰত পৰা মানসিক চাপৰ পৰা মুক্ত হ'ব পৰা নাই আফতাবে। 
 
আফতাবে বুকুলৈ দীঘল হোৱা নিজৰ দাড়িখিনি আচৰিতভাৱে চুই কয় যে, "যেতিয়া আপোনাৰ ওপৰত কোনো মিছা দোষৰ অভিযোগ উঠিব, তেতিয়া আপুনি চাৰিওফালৰ পৰা আশাহীন হৈ পৰিব। আপোনাক সন্ত্ৰাসবাদী বুলি লেবেল লগাই জেইলত থলেও আপুনি হয়তো আচৰিত নহ'ব।"
 
ক'ভিড মহামাৰীৰ সময়ৰ এক দৃশ্য
 
দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়দানটো পুৰণি দিল্লীৰ তুৰ্কমেন গেট আৰু দৰিয়াগঞ্জৰ সংকীৰ্ণ অঞ্চলসমূহত অতি দ্ৰুতগতিত প্ৰচাৰিত হৈছিল। যাৰ ফলত অভিযুক্তসকলৰ পৰিয়ালসমূহে যথেষ্ট সকাহ অনুভৱ কৰিছিল। কিন্তু তেওঁলোকৰ মাজত যেন এক অস্বস্তিৰ অনুভূতি অব্যাহত আছে। 
 
ক'ভিডৰ নিৰ্দেশনা উলংঘা কৰাৰ পৰা আৰম্ভ কৰি সংক্ৰমণ বিয়পোৱা পৰ্যন্ত ১৬ খন এফআইআৰত ৭০ জন মুছলমান পুৰুষক সকলো অভিযোগৰ পৰা মুক্ত কৰিবলৈ আধা দশক আৰু আদালতৰ শুনানিৰ এক দীঘলীয়া সময় লাগিছিল। ১৭ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে এই গোচৰসমূহক "শক্তিৰ অপব্যৱহাৰ" আৰু "ন্যায়ৰ স্বাৰ্থত নহয়" বুলি অভিহিত কৰি অৱশেষত এই গোচৰসমূহ বন্ধ কৰে।
 
কিন্তু এই অভিযুক্তসকলৰ বাবে জীৱন স্থবিৰ হৈ পৰিছিল। তেওঁলোকক ক'ভিড-১৯ ৰ 'অতিশয় সংক্ৰমণকাৰী' (ছুপাৰ স্প্ৰেডাৰ) বুলি অভিহিত কৰা হৈছিল আৰু 'কৰোনা জিহাদ' চলোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। তেওঁলোকে বিগত পাঁচ বছৰ ধৰি এফআইআৰ, আদালতৰ বিচাৰ প্ৰক্ৰিয়া আৰু জনসাধাৰণৰ সন্দেহৰ আওতাত আছিল।
 
অভিযুক্তসকলৰ বাবে এই দুঃস্বপ্নটো আৰম্ভ হৈছিল ২০২০ চনৰ মাৰ্চ মাহত। যেতিয়া তবলিগি জামাতৰ হাজাৰ হাজাৰ সদস্য লকডাউনৰ পূৰ্বে দিল্লী নিজামুদ্দিনস্থিত মুখ্য কাৰ্যালয়ত একত্ৰিত হৈছিল। সেই সময়তে ক'ভিডৰ ঘটনা বৃদ্ধি পাবলৈ আৰম্ভ হৈছিল, নিজামুদ্দিনত সমবেত হোৱা তবলিগী জামাতৰ সদস্যসকলক দ্ৰুতভাৱে ভাইৰাছ বিয়োপোৱাৰ অভিযোগত দোষাৰোপ কৰা হৈছিল। তবলিগী জামাতৰ ২,৭৬৫ জন সদস্যৰ বিৰুদ্ধে ১১ খন ৰাজ্যত এফআইআৰ দাখিল কৰা হৈছিল। এবছৰৰ ভিতৰতে বোম্বেৰ পৰা এলাহাবাদলৈ উচ্চ ন্যায়ালয়ে এই গোচৰসমূহ খাৰিজ কৰিছিল। কিন্তু দিল্লীত যিসকললোকে তেওঁলোকৰ ঘৰত জামাতৰ লোকসকলক থাকিবলৈ ঠাই দিছিল, তেওঁলোকৰ বাবে এই প্ৰক্ৰিয়াটো দীঘলীয়া হৈছিল।
 
দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্ত পেলাবলৈ অভিযুক্তসকলক দোষ স্বীকাৰ কৰিবলৈও হেঁচা প্ৰয়োগ কৰা হৈছিল। এই মিছা অভিযোগে তেওঁলোকৰ সমাজত থকা সুনাম ক্ষতিগ্ৰস্ত কৰিছিল আৰু তেওঁলোকে মুকলিকৈ ধৰ্মীয় বিশ্বাস পালন কৰিবলৈ ভয় কৰিছিল। কেৱল অভিযোগৰ সৈতে যুঁজ দিবলগীয়া হোৱা নাছিল, ৰাজহুৱাভাৱে লজ্জিত হোৱাৰ উপৰিও পুনৰ আগৰ মৰ্যাদা লাভ কৰিবলৈ তেওঁলোকে বহু যুঁজ দিবলগীয়া হৈছিল। এতিয়াও একাংশ অভিযুক্তই নিজকে তবলিগী বুলি পৰিচয় দিবলৈ দ্বিধাবোধ কৰে।
 
তবলিগী জামাতত অংশগ্ৰহণকাৰীৰ নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ মছজিদৰ পৰা বাহিৰলৈ যোৱা এক দৃশ্য
 
উল্লেখযোগ্য যে, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত বহু সংখ্যক লোকে তবলিগী জামাতৰ লগত জড়িত। তবলিগী জামাতৰ প্ৰধান উদ্দেশ্য হৈছে নিজকে সংশোধন কৰা আৰু নিজেই জনা কথাখিনি আনৰ মাজত বিলাই দিয়া। ক'ভিডৰ লকডাউনৰ আগমুহূৰ্তত যদিও দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত তবলিগী জামাতৰ লোকসকল একত্ৰিত হৈছিল। তেওঁলোকে এই ভাইৰাছৰ ভয়াৱহতা আৰু ইয়াৰ পিছত লকডাউনৰ কথাৰ বিষয়ে অজ্ঞাত আছিল। তবলীগৰ লোকসকল নিজামুদ্দিনত থকা সময়তে লকডাউন ঘোষণা কৰাৰ বাবে তেওঁলোক ক'ত যাব, কি কৰিব, সেই বিষয়ে বিপাঙত পৰিছিল। কিছু সংখ্যক লোক তাৰ পৰা উভটিছিল যদিও অধিকাংশক নিজামুদ্দিনৰ ওচৰৰ অঞ্চলসমূহৰ মানুহে নিজৰ ঘৰতে আশ্ৰয় দিছিল। তাৰে এজন আছিল মহম্মদ আফতাব।     
 
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ হৈছে সমগ্ৰ বিশ্বৰ তবলিগী জামাতৰ মুখ্য কাৰ্যালয়। গতিকে তাত সকলো সময়তে তবলীগত অহা যোৱা কৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয়। লকডাউনৰ প্ৰকমুহূৰ্তত নিজামুদ্দিনত তবলিগী লোকসকলৰ সমাগম কোনো নতুন কথা নাছিল। লকডাউনৰ প্ৰকমুহূৰ্তত নিজামুদ্দিনত হযোৱা মানুহৰ সমাগম দেখি কিছু দুষ্ট চক্ৰই সুযোগ লৈছিল। যাৰ ফলত তবলিগী জামাতৰ সদস্যসকলক বিভিন্ন অভিযোগেৰে অভিযুক্ত সজোৱা হৈছিল। কিন্তু সেই সকলোবোৰ কাৰ্য্যক 'শক্তিৰ অপপ্ৰয়োগ' আখ্যা দি দিল্লী উচ্চ ন্যায়ালয়ে গোচৰ আৰু অভিযোগসমূহ খৰিজ কৰে। 
 
তবলিগী জামাত সন্দৰ্ভত ইছলামিক পণ্ডিত মৌলানা নুৰুল আমিন কাছিমীয়ে কয়; "তবলিগী জামাতৰ কামটোৰ বহু মহত্ব আছে। নিজৰ সময়, টকা আৰু দেহা খৰচ কৰি নিজৰ ঘৰ-দুৱাৰ এৰি ৪০ দিন বা ৪ মাহৰ বাবে মানুহ ওলাই যায়। একমাত্ৰ নিজক সংশোধন কৰা আৰু নিজেই জনা কথাবোৰ আনৰ মাজত বিলাই দিবৰ বাবে। মছজিদে মছজিদে গৈ তাৰ মানুহক নামাজ, ইমান, ইছলাম আদিৰ শিক্ষা দিব চেষ্টা কৰা জামাতৰ লোকসকলে। নৈতিকভাৱে এজন মানুহ কিদৰে ভাল মানুহ হ'ব লাগে, সেইটো শিকোৱাটোৱে হৈছে তবলীগৰ কাম।"  
 
"জামাতত বিশেষকৈ ৬টা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সেই ৬ টা বিষয় হ'ল- ইমান, নামাজ, ইলিম-ও-জিকিৰ, ইকৰাম, ইখলাছ, দাৱাত-এ-তবলীগ। এই ছয় বিষয়ৰ ওপৰতে তবলীগৰ সমগ্ৰ কৰ্ম আৰু উদ্দেশ্য নিহিত হৈ আছে। ইয়াৰে ইকৰাম বোলা বিষয়টোৰ অৰ্থ হৈছে ভাতৃত্ববোধ। ইয়াত কোনো জাতিভেদ নোহোৱাকৈ সকলোৰে লগত ভাতৃত্ববোধ বজাই ৰখাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। গতিকে তবলীগে যিকোনো বেয়া কাম আজিলৈ কৰা নাই আৰু ভৱিষ্যতে ইচ্ছাকৃতভাৱে এনে কোনো কাম নকৰে।" মৌলানা কাছিমীয়ে কয়।