দেশজুৰি ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন; কৰ্তব্য পথত ত্ৰিৰংগা উৰুৱাই দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ
নতুন দিল্লী
আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। আজি দেশজুৰি উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। ৰাজধানী দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে৷ ত্ৰিৰংগা উৰুৱাই দেশবাসীক সম্বোধন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ এই সময়ত সশস্ত্ৰ বাহিনীৰ উচ্চতম সেনাধ্যক্ষ হিচাপে পেৰেডৰ চেলুট লয় ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই পেৰেডত দেশৰ বৈচিত্ৰ্য, সামৰিক শক্তি, গণতান্ত্ৰিক মূল্যবোধ প্ৰদৰ্শন কৰা হয়৷ এইবছৰ গণৰাজ্য দিৱসৰ মূল বিষয় হৈছে ‘বন্দে মাতৰমৰ ১৫০ বছৰ’৷
ইফালে, গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লেয়েনে। তেওঁলোকৰ উপস্থিতিয়ে ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিব আৰু বাণিজ্য, প্ৰযুক্তিগত বিকাশ, জলবায়ু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব৷
ইপিনে, গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে x ত লিখে যে- গণৰাজ্য দিৱস উপলক্ষে মোৰ সকলো দেশবাসীলৈ বহুত অভিনন্দন জ্ঞাপন কৰিছো। গণৰাজ্য দিৱস আমাৰ স্বাধীনতা, সংবিধান, আৰু গণতান্ত্ৰিক মূল্যবোধৰ এক শক্তিশালী প্ৰতীক। এই উৎসৱে আমাক জাতি গঢ়ি তোলাৰ সংকল্পৰে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ নতুন শক্তি আৰু প্ৰেৰণা দিয়ে। ভাৰতৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক এই ৰাষ্ট্ৰীয় উৎসৱে আপোনালোক সকলোৰে মাজত নতুন শক্তি আৰু উৎসাহৰ সৃষ্টি কৰক। এখন উন্নত ভাৰতৰ সংকল্প আৰু অধিক শক্তিশালী হওক তাৰেই কামনা।