১.৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল অসমৰ বিধায়ক পুঁজি

Story by  atv | Posted by  [email protected] • 19 h ago
১.৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল অসমৰ বিধায়ক পুঁজি
১.৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল অসমৰ বিধায়ক পুঁজি
 
গুৱাহাটী
 
অসমৰ চৰকাৰে বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে। ৰূপান্তৰ আৰু উন্নয়ন বিভাগে জাৰি কৰা নতুন জাননীত উল্লেখ কৰা মতে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা প্ৰতিগৰাকী বিধায়কৰ বাৰ্ষিক পুঁজি ১ কোটিৰ পৰা ১.৫০ কোটিলৈ বৃদ্ধি কৰা হ'ব। আনহাতে ২০২৭-২৮ বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি ২ কোটি টকালৈ বৃদ্ধি কৰা হ'ব। জাননীখনত ২০১৩ চনৰ বিধায়ক স্থানীয় এলেকা উন্নয়ন আঁচনিৰ নিৰ্দেশনাৰ ধাৰা-৩ত কেইবাটাও নতুন কাম-কাজ অন্তৰ্ভুক্ত কৰা হৈছে। বাৰ্ষিক আবণ্টনৰ ১০ শতাংশ এই কাৰ্যসূচীত ব্যয় কৰিব পাৰিব।
 
নতুনকৈ অন্তৰ্ভুক্ত কৰা কাম-কাজসমূহৰ ভিতৰত আছে নামঘৰ, কমিউনিটী হল, প্ৰেক্ষাগৃহ আদিৰ বাবে বাদ্যযন্ত্ৰ আৰু সাংস্কৃতিক সঁজুলি, বিদ্যালয় আৰু ক্ৰীড়া ক্লাবৰ বাবে সামগ্ৰী, চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, গ্ৰন্থাগাৰ আৰু অংগনবাড়ী কেন্দ্ৰৰ আচবাব, চিকিৎসালয়ৰ সঁজুলি, দিব্যাংগসকলৰ বাবে হুইলচেয়াৰ বা অন্যান্য সঁজুলি আৰু বিশেষ শিক্ষামূলক সঁজুলি।
২৫ জুনৰ জাননীখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এই খণ্ডত ব্যয় কৰা ধন বিধায়কৰ মুঠ বাৰ্ষিক আবণ্টনৰ ১০ শতাংশতকৈ বেছি হ'ব নোৱাৰিব। জিলা প্ৰশাসনৰ পৰ্যালোচনা আৰু পৰীক্ষণৰ পিছত হে ব্যক্তিগত হিতাধিকাৰীক সহায় আগবঢ়াব পাৰিব।
 
কোনো ব্যক্তি বা বেচৰকাৰী প্ৰতিষ্ঠানলৈ পোনপটীয়াকৈ ধন মুকলি নকৰাৰ ব্যৱস্থাও জাননীত উল্লেখ কৰা হৈছে। জিলা আয়ুক্ত বা সমজিলা আয়ুক্তসকলে এই আঁচনিৰ অধীনত এই ধনৰ সঠিক ব্যৱহাৰ আৰু প্ৰমাণীকৰণ নিশ্চিত কৰিব লাগিব বুলিও জাননীত কোৱা হৈছে।
 
উল্লেখ্য যে বিধায়কৰ স্থানীয় এলেকা উন্নয়ন আঁচনিৰ লক্ষ্য হৈছে প্ৰতিগৰাকী বিধায়কক নিজ নিজ সমষ্টিত ৰাইজৰ উন্নয়নমূলক কামৰ বাবে পুঁজি আগবঢ়োৱা। এই আঁচনিৰ অধীনত বিধায়কসকলে সমষ্টিৰ বিভিন্ন ৰাজহুৱা কাম যেনে শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আৰু সামাজিক আদি খণ্ডৰ উন্নয়নৰ বাবে প্ৰস্তাৱ আগবঢ়াব পাৰে । জিলা আয়ুক্তৰ কাৰ্যালয়ে বিধায়কৰ পৰামৰ্শ অনুসৰি আঁচনিৰ কাম-কাজ ৰূপায়ণ কৰে। অৱশ্যে যোৱা ৫ জুনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
 
বহু বছৰ ধৰি এই আঁচনিৰ পুঁজি ১ কোটিতে সীমাবদ্ধ থকাৰ বাবে ১.৫০ কোটিলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছিল। মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ পিছতে সংবাদমেলত উল্লেখ কৰিছিল, "এই বছৰ ডেৰ কোটি টকা কৰা কাৰণ হৈছে যে আধা সময় পাৰ হৈ গ'ল। অহা বছৰ ২ কোটি কৰা হ'ব।" ২ কোটি টকাৰ ১ কোটি ৮০ লাখ টকা আন্তঃগাঁথনিৰ কামত ব্যয় হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল।


শেহতীয়া খবৰ