আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ নিথৰ দেহ: গৌৰীপুৰত সম্পন্ন হ'ব শেষকৃত্য

Story by  atv | Posted by  [email protected] • 1 h ago
আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ নিথৰ দেহ
আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ নিথৰ দেহ
 
গুৱাহাটী
 
পত্নীৰ হত্যাৰ অভিযোগত অভিযুক্ত ৰামানুজ গোস্বামীৰ নিথৰ দেহ আজি পৰিয়ালৰ লোকক আনুষ্ঠানিকভাৱে চমজাই দিয়া হ’ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ইতিমধ্যে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়া সুকলমে সম্পন্ন হৈ উঠিছে আৰু বৰ্তমান তেওঁৰ মৃতদেহ জি এম চি এইচৰ মৰ্গতে সংৰক্ষিত কৰি ৰখা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ৰামানুজৰ অন্ত্যেষ্টিক্ৰিয়া ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত তেওঁৰ নিজা বাসগৃহত সম্পন্ন কৰা হ’ব। এই উদ্দেশ্যেৰে মৃতদেহটো চমজি ল’বলৈ পৰিয়ালৰ লোকসকলে ইতিমধ্যে জি এম চি এইচলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে।
 
উল্লেখযোগ্য যে, যোৱা সোমবাৰে পুৱতি নিশা এক আকস্মিক ঘটনাক্ৰমত পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু হৈছিল। ঘটনাৰ বিৱৰণী অনুসৰি, আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে নিশা ৰামানুজে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটা বুলি আৰক্ষীক অৱগত কৰিছিল। অভিযুক্তৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ নিশাৰ ভাগতেই স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীৰ এটা দলে তেওঁক জি এম চি এইচলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিল।
 
চিকিৎসালয়লৈ গৈ থকা পথত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। মহানগৰীৰ টি ভি টাৱাৰৰ সমীপত আৰক্ষীৰ বাহনখনৰ এটা টায়াৰ হঠাতে পাংচাৰ হৈ পৰে। গাড়ীখন পথৰ দাঁতিত ৰখাই থোৱাৰ সুযোগ গ্ৰহণ কৰি ৰামানুজে পলাই যোৱাৰ এক বিফল প্ৰয়াস কৰে। তেওঁ অতৰ্কিতে কৰ্তব্যৰত আৰক্ষী কনিষ্টবলজনক আক্ৰমণ কৰি বাহনখনৰ পৰা জঁপিয়াই পৰে। ঘোৰ অন্ধকাৰৰ মাজত পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ৰামানুজ। পাহাৰৰ পৰা তললৈ পিছলি পৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি জি এম চি এইচলৈ লৈ যায় যদিও উপস্থিত চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত তেওঁক মৃত বুলি ঘোষণা কৰে।