জনপ্ৰতিনিধিৰ ৰে'ল যাত্ৰাত ব্যয় ৬২ কোটি টকা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
লোকসভাৰ বৰ্তমানৰ আৰু পূৰ্বৰ সাংসদসকলক বিনামূলীয়াকৈ ৰে'ল যাত্ৰাৰ সুবিধা দিয়াৰ ফলত বিগত পাঁচ বছৰত ৰাজকোষৰ পৰা ব্যয় হৈছিল ৬২ কোটি টকা।
 
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এখন আবেদনৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে। এই তথ্য অনুসৰি কোৰোনা মহামাৰীৰ সময়ত ২০২০-২১ চনত এনে বিনামূলীয়া ৰেলৈ যাত্ৰাৰ বাবেই জনপ্ৰতিনিধিৰ নামত ব্যয় হৈছিল প্ৰায় আঢ়ৈ কোটি টকা। 
 
২০১৭-১৮ আৰু ২০২০-২১ চনৰ সময়ছোৱাত বৰ্তমানৰ সাংসদসকলে ৰে'লত যাত্ৰা কৰাৰ বাবদ ৰাজকোষৰ পৰা ৩৫.২১ কোটি টকা আৰু পূৰ্বৰ সাংসদসকলে ২৬.৮২ কোটি টকা ব্যয় কৰিবলগীয়া হৈছিল।