নতুন দিল্লী
ৰাজধানী দিল্লীৰ কাৰ বোমা বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি হৈছে। দিল্লী আৰক্ষীয়ে সদৰী কৰিছে এই তথ্য৷ সোমবাৰৰ দিনটোত আঘাতপ্ৰাপ্ত দুজন লোকে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লোৱাৰ ফলতে নিহতৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পায় ৷ ইয়াৰে এজন লোক বিনয় পাঠক বুলি চিনাক্ত কৰা হৈছে৷
বিগত ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাত সংঘটিত কাৰ বোমা বিস্ফোৰণৰ পিছত আহতসকলক চিকিৎসাৰ বাবে লোকনায়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বিস্ফোৰণটোত নিহত হোৱা লোকৰ সংখ্যা পূৰ্বে ১৩ জন আছিল যদিও এতিয়া ১৫ জনলৈ বৃদ্ধি পায়। দিল্লী আৰক্ষীৰ তথ্য অনুসৰি চিকিৎসাধীন হৈ থকা আন কেইবাজনো আহত ব্যক্তিৰ অৱস্থা সংকটজনক৷ চিকিৎসকৰ এটা দলে তেওঁলোকক চিকিৎসা সেৱা আগবঢ়াই আছে।
সোমবাৰে এল এন জে পি হাস্পতালৰ বিষয়াসকলে জনোৱা মতে, ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। মৃত লোক দুজনৰ নাম লুকমান(৫০) আৰু বিনয় পাঠক(৫০)।
যোৱা বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতে বিলাল নামৰ এজন লোকৰ মৃত্যু ঘটাত বিস্ফোৰণত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছিল বুলি আৰক্ষী বিষয়াসকলে জনাইছিল ৷ চিকিৎসালয়খনৰ পৰা নতুনকৈ মৃত্যু হোৱা যিসকল লোকৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে, সেইসকলৰ শীঘ্ৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব।