নতুন দিল্লী
নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হৈ থকা ‘ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬’ৰ আজি চতুৰ্থটো দিন। ইণ্ডিয়া এআই ইমপেক্ট ছামিট উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতিথিসকলক কয় যে ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে অতি আদৰণি জনোৱা হৈছে।
এই অনুষ্ঠানত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছেও অংশগ্ৰহণ কৰে।
এই উদ্বোধনি অনুষ্ঠানটো সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতত যুৱ জনসংখ্যাৰ এখন সৰ্ববৃহৎ দেশ।এআই শীৰ্ষ সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ‘আমি এআইক মুকলি আকাশটো দিব লাগিব আৰু লগতে কমাণ্ডটোও হাতত ৰাখিব লাগিব।ঠিক যেনেকৈ জিপিএছে আমাক বাট দেখুৱাইছে, কিন্তু আগবাঢ়ি যোৱাৰ দিশটোৰ আমাৰ।‘এআইক যি দিশলে লৈ যাম, ভৱিষ্যটো তেনেকুৱাই হ’ব।মই মানৱ দৃষ্টিভংগী চাব বিচাৰো। এই সন্মিলনখন গ্ল’বেল হাবৰ বাবে গৌৰৱৰ বিষয়’।
তেওঁ আৰু কয় যে, ‘এই সন্মিলন যিখন ভাৰতত অনুষ্ঠিত হৈছে,তেওঁ ভাৰতৰ ছয় মানৱীয় বিষয়ৰ ভিতৰত এটাক প্ৰতিনিধিত্ব কৰে।বিশ্বৰ ভিতৰতে সৰ্বাধিক যুৱ জনসংখ্যাৰ দেশ হৈছে ভাৰত।ই আটাইতকৈ ডাঙৰ টেক টেলেণ্ট পুলৰ কেন্দ্ৰ হয়।আটাইতকৈ ডাঙৰ টেক সক্ষম পৰিৱেশ তন্ত্ৰৰ উদাহৰণ।বিশ্বৰ ১০০ খনতকৈও অধিক দেশৰ প্ৰতিনিধিত্ব, বিশ্বৰ প্ৰতিটো কোণৰ পৰা ইয়ালৈ অহা গণ্যমান্য ব্যক্তিয়ে এই সন্মিলনৰ সফলতাক নতুন উচ্চতালৈ লৈ গৈছে।ইয়াত আমি যি যুৱ প্ৰজন্মৰ উপস্থিতি দেখিছো,সিয়ে নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে’।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, 'এই সন্মিলনত অংশগ্ৰহণ কৰা সকলোৱে এআইক নতুন উচ্চতালৈ লৈ গৈছে।কিছুমান মানুহে প্ৰথম অৱস্থাত এনে প্ৰযুক্তিৰ প্ৰতি সন্দেহ প্ৰকাশ কৰে,কিন্তু আমাৰ যুৱক-যুৱতীসকলে যিদৰে ইয়াক গ্ৰহণ কৰি ইয়াৰ মালিকীস্বত্ব দাবী কৰিছে সেয়া এক ডাঙৰ পদক্ষেপ। ইয়াত যিয়েই সমাধান প্ৰদৰ্শন কৰিছে, সেয়া কৃষি, শিক্ষা বা স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক,সিয়ে ‘মেক ইন ইণ্ডিয়া’ৰ মনোভাৱ প্ৰতিফলিত হৈছে।'