নতুন দিল্লী
চৰকাৰৰ মুৰব্বী হিচাপে একেৰাহে ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰীয় কেবিনেটকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যাপক অভিনন্দন জ্ঞাপন কৰা হৈছে। এই সুদীৰ্ঘ আৰু বৰ্ণিল যাত্ৰাক উদযাপন কৰিবলৈ শাসকীয় বিজেপি দলেও এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই ক্ষণত প্ৰধানমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ অধ্যায়, বিশেষকৈ দেশৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষা খণ্ডলৈ তেওঁ আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বিষয়ে সৰ্বত্ৰে চৰ্চা হৈছে।
২০০১ চনত যেতিয়া নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল, তেতিয়া ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাই সুদীৰ্ঘ সাগৰীয় উপকূল, স্পৰ্শকাতৰ পাকিস্তান সীমান্ত, গুৰুত্বপূৰ্ণ বন্দৰ, বৃহৎ শিল্প উদ্যোগ আৰু দ্ৰুতগতিত গঢ় লৈ উঠা নগৰাঞ্চলসমূহৰ বাবে এক অনন্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এই প্ৰত্যাহ্বান নেওচিবলৈ তেওঁ কেৱল গতানুগতিক আইন-শৃংখলা ৰক্ষাতে সীমাবদ্ধ নাথাকি প্ৰযুক্তিনিৰ্ভৰ আৰক্ষী-প্ৰশাসন গঢ়ি তোলাত গুৰুত্ব দিছিল। 'ই-কপ' ব্যৱস্থাৰ জৰিয়তে থানাসমূহ কম্পিউটাৰযুক্ত কৰি সংযোগ স্থাপন কৰাৰ লগতে কৌশলগত স্থানসমূহত চি চি টিভিৰ নিৰীক্ষণ জাল সম্প্ৰসাৰণ কৰা হৈছিল, যিয়ে পৰৱৰ্তী সময়ত 'ত্ৰিনেত্ৰা'ৰ দৰে সংহত প্ৰণালীৰ ৰূপ লয়।
সন্ত্ৰাসবাদ দমনৰ বাবে বিশেষ কমাণ্ডো দল আৰু এটিএছ গঠন কৰাৰ উপৰি বিশাল উপকূলৰ সুৰক্ষাৰ বাবে মেৰিন পুলিচ আৰু টহলদাৰী নাৱৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ লগতে 'সাগৰ সুৰক্ষা সমিতি'ৰ জৰিয়তে স্থানীয় মাছমৰীয়াসকলক নিৰাপত্তাৰক্ষীৰ সহায়ক হিচাপে গঢ়ি তোলা আৰু কচ্ছৰ ৰাণ তথা ছাৰ ক্ৰিক অঞ্চলত আন্তঃগাঁথনি মজবুত কৰাৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। অপৰাধ বিজ্ঞান আৰু নিৰাপত্তা অধ্যয়নৰ বাবে 'গুজৰাট ফৰেনছিক ছায়েন্সেছ ইউনিভাৰছিটি' আৰু 'ৰক্ষা শক্তি ইউনিভাৰছিটি' স্থাপন কৰাটো আছিল তেওঁৰ দূৰদৰ্শী চিন্তাৰ ফচল।
২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত মোদীৰ নিৰাপত্তাজনিত দৃষ্টিভংগীৰ পৰিসৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ সম্প্ৰসাৰিত হয় আৰু প্ৰতিৰক্ষা বাহিনীৰ আধুনিকীকৰণত অভূতপূৰ্ব গুৰুত্ব প্ৰদান কৰা হয়। ভাৰতৰ প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ বৰ্ষৰ ২.৫৩ লাখ কোটি টকাৰ পৰা ৩.১ গুণ বৃদ্ধি পাই ২০২৬-২৭ বৰ্ষত ৭.৮৫ লাখ কোটি টকা হৈছেগৈ আৰু মূলধনী ব্যয়ো ২০১৪-১৫ৰ ৯৪,৫৮৭.৯৫ কোটিৰ পৰা ২০২৬-২৭ বৰ্ষত ২.১৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
একেদৰে ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন ২০১৪-১৫ বৰ্ষৰ ৪৬,৪২৯ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ১.৭৮ লাখ কোটি টকা হৈছেগৈ, যাৰ প্ৰায় ২৪ শতাংশই ব্যক্তিগত খণ্ডৰ অৱদান। উল্লেখযোগ্য যে প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি ২০১৩-১৪ বৰ্ষৰ মাত্ৰ ৬৮৬ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ৩৮,৪২৪ কোটি টকালৈ আশাতীতভাৱে বৃদ্ধি পাইছে, যিয়ে আত্মনিৰ্ভৰ ভাৰতৰ সফলতাক প্ৰতিফলিত কৰে।
এই যাত্ৰাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰাতিষ্ঠানিক সংস্কাৰ সাধন কৰা হৈছে। ২০১৯ চনত 'চীফ অৱ ডিফেন্স ষ্টাফ' আৰু 'ডিপাৰ্টমেণ্ট অৱ মিলিটাৰী এফেয়াৰ্ছ' গঠন কৰি সেনাৰ তিনিওটা অংগৰ মাজত সমন্বয় স্থাপন কৰাৰ লগতে 'ডিফেন্স একুইজিচন প্ৰচিডিউৰ ২০২০'-এ স্বদেশী সামগ্ৰী ক্ৰয়ত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। ২০২১ চনত ৪১ টা অৰ্ডনেন্স ফেক্টৰীক ৭ টা চৰকাৰী প্ৰতিৰক্ষা কোম্পানীলৈ নিগমীকৰণ কৰি ইহঁতক ৬২,০০০ কোটি টকাতকৈ অধিক মূল্যৰ ক্ৰয়াদেশ প্ৰদান কৰা হৈছে। আনহাতে, প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশৰ বাজেট ২০১৪-১৫ৰ ১৩,৭১৬.১৪ কোটি টকাৰ পৰা ২০২৬-২৭ বৰ্ষত ২৯,১০০.২৫ কোটি টকালৈ বৃদ্ধি কৰি ইয়াৰ ২৫% উদ্যোগ আৰু ষ্টাৰ্টআপৰ বাবে মুকলি কৰা হৈছে। ইন'ভেচনছ ফৰ ডিফেন্স এক্সেলেন্সৰ জৰিয়তে ২০২৬ চনলৈকে ৬৭৬ টা ষ্টাৰ্টআপক সংযোগ কৰি ৫৫১ টা ডিজাইন চুক্তিত স্বাক্ষৰ কৰাটো এক উল্লেখযোগ্য সাফল্য।
প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণৰ সমান্তৰালকৈ সীমান্তৰ আন্তঃগাঁথনি আৰু মানৱ সম্পদৰ বিকাশতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনে ৬৪,১০০ কিলোমিটাৰতকৈ অধিক পথ, ১,১৭৯ খন দলং, ৭ টা সুৰংগ আৰু ২২ টা এয়াৰফিল্ড নিৰ্মাণ কৰিছে, যাৰ ভিতৰত লাডাখৰ দাৰবুক-শ্যোক-দৌলৎ বেগ অ'ল্ডি পথ আৰু ৯২০ মিটাৰ দৈৰ্ঘ্যৰ শ্যোক সুৰংগ অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে সশস্ত্ৰ বাহিনীক অধিক যুৱ আৰু প্ৰযুক্তি-দক্ষ কৰি তুলিবলৈ 'অগ্নিপথ' আঁচনি মুকলি কৰা হৈছে। বিগত পঁচিশ বছৰৰ এই ধাৰাবাহিক উত্তৰণে প্ৰমাণ কৰে যে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা ব্যৱস্থা এতিয়া কেৱল অস্ত্ৰ-শস্ত্ৰতে সীমাবদ্ধ নাথাকি প্ৰযুক্তি, চোৰাংচোৱা তথ্য, আন্তঃগাঁথনি আৰু গৱেষণাক সাঙুৰি এক পূৰ্ণাংগ ৰূপ পাইছে। গুজৰাটৰ উপকূলীয় সতৰ্কতাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজি পৰনিৰ্ভৰশীলতাৰ পৰা ক্ৰমাগত আত্মনিৰ্ভৰশীলতালৈ অগ্ৰসৰ হৈ এক শক্তিশালী আৰু ভৱিষ্যমুখী ভাৰত গঢ়াৰ বিশাল প্ৰচেষ্টালৈ ৰূপান্তৰিত হৈছে, যিটো প্ৰধানমন্ত্ৰী মোদীৰ ২৫ বছৰীয়া শাসনকালৰ এক সোণালী অধ্যায়।