আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মা দূর্গাৰ প্ৰতিমা বিসৰ্জন

Story by  atv | Posted by  [email protected] • 1 Years ago
আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মা দূর্গাৰ প্ৰতিমা বিসৰ্জন
আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মা দূর্গাৰ প্ৰতিমা বিসৰ্জন
 
গুৱাহাটী
 
অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱ। ভক্তৰ চকুত অশ্ৰু নিগৰাই ঘোঁৰাত উঠি কৈলাসলৈ বুলি গমন কৰিলে দেৱী দুৰ্গাই।
 
বিজয়া দশমীৰ এই বিদায় ক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দেৱী প্ৰতিমা বিসৰ্জন পৰ্ব। ধুবুৰী, তেজপুৰৰ লগতে মহানগৰীৰ পাণ্ডু ঘাট, লাচিত ঘাটতো প্ৰতিমা বিসৰ্জন দিয়া হৈছে। হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত প্ৰান্তে প্ৰান্তে প্ৰতিমা বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে।
 
ইতিমধ্যে এই পৰ্বকলৈ স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনে কেতবোৰ নীতি- নিৰ্দেশনা তথা এছ অ’ পি জাৰি কৰিছে। যাতে কোনো ধৰণৰ অসুবিধা নাইবা অনাকাঙ্খিত ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে প্ৰশাসনে।
 
ইয়াৰ উপৰি ভক্তৰ সুবিধাৰ্থে ঘাটসমূহত এছ ডি আৰ এফ তথা এন ডি আৰ এফ বাহিনী সাজু কৰি থৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে শনিবাৰৰ পৰা যিহেতু বিজয়া দশমী তিথি ধৰা হৈছে, সেয়ে উক্ত দিনাও কোনো কোনো ঠাইত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী প্ৰতিমা বিসৰ্জন দিয়া হৈছে।
 
অৱশ্যে আজিৰ এই পবিত্ৰ ক্ষণত গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙিৰ সাৰগাৱত দেৱী প্ৰতিমা লণ্ড-ভণ্ড কৰাৰ ঘটনা জানিব পৰা গৈছে। শনিবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰাকলৈ ভক্তৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।
 
দেওবাৰে প্ৰতিমা বিসৰ্জন দিয়াৰ প্ৰাকক্ষণত নিশা দুৰ্বৃত্তই কৰা এনে কামক সকলোৱে গৰিহণা দিছে । ইতিমধ্যে ঘটনাৰ সৈতে জড়িত আমান বাৰাক নামৰ এজনক গোলাঘাট আৰক্ষীয়ে আটক কৰিছে।