যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিজিৎ দীপকেসহ ক'কৰোচ জনতা পাৰ্টিৰ শীৰ্ষ নেতাসকল

Story by  atv | Posted by  [email protected] • 54 m ago
অভিজিৎ দীপকে
অভিজিৎ দীপকে
 
নতুন দিল্লী
 
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভয়-ভাবুকি আৰু ক্ষমতাৰ প্ৰয়োগেৰে ক'কৰোচ জনতা পাৰ্টিৰ আগন্তুক ১০ অক্টোবৰৰ প্ৰতিবাদী কাৰ্যসূচী স্তব্ধ কৰিবলৈ উঠি-পৰি লগাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবাদৰ বাবে ব্যাপক প্ৰস্তুতি চলি থকাৰ সময়তে দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ আনিছে।
 
উল্লেখযোগ্য যে, শেহতীয়াকৈ দেশৰ প্ৰায় ১৩ কোটিতকৈ অধিক ভোটাৰৰ ভোটাধিকাৰ কৰ্তন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে। এই বিতৰ্কিত কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ তৎকালীন অপসাৰণৰ দাবীৰে ক'কৰোচ জনতা পাৰ্টিয়ে অহা ১০ অক্টোবৰত ৰাজধানী দিল্লীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছিল। কিন্তু এই প্ৰতিবাদক ব্যৰ্থ কৰিবলৈ চৰকাৰে বিভিন্ন পন্থা অৱলম্বন কৰা বুলি দলটোৱে অভিযোগ কৰিছে।
 
নিজৰ এক্স হেণ্ডলযোগে ক'কৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই শংকা প্ৰকাশ কৰিছে যে ১০ অক্টোবৰৰ প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বেই চৰকাৰে তেওঁক আৰু সংগঠনটোৰ অন্যান্য শীৰ্ষ বিষয়ববীয়াসকলক গ্ৰেপ্তাৰ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। যিকোনো মুহূৰ্ততে আৰক্ষীয়ে তেওঁলোকক আটক কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ প্ৰকাশ কৰে।
 
কেৱল গ্ৰেপ্তাৰৰ ভাবুকিয়েই নহয়, প্ৰস্তাৱিত প্ৰতিবাদসূচী যাতে কোনো কাৰণতে সফল হ'ব নোৱাৰে, তাৰ বাবে চৰকাৰে ডিজিটেল মাধ্যমতো হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উঠিছে। দীপকে অভিযোগ কৰা অনুসৰি, ক'কৰোচ জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ বন্ধ কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰে মেটা কৰ্তৃপক্ষৰ ওপৰত তীব্ৰ চাপ সৃষ্টি কৰিছে।
 
ইয়াৰ উপৰিও, দলটোৰ কৰ্মকৰ্তাসকলৰ ওপৰত চৰকাৰে ধাৰাবাহিকভাৱে বিভিন্ন ধৰণৰ আতিশয্য চলাই অহা বুলি দীপকেই ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ দিল্লী অভিমুখে যাত্ৰা কৰিবলগীয়া ক'কৰোচ জনতা পাৰ্টিৰ স্বেচ্ছাসেৱকসকলকো আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি, এই স্বেচ্ছাসেৱকসকলৰ দিল্লী ভ্ৰমণৰ ব্যয়ৰ উৎস ক’ৰ পৰা আহিছে, সেই সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ইতিমধ্যে জাননী জাৰি কৰিছে বুলিও প্ৰতিষ্ঠাপকগৰাকীয়ে প্ৰকাশ কৰিছে।