সংৰক্ষণবিদ, বনকৰ্মীসলক জি আই এছ-জি পি এছ ব্যৱহাৰৰ প্ৰশিক্ষণ আৰণ্যকৰ

Story by  atv | Posted by  Munni Begum • 11 Months ago
সংৰক্ষণবিদ, বনকৰ্মীসলক জি আই এছ-জি পি এছ ব্যৱহাৰৰ প্ৰশিক্ষণ আৰণ্যকৰ
সংৰক্ষণবিদ, বনকৰ্মীসলক জি আই এছ-জি পি এছ ব্যৱহাৰৰ প্ৰশিক্ষণ আৰণ্যকৰ
 
গুৱাহাটী
 
উত্তৰ পূৱৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে গুৱাহাটীত থকা ইয়াৰ গৱেষণা কাৰ্যালয়ত বন্যপ্ৰাণী গৱেষক, সংৰক্ষণবিদ আৰু বন বিভাগৰ কৰ্মীসকলৰ কাৰণে ৰিম’ট চেন্সিং আৰু জি আই এছৰ প্ৰাথমিক প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে। 
 
ছদিনীয়া এই প্ৰশিক্ষণত অংশগ্ৰহণকাৰীসকলক ৰিম’ট চেন্সিং, ভৌগোলিক তথ্য ব্যৱস্থা (জি আই এছ) আৰু গ্ল’বেল পজিশ্যনিং চিষ্টেম (জি পি এছ)ৰ তাত্ত্বিক ধাৰণাসমূহৰ সৈতে পৰিচয় কৰাই দিয়া হয়। 
 
অংশগ্ৰহণকাৰীসকলক উপগ্ৰহৰ চিত্ৰ আৰু মুক্ত উৎসৰ জি আই এছ চফ্টৱেৰ বাছনি আৰু ডাউনলোড, উপগ্ৰহৰ চিত্ৰৰ প্ৰি-প্ৰচেছিং, জি আই এছ তথ্যৰ প্ৰস্তুতি আৰু সম্পাদনা, মানচিত্ৰ প্ৰস্তুতি আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল। 
 
জি পি এছ সজুলি আৰু জি পি এছ এচেন্সিয়েলছ মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰি ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহৰ বিষয়ে পৰিচয় কৰাই দিয়াৰ বাবে অংশগ্ৰহণকাৰীসকলক অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ ক্ষেত্ৰ ভ্ৰমণলৈ নিয়া হয়। ৰাফৰ্ডছ স্মল গ্ৰাণ্টছ ফাউণ্ডেশ্যনৰ জি পি এছ সজুলিৰ সহায়ত জি পি এছ ব্যৱহাৰৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছিল। 
 
আৰণ্যকৰ ভূ-স্থানিক প্ৰযুক্তিবিদ্যা আৰু প্ৰয়োগ (জিঅ’-স্পেছিয়েল টেকন’লজি এণ্ড এপ্লিকেশ্যন) বিভাগৰ জি আই এছ বিশেষজ্ঞ অভিষেক সৰকাৰে কয়, “বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত জি পি এছ, ৰিম’ট চেন্সিং আৰু জি আই এছৰ প্ৰয়োগ ব্যাপক। আমি তত্ত্বৰ লগতে হাতে কামে ব্যৱহাৰিকভাৱে আমাৰ অংশগ্ৰহণকাৰীসকলক এইবোৰৰ প্ৰয়োগৰ বিষয়ে বুজাত সহায় কৰাৰ চেষ্টা কৰোঁ। ন-শিকাৰুসকলৰ সহায়ক হোৱাকৈ আমি আমাৰ প্ৰশিক্ষণ অধিবেশনবোৰ সৰল আৰু মৌলিক কৰি ৰাখিবলৈ চেষ্টা কৰোঁ।” 
 
অংশগ্ৰহণকাৰীসকলে ১৫ৰ পৰা ২০ মে’লৈ অনুষ্ঠিত এই প্ৰশিক্ষণত শিকা কথাখিনিৰ সাৰাংশ দলীয় উপস্থাপনৰ ৰূপত দাঙি ধৰে আৰু তাৰ পিছত সামৰণি অনুষ্ঠানত আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভৱ কুমাৰ তালুকদাৰ, ড০ দিলীপ চেত্ৰী আৰু উদয়ন বৰঠাকুৰ জিঅ’-স্পেচিয়েল টেকন’লজি এণ্ড এপ্লিকেচন বিভাগৰ জ্যেষ্ঠ প্ৰবন্ধক অৰূপ কুমাৰ দাস, আৰণ্যকৰ আইনী আৰু ওকালতি বিভাগৰ জ্যেষ্ঠ প্ৰবন্ধক ড০ জিমি বৰা, ২৫ তম ৰিম’ট চেন্সিং আৰু জি আই এছ প্ৰশিক্ষণ কাৰ্যসূচীৰ সমন্বয়ক আৰু আৰণ্যকৰ জ্যেষ্ঠ জি আই এছ বিশ্লেষক মধুমিতা বৰঠাকুৰ আৰু আৰণ্যকৰ অন্যান্য বিশেষজ্ঞসকলে অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিছে। প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত সকলো অংশগ্ৰহণকাৰীকে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। 
 
আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে কয়, “সংৰক্ষণ আৰু উন্নয়ন পৰিকল্পনাত জি পি এছ আৰু জি আই এছ সঁজুলিৰ গুৰুত্বৰ কথা মনত ৰাখি আৰণ্যকে ২০০৫ চনত ইয়াৰ জিঅ’-স্পেচিয়েল টেকন’লজি এণ্ড এপ্লিকেচন ডিভিজন (জি টি এ ডি) আৰম্ভ কৰিছিল। আজিৰ পৃথিৱীত ভূমি ব্যৱহাৰৰ পৰিৱৰ্তনৰ মানচিত্ৰ প্ৰস্তুত কৰা, বিমান, জাহাজ আৰু যান-বাহনৰ পথ-নিৰ্দেশনা আদি বিভিন্ন কামত জি আই এছ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে প্ৰমাণিত হৈছে। জি আই এছ সঁজুলিৰ ব্যৱহাৰে জি আই এছ ভিত্তিক মানচিত্ৰৰ জৰিয়তে মূল্যৱান ডাটা, তথ্য আদি যোগান ধৰি উন্নত সিদ্ধান্ত গ্ৰহণত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”