ৰাজহুৱা জৈৱ বৈচিত্ৰ্যপঞ্জী বিষয়ক প্ৰশিক্ষণ

Story by  atv | Posted by  Munni Begum • 4 Months ago
 জৈৱ বৈচিত্ৰ্যপঞ্জী বিষয়ক প্ৰশিক্ষণ
জৈৱ বৈচিত্ৰ্যপঞ্জী বিষয়ক প্ৰশিক্ষণ
 
গুৱাহাটী
 
অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদ (এ এছ বি বি) আৰু আৰণ্যকৰ যৌথ উদ্যোগত ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডলৰ অধীনস্থ নুনৈ  বন ৰেঞ্জত আয়োজন কৰা এটা অনুষ্ঠানত জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতিৰ (বি এম চি) সদস্য, যুৱক-যুৱতী, স্থানীয় বেচৰকাৰী সংস্থা আৰু স্থানীয় লোকক জৈৱ বৈচিত্ৰ্যৰ নথিভুক্তকৰণ আৰু ৰাজহুৱা জৈৱ বৈচিত্ৰ্য পঞ্জী উন্নীতকৰণৰ প্ৰশিক্ষণ দিয়া হয়।
 
ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি) জি ই এফ ক্ষুদ্ৰ অনুদান প্ৰকল্প (অ’পি৭) আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত দ্য এনাৰ্জি ৰিচাৰ্ছ ইনষ্টিটিউট (টেৰী)য়ে ৰূপায়ণ কৰা প্ৰকল্পৰ অধীনত ওদালগুৰি জিলাত অলপতে এই প্ৰশিক্ষণৰ আয়োজন কৰা হয়। 
 
প্ৰশিক্ষণ কাৰ্যসূচীত যুৱক-যুৱতী আৰু স্থানীয় বেচৰকাৰী সংস্থা আৰু স্থানীয় লোকৰ সহায়ত জৈৱ বৈচিত্ৰ্যৰ নথিভুক্তকৰণৰ বাবে স্থানীয় বি এম চি সমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উল্লেখযোগ্য যে জৈৱ বৈচিত্ৰ্যৰ নথিভুক্ত তথ্যই পৰিৱেশ তন্ত্ৰৰ পৰিৱৰ্তন নিৰীক্ষণ, বিপন্ন আৰু স্থানীয় প্ৰজাতিৰ চিনাক্তকৰণৰ লগতে জৈৱ বৈচিত্ৰ্যৰ ওপৰত নৃতাত্ত্বিক প্ৰভাৱ নিৰীক্ষণ কৰাত সহায় কৰে। 
 
আনহাতে ৰাজহুৱা জৈৱ বৈচিত্ৰ্য পঞ্জী (পি বি আৰ) হৈছে জৈৱ বৈচিত্ৰ্যৰ নথিভুক্তকৰণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় সমূদায়ক সক্ৰিয়ভাৱে জড়িত কৰা জৈৱ বৈচিত্ৰ্য সম্পৰ্কীয় এবিধ আইনী নথি। ই স্থানীয় আৰু আঞ্চলিক পৰিৱেশ তন্ত্ৰ, প্ৰজাতি আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে সাধাৰণতে খিলঞ্জীয়া বা স্থানীয় সমূদায়ৰ ওচৰত থকা  পৰম্পৰাগত জ্ঞানৰ ভঁৰাল হিচাপে কাম কৰে। 
 
প্ৰশিক্ষণ কাৰ্যসূচীত অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ বৈজ্ঞানিক বিষয়া ড০ ঐনাম সুনন্দা দেৱীয়ে অংশগ্ৰহণকাৰীসকলক জৈৱ বৈচিত্ৰ্য আইন ২০০২, ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য কৰ্তৃপক্ষ (এন বি এ) আৰু অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ ভূমিকাৰ লগতে ৭ জনীয়া জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতিৰ ভূমিকা আৰু দায়িত্ব আৰু গাঁথনিৰ বিষয়ে বিতংভাৱে অৱগত কৰে। 
 
অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ কাৰিকৰী বিষয়া ড০ মাজেদুল ইছলামে অংশগ্ৰহণকাৰীসকলক স্থানীয় উদ্ভিদ আৰু প্ৰাণীৰ জৈৱ বৈচিত্ৰ্যৰ নথিভুক্তকৰণ প্ৰক্ৰিয়াৰ লগতে পৰম্পৰাগত ঔষধ, শস্য উৎপাদন, বীজ সংৰক্ষণ আদিৰ ক্ষেত্ৰত স্থানীয় লোকসকলৰ পৰম্পৰাগত পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰে।  
 
ড° ইছলামে অংশগ্ৰহণকাৰীসকলক প্ৰজাতি চিনাক্তকৰণ, প্ৰজাতিৰ বৈজ্ঞানিক নাম আদিৰ বাবে বিভিন্ন নিৰ্ভৰযোগ্য অনলাইন পৰ্টেলৰ বিষয়েও অৱগত কৰে। কাৰ্যসূচীত উপস্থিত থকা শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলক অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদত শিক্ষানৱিচ হিচাপে কাম কৰাৰ সুযোগৰ বিষয়েও জনোৱা হয়। কাৰ্যসূচীত স্থানীয় বি এম চিৰ আঠজন সদস্য, স্থানীয় বেচৰকাৰী সংস্থাৰ ছজন সদস্য, ১০ জন স্থানীয় লোক আৰু ১৭ গৰাকী শিক্ষাৰ্থীক জৈৱ বৈচিত্ৰ্য নথিভুক্তকৰণৰ প্ৰশিক্ষণ দিয়া হয়।
 
ৰেঞ্জ বিষয়া অনুপ নাৰ্জাৰীৰ লগতে নুনৈ বন ৰেঞ্জৰ কৰ্মচাৰী সকলেও প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। আৰণ্যকৰ জ্যেষ্ঠ প্ৰৱন্ধক জয়ন্ত কুমাৰ পাঠক আৰু ক্ষেত্ৰ সমন্বয়ক ৰবিয়া দৈমাৰীয়ে তনৱী হুছেইন, মনদ্বীপ বসুমতাৰী, অভিজিৎ শইকীয়া, প্ৰণৱ গোস্বামী, ৱাছিমা বেগম, অনুষ্কা শইকীয়া, ৰেশমা নাৰ্জাৰী, দিবাকৰ নায়ক, বিকাশ টোছা আৰু প্ৰদীপ বৰ্মনৰ সহযোগত এই কাৰ্যসূচী পৰিচালনা কৰে।