উত্তৰাখণ্ডত সুৰংগত ভয়ংকৰ দুৰ্ঘটনা; ৬ জন শ্ৰমিকৰ মৃত্যু, আহত ১৪ জন

Story by  atv | Posted by  [email protected] • 5 h ago
উত্তৰাখণ্ডত সুৰংগত ভয়ংকৰ দুৰ্ঘটনা
উত্তৰাখণ্ডত সুৰংগত ভয়ংকৰ দুৰ্ঘটনা
 
নতুন দিল্লী
 
উত্তৰাখণ্ডৰ চামোলী জিলাৰ এটা জলবিদ্যুৎ প্ৰকল্পৰ স্থানত নিৰ্মিত সুৰংগত বৃহস্পতিবাৰে পানী প্ৰৱেশ কৰাৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪ জন আহত হয়। বিভাগীয় বিষয়াসকলে প্ৰকাশ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ পৰে ২২ জন শ্ৰমিক। সুৰংগটোৰ পৰা বিশজন লোকক উলিয়াই অনা হৈছে। ইয়াৰে ৬ জনক মৃত ঘোষণা কৰাৰ বিপৰীতে ১৪ জন লোক আহত হয়। তেওঁলোক বৰ্তমান ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
 
বাকী দুজন শ্ৰমিকৰ সন্ধান এতিয়াও লাভ কৰা হোৱা নাই। পিপলকোটি অঞ্চলৰ তেহৰী জল উন্নয়ন নিগম লিমিটেডৰ প্ৰকল্পস্থলীত সংঘটিত হয় এই ঘটনা। হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানী (এইচ চি চি)ৰ উদ্যোগত নিৰ্মাণ কাৰ্য চলি থকা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
 
উত্তৰাখণ্ডৰ মুখ্য সচিব আনন্দ বৰ্ধনে পূৰ্বে কয় যে খবৰ অনুসৰি পিপলকোটি জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত পানী প্ৰৱেশ কৰাৰ পাছত ধ্বংসাৱশেষৰ মাজত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ পৰে৷ ঘটনাস্থলীত আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি অন্যান্য সংস্থা ততাতৈয়াকৈ উপস্থিত হয়।
 
উদ্ধাৰ অভিযানত যোগদান কৰিবলৈ ৰুদ্ৰপ্ৰয়াগৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দল পিপলকোটিলৈ আহে। ভাৰত-তিব্বত সীমান্ত আৰক্ষী আৰু সেনাৰ দলো মোতায়েন কৰা হয়। জিলা দণ্ডাধীশ গৌৰৱ কুমাৰে সেই স্থানত উপস্থিত হৈ সমগ্ৰ অভিযানৰ তদাৰক কৰা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
 
চামোলী জিলা অত্যন্ত দুৰ্যোগ প্ৰৱণ অঞ্চল। যোৱা কিছু বছৰত জিলাখনত কেইবাটাও দুৰ্যোগৰ সৃষ্টি হৈছে। ৰেনী দুৰ্যোগ, যোশীমঠৰ ভূমিস্খলন, তামাকনলা দুৰ্যোগ আদি ঘটনাই ক্ৰমান্বয়ে চামোলীক এনে দুৰ্যোগৰ কেন্দ্ৰবিন্দু কৰি তুলিছে।
 
সূত্ৰই ইংগিত দিয়া মতে, মায়াপুৰ (পিপলকোটি)ত নির্মাণীয় THDC সুৰংগত পানী জমা হোৱা সন্দর্ভত বৃহস্পতিবাৰে সন্ধিয়া তথ্য লাভ কৰা হয়৷ প্ৰাথমিক খবৰ অনুসৰি সুৰংগটোৰ ভিতৰত ১৮ ৰ পৰা ১৯ জন শ্ৰমিক আছিল। এইচ চি চি কোম্পানীয়ে এই নিৰ্মাণ কাৰ্য চলাই আছে।
 
ঘটনাৰ খবৰ পোৱাৰ লগে লগে অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। এতিয়ালৈকে আঠাইশজন ব্যক্তিক উদ্ধাৰ কৰা হৈছে, আৰু বাকী শ্ৰমিকসকলক উদ্ধাৰৰ অভিযান অব্যাহত আছে। খবৰ অনুসৰি মুঠ ২২ জন লোক আবদ্ধ হৈ পৰে। এই পৰ্যন্ত ইয়াৰে ২০ জনক উদ্ধাৰ কৰাৰ বিপৰীতে ৬ জনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
 
বিষয়াসকলে কয় যে জিলা প্ৰশাসনে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰি আছে, আৰু সাহায্য আৰু উদ্ধাৰৰ বাবে সকলো প্ৰয়োজনীয় সম্পদ উক্ত স্থানত সংগঠিত কৰা হৈছে। পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।